( 8 ) ছিলঙ অলকা, কোৱাচোন, আজি তোমালৈ কি লিখিম। মোৰ চিঠিবোৰ মই নিজে পৰিশ্ৰম কৰি লিখিব লগীয়া হয় এইটো মই একেবেলিয়ে ভাল নাপাওঁ। চিঠি লিখা কামটো কেনে হলে মই ভাল পাওঁ জানা — মই যেনিবা জৰি এডালৰ এটা মূৰ মোৰ বুকত, নহলে ধৰা মূৰত লগাই নলোঁ,— সিটো মূৰ তুমি তুলি ললা, –তোমাৰ যতে ইচ্ছা তাতে লগাই লোৱা,—তোমাৰ কোমল স্পৰ্শখিনি মই তেতিয়াই ইয়াৰ পৰাই অনুভৱ কৰিলো আৰু মোৰ অন্তৰত বা মূৰত যি আছে তুমি তাৰ পৰাই পঢ়িলা আৰু তোমাৰ যি বক্তব্য আছে তুমি লোৱা জৰিডালৰ যোগেৰে মই বুজিলো। জৰিডাল থৈ দিয়া, এবাৰ হাঁহা, — অৱস্থাভেদে নহয় এটা হুমুনিয়াহ পেলোৱা। বিশ্বদৰবাৰত মোৰ এই প্ৰস্তাৱ। আজি মেঘে চাৰি পিনে বৰকৈ গাজিছে,—কেউপিনে ধুঁৱলি-কুঁৱলী হৈ আহিছে—মেঘবোৰৰ কুলিৰ কণিটোৰ নিচিনা বৰণ। মাজে মাজে বিজুলিৰ ছাটি। হঠাৎ মোৰ মনটো বেজাৰেৰে উপচি পৰিল। জগতৰ বান্ধ ছিঙি যাবলৈ যেন মোৰ মন ব্যগ্ৰ। যাওঁ গৈ?—নাযাওঁ। মই গলে তোমাক জীৱনত কোনে কষ্ট দিব? ১৫৩ তোমালৈ মোৰ সহানুভূতি
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪৭
অৱয়ব