এজনী ছোৱালী, ভবিষ্যতলৈ কাৰো ঘৰুণী হবা, কাৰো মাক হবা,কাকো বিৰক্ত হৈ গালি-শপনি দিবা,—তুমি যেন আমাৰ আইহঁতৰ নিচিনাই এজনী দায়িত্ব সম্পন্না মৰমিয়াল তিৰোতা হবা, তাকেহে মই দেখিছো। তুমিও কেতিয়াবা অভাৱত পৰিবা, তোমাৰো কেতিয়াবা অসুখ হব, ল'ৰা-ছোৱালীৰ নৰিয়াত কেতিয়া চিকিৎসক আহে আহে বুলি ব্যস্ত থাকিবা, কেতিয়াবা অতি সামান্য কথাতে ওচৰ চুবুৰীয়াৰ কটু আলোচনাৰ বিষয় হবা, অদোষত নিন্দা শুনিবা, সাধাৰণ কথাবোৰে জীৱন অসহ্য কৰি তুলিব,—এনে হেন লাগে। গাওঁবোৰত তিৰোতাৰ জীৱনত মই তাকেই দেখিছো। চহৰৰ তিৰোতাসকলতকৈ এওঁলোকে বহুত বেছি কাম কৰে, বহুত বেছি গৰিহনা পায় আৰু তেওঁলোকৰ মনুষ্যত্ত্বও বহুত সময়তে লাঞ্ছিত হয়।
আমাৰ পদুলিমুখৰ আমগছ এজোপাত মৌ-মাখিৰ বাহ। কিছুমান মৌ-মাখিয়ে সদায় অহা যোৱা কৰি আছে, আৰু কেনেকৈ আহে,——গুণ টনাৰ দৰে পোনাই আহে, পোনাই যায়, কতো পলম কৰিবলৈ এখন্তেকো যেন আহৰি নাই। এনে কৰ্ম্মতৎপৰতাত বিশেষ সন্তোষ পোৱা যায় নে,—মই ভাবোঁ কেতিয়াবা। সেই বাহৰ ভিতৰতে আৰু কেতবোৰ মৌমাখি আছে, সিহঁতে একোকে নকৰে। তুমি সেইবোৰৰ বিষয়ে জানা নে নাই মই কব নোৱাৰোঁ,—মতা মৌমাখিবোৰ সিহঁতৰ, মন যোগাবলৈ আৰু সিহঁতক একান্তভাৱে হাতৰ তলত ৰাখিবলৈ ৰাণীজনীয়ে ৰূপহী হয়। মতাবোৰ মতলীয়া ৰস সৃষ্টিত নহয়, জীৱ সৃষ্টিত। ইয়াৰ পিছতে সিহঁতৰ মৃত্যু। মৌ-বাহখনি শৃঙ্খলভাৰ এটা অপৰূপ
২০