নিদৰ্শন। মানুহৰ ঘৰবোৰ যদিও অইন প্ৰণালীত গঠিত, তথাপি তাতো ৰাণীজনীৰ প্ৰভাৱ আৰু দায়িত্ব কম নহয় যেন লাগে।
আমাৰ গাওঁবোৰত প্ৰায়বোৰ মানুহে কাম কৰে, চহা বনুৱাবোৰে বিশেষকৈ। বেপাৰ সম্বন্ধে একো সুশৃঙ্খল ব্যৱস্থা নাই। সৰহভাগ বেপাৰ বিদেশীৰ হাতত, তাকো বেপাৰ বুলিব নোৱাৰা, ঠগিবৰ ফন্দি বুলিব পাৰা। শস্য পথাৰত থাকোঁতে বিদেশী বেপাৰীয়ে টকা লগাই যায়,—ধান হলে পতানৰ দামত, সৰিয়হ হলে জাবৰৰ দামত আৰু মৰা-পাট হলে খাগৰিৰ দামত আৰু দুখীয়া খেতিয়কে বতৰত সেই দামতে বেচে। সেয়ে ছমাহ খাবলৈ নোজোৰা হয়। নিজে শস্যখিনি বজাৰত নিবিকা হলে অন্ততঃ তিনিগুণ দাম পালে হয়। গাওঁৰ মুখিয়ালবোৰেও কামত সহায় নকৰে, দিহা পোহাও নিদিয়ে। তেওঁলোকো ধনীৰ ওচৰত বহুতে ধৰুৱা। আৰু এশ্ৰেণীৰ মানুহ আছে যিবোৰে হাল কোৰ নাপাৰে, কোনোৱে জাতিৰ দোহাই দি, কোনোৱে বংশৰ দোহাই দি-কোনোৱে গৰিষ্ঠতাৰ ভাও জুৰি। গাওঁত সৰহভাগ দন্দ-খৰিয়াল, মামলা-মোকদ্দমাৰ বাবে এওঁলোক দায়ী। এওঁলোকে দুপইচা ঘটে তেনেকৈ, আৰু অজলাবোৰক নি দুটা মিঠা কথা কৈ বিনা বানচে বায়ও। পৰিতাপৰ কথা,—হাল নোবোৱা কোৰ নপৰা মানুহবোৰ অসজ হলেও শ্ৰমিক আৰু বহুৱাবোৰতকৈ আমাৰ সমাজত সন্মানাস্পদ!
তুমি এইবোৰ কথাত ৰস পাবা নে নাই মই নাজানো,কিন্তু এইবোৰ মোৰ চকুত পৰিছে বুলিয়ে তোমাক জানাইছো।তোমাৰ মনত লগা বিষয়বোৰ তুমি মোলৈ লিখিবা বুলি আশ৷ কৰোঁ। তোমালোকৰ চিৰ
২১