শ্ৰদ্ধাৰ অঞ্জলি এফেৰিও লুকাই আছে। উঠিছে। ইয়াত ইমান মানুহৰ বাস, আজি সেয়ে যেন উজাৰ খাই কৰ্ম্মক্ষেত্ৰ, ইমানবোৰ অন্তৰৰ নিত্য-নৈমিত্তিক আলোড়ন, কিমান আশা-নিৰাশাৰ হেন্দোলনি! সকলো মানুহে পতা। এই সকলোলৈকে মোৰ অন্তৰে আজি বিদায়ৰ শেষ বাণী নিবেদন কৰিব খোজে। মই যোৱাও যেন এটা 'তাৰকাৰ আত্মহত্যা'। মই যেন এই জ্যোতিঃপুঞ্জৰে কোনোবা এডুখৰি অন্ধকাৰ ঠাই জুৰি আছিলো, আজি মোৰ সময় হৈ আহিল। মই ইয়াৰ পৰা ক্ষিপ্ত হৈ যাম, চিৰকাললৈ। কোনোবা অনন্তৰ মাজেদি গৈ ক'তবাত পৰিম গৈ। আৰু ঘূৰি নাহোঁ,— সাগৰত দলি এটা মৰাৰ দৰে। মই শুনাকৈহে টুপুককৈ উঠিব, তাৰ পিছত কোন দুৰ অনন্তত কোন অপৰিচিত বালিকণাৰে সৈতে মিহলি হৈ যাব। ময়ো তেনেকৈ সাগৰৰ নতুন তলি বিচাৰি ওলালো। যি সকল ৰোগীক ইমান দিনে লৰাচৰাকৈ আছিলো, যাৰ ওচৰলৈ যাবলৈ মাজে মাজে ঘৃণা, দ্বিধা আনকি সময়ত অনিচ্ছাও প্ৰকাশ কৰি- ছিলো আজি যেন সেই সকলে মোক টানকৈ ধৰিছে, স্নেহেৰে কৈছে “নাযাবা”। কবৰ মন যায়—আহোগৈ, মনে কয় “আৰু ঘূৰি নাহিব৷”। যি সকল সহকৰ্ম্মী, পৰিচাৰিকা, আনকি হাস্পাতালৰ কুলি মালী, সিহঁতেও মোৰ অন্তৰৰ ইমানখিনি ঠাই অধিকাৰ কৰি আছে এই কথা মই কেতিয়াও জনা নাছিলো, গমকে ধৰিব পৰা নাছিলো। ৰুগ্ন শিশুবোৰ, সিহঁতেও যেন মোৰ আগত আহি আজি আবেদন তুলি ধৰিছে—'আপুনি নাযাব'। যি সকলে মোৰ আগতে হাস্পাতালৰ বিছনাতে চিৰ নিদ্ৰাত চকু
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩৮
অৱয়ব