সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SMANMER ছোৱালীবোৰৰ ফুৰা-চকা বা খেল-ধেমালিৰ কেনে ব্যৱস্থা আছে ম‍ই নাজানো। ফাছি বজাৰৰ এইখিনিত নৈৰ পাৰৰ আলিতকৈ আন পিনেহে ফুৰিবলৈ বাট ভাল। ছোৱালীবোৰক ফুলনিত কাম কৰিবলৈ দিলে মোৰ মনেৰে ভাল হয়। কণ আশ্ৰমৰ কথা মনত পৰে। তোমালোকৰ ফুলনিত নিশ্চয় মালীয়ে পানী দিয়ে? নতুনকৈ ঘৰৰ পৰা বাহিৰলৈ আহিছা, চিঠিপত্ৰ অলপ ঘনাই ঘৰলৈ দি থাকিবা। মোৰ চিঠিবোৰ ইয়াৰ পিছত সংক্ষিপ্ত কৰিব লাগিব নেকি? দীঘলীয়া চিঠি দেখিলে তোমাৰ কোনোবা বান্ধৱীৰ জানোচা ঈৰ্ষাৰ কটাক্ষ পৰে, – তোমাক কিজানি পৰিহাস কৰে, তুমি কিজানি অশান্তি পোৱা? চিঠিবোৰ যদি নিলিখাকৈয়ে পঠিয়াব পৰা হল হয় আৰু কাকতত নেদেখাকৈয়ে পঢ়িব পৰা হল হয়! দিনৰ পোহৰ পৰি আহিল। সাঁজৰ চাকি জ্বলোৱাৰ আগতে আজিলৈ সামৰিলো। গধূলি পৰত শুক্লেশ্বৰৰ ঘাটৰ পৰা তাত নৈখন খুনীয় দেখি। মৰমেৰে। ইতি তোমাৰ— প্ৰকাশ