- সজনে উলিয়ালে সেইটো যদিও নাজানো ) - "মোৰ কি হৈছে, মই নাজানো—দিনে নিশাই মোৰ এইখিনি হু হু কৈ পোৰে।”—এনে বুলি বুকুখনলৈ দেখুৱালে। বাইবেল-বৰ্ণিত ভগৱান নিজে অবিবাহিত, – তেওঁ তাৰ অসুখ ধৰিব নোৱাৰিলে। তেওঁ ভাবিলে যে এই খিনিতে অস্ত্ৰোপচাৰ কৰা উচিত। তেওঁৰ মৃহ চাৱনিটোকে anasthesia কৰি লাহেকৈ, (বোধ হয় নখেৰে) অপাৰেছন কৰিলে,—হাড় এডাল উলিয়াই পেলালে। ‘দুখতো নকমে, বেছিহে হল'—আডামে চিঞৰিবলৈ ধৰিলে। তাৰ তেজেৰে তিতা মাটিখিনি হাড়ত সানি লৈ ভগৱানে কলে—“আডামে যিহত শাস্তি পায়, তই সেয়ে হ।” হাড়ডাল গাভৰু ছোৱালীত ৰূপান্তৰিত হল। আদি মাতৃ ঈভৰ তেনেকৈয়ে জন্ম হল। আডামৰ বুকু ভাল হল। ঈভে দুয়োলৈকে চালে,—চাই বোধ হয় আডামক তেওঁৰ সমান-ধৰ্ম্ম দেখি তাৰ কাষতে বহিল। আডামৰ মুখত কথা আহিল। আডামে চাগৈ ভগৱানলৈ চাই কলে— “প্ৰভু, তই যাবি হে এতিয়া। ” ভগৱানৰ অলপ সময় বহাত আপত্তি নহল হয়, কিন্তু বেচেৰ৷ ভদ্ৰলোক, উঠিল। ভগৱানেও বোধ হয় এটা নতুন সত্য দেখিলে আৰু ঘৰ নোপোৱালৈকে কিজানি মনে মনে ভাবি গৈছিল—“মই একো ধৰিব পৰা নাই। মানুহক মোৰ আকৃতি দিয়ে । গঢ়িলো,কিন্তু আক্বতিছে এটা পালে, পূৰ্ণতা নাপালে।” ময়ো আজি ভাবিছো, — ময়ো সেই আডামৰে প্ৰতিকৃতি নেকি? নে চিম্পাঞ্জীৰ বংশধৰ? স্ত্ৰীহীন জীৱন এটা পৰিকল্পনা কৰিব নোৱাৰোঁ নেকি? মোৰ ঘৰৰ সমুখত ফুলি থকা ফুলবোৰলৈ চাওঁ। ইহঁতৰ ১২১
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২৩
অৱয়ব