সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( X ) কলিকতা অলকা, আজি মোৰ পৰীক্ষা শেষ হল। বোধ হয় ইয়াতেই ছাত্ৰজীৱনৰো শেষ। জীৱনৰ শেষ বুলিলেও বোধ হয় বঢ়াই কোৱা নহয়৷ হামিয়ে হিকতিয়ে আগুৰি ধৰিছে। টোপনিয়ে চকু টানি নিয়ে, হাতৰ পৰা কলম স্থুলকি পৰিব খোজে। এনে এটা বিবশ অৱস্থাত তোমালৈ কিয় লিখিবলৈ লৈছো, এটা প্ৰশ্ন উঠিব পাৰে। অতি উজু কাম বুলিয়ে হাতত লৈছো। মাকৰ যেতিয়া টোপনি ধৰে, ল'ৰাটোক বুকত হেঁচা মাৰি লৈয়ে টোপনি যায়,—মুখ পিয়াহতে লাগক বা আন কৰবাতে লাগক, বুকু ঢকাই থাকক বা মুকলিয়ে থাকক। মাকৰ সহজ বিশ্বাস ল'ৰাই বিচাৰি লব, আৰু লয়ও। তুমিও জানা মোৰ ক'ত কি আছে,—সেয়ে চেষ্টা কৰি জনাবলৈ উদ্যোগ নাই। মই কালিলৈকে কিজানি ঘৰলৈ যাম, ইয়াত থাকি আৰু ভাল লগা নাই। কলিকতা চহৰখনৰ ওপৰত মোৰ অভিযোগেৰে ভৰাই দিব পাৰোঁ, কিন্তু লিখিবলৈ উৎসাহ নাই। যিমানে বেয়া নাপাওঁ, বদনাম নকৰোঁ,—মোৰ অন্তৰৰ কোনোবা এটা চুকত এই মহা নগৰীখনলৈ ৪১