সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( a ) কলিকতা অলকা, তুমি কলেজৰ ‘এট্‌মস্ফিয়াৰ ভাল পোৱা শুনি আনন্দ পালোঁ।নিশ্চয় তাৰ বা-বতাহত উদ্যম, উদগণি আৰু সজীৱতাৰ বীজ আছে।তুমি হেলাৰঙে প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলা, ম‍ই মোৰ শেষ পৰীক্ষাত কি কৰোঁ? পৰীক্ষা আহিলেই যেন বাঘটো আহে,— তাৰ ভাবটোও মোৰ মনত ভয়-লগা। মোৰ ভীতিবিহ্বল মনৰ এছোৱা জাপি দি তোমাৰ উদ্যমভৰা গজালি মনক দো খুৱাব নোখোজেঁ॥ মই ‘মেডিকেল-জুৰিশ্ৰু ডেন্সৰ' কেছ এটা তোমালৈ উদ্ধৃত কৰি আজিলৈ চিঠিখন কিজানি সামৰিম। ম‍ই যিটো ঘটনা কম সেইটো এটা আকস্মিক দুৰ্ঘটনা নে আত্মহত্যা তুমি কবাচোন।তোমালৈ চিঠি লিখিবলৈ ওলাই দেখোঁ যে মোৰ মহী-চুঙাত মহী তেনেই শুকাই গৈছে। ওচৰত এটা সৰু কাচৰ বোটল আছে তাতে সচৰাচৰ পানী থওঁ, তাৰে লেফাফা বন্ধ কৰে৷ আৰু মৈলামৰ চিহি শুকাই গলে তাতে অলপ পানী ঢালি মিহলাই লওঁ। আজি বোটলটো হাতত লৈয়ে দেখিলো তাৰ ভিতৰত এটা সৰুজাতৰ পঁইতাচোৰা মৰি আছে। পঁইতাচোৰাটো ডেকা যেন লাগিল। ই মৰাৰ কি কাৰণ?পানী খাবলৈ চিচাটোৰ ভিতৰলৈ সোমাই খোজ পিছলি পানীত পৰি ৩২