সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(se) ছিলঙ অলকা, তুমি বোধ হয় মোৰ ওপৰত বৰ বিৰক্ত হৈছা, মোৰ চিঠিবোৰত ভাববোৰ মেঘেঢকা বুলি আৰোপ কৰিছা। মই স্পষ্টভাবৰ কেফাকিমান কবিতা তোমাক উপহাৰ দিওঁ— "প্ৰিয়তম যোৰ, দুয়ো যদি মিলি বিধাতাৰ স'তে মন্ত্ৰণা কৰি পাৰিলোহেঁতেন ৰচিব এখনি নতুন জগত কল্পনা ভৰি। নতুন জেউতি সাদৰে সাবটি কৰিলোহেঁতেন পুৰণা দূৰ; শান্তিৰ শীতল সমীৰে উলাহে বজালেহেঁতেন মুক্তিৰ সুৰ।” 180