কেনে বুদ্ধিমতী! ব্ৰ মৰম লগা ছোৱালীজনী। মোৰ এটা ঘৰ থকা হলে তাইক মাজে মাজে নি মোৰ লগত ৰাখিলো হয়, মফস্বলত কম দিন থাকিব লগীয়া হলেও কিজানি কে দিনমান আনি ৰাখিলো হয়। বাইদেউৰাই মাতিছে তেখেতসকলৰ তালৈ যাবলৈ, কিন্তু সময়কে কৰিব পৰা নাই। দেউতাৰাই মোক তোমাৰ বিষয়ে ছযাৰ এষাৰ কথা কৈছিল, মই অত্যন্ত আৱশ্যকীয়ত বাহিৰে বেছি উত্তৰ দিয়া নাছিলো। ‘আই-এ’ পাছ কৰায়ে কলেজ এৰুৱাব নে 'বি-এ’ও পঢ়ুৱাব সেইটোৱে প্ৰথমতে সুধিছিল। মই কি কৈছে৷ তুমি বুজিছাই। তাৰ পিছত লাহেকৈ কলে যে ক্ষিতীনৰ দেউতাকে হেনো কৈছে যে পুতেকে এতিয়া কামত নিগাজী হৈছে, বিয়া পাতিলে সোনকালে পতাই ভাল, কেবা ঠাইৰো পৰা হেনো নানাজনী পাত্ৰীৰ প্ৰস্তাৱ আহিছে। মোক পুধিলে—মোৰ কি মত। মই কলো যে সেই বিষয়ত আপোনালোকে যেনে ভাগ দেখে তেনে কৰাই ভাল। তোমাৰ পঢ়িবলৈ ইচ্ছা আছে বুলি কৰ মন গৈছিল, পিছত ওকালতি কৰা হয় বুলি নকলো। তোমাৰ মনৰ ভাব আদি কিবা মই বুজোনে সুধিলে, – সেইবোৰ বৰং আপোনাৰ ছোৱালীক সুধিব বুলি মই অলপ পাতলাবলৈ চেষ্টা কৰিছিলো। তোমাৰ দেউতাৰাই তিমানতে৷ সন্তুষ্ট নহৈ মোৰ বিষয়েও দুই-চাৰিটা প্ৰশ্ন সুধিলে। মোক নিচুকনি পুৰস্কাৰ দিবলৈ নে আন কিবা কাৰণভ সেইটো মই ধৰিব নোৱাৰিলো। এইবোৰ কথা বৰণ সলাই তোমাৰ কাণত কেতিয়াবা পৰে বুলিহে আগধৰি জনাই থলো। ক্ষিতীন 8
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪৪
অৱয়ব