ভগৱানৰ অলপ-অচৰশ বদনাম কৰিবলৈ দিবা )। নহলে বাইবেলত লিখাৰ দৰে, ভগৱানে পুৰুষৰ বুকুৰ হাড় এডাল উলিয়াই নি কিয় ভিৰোতাৰ সৃষ্টি কৰিলে? এইটো অৱশ্যে আডাম ইডেনত থাকোঁতে নে ভগৱানৰ কাৰখানা ঘৰত থাকোঁতে, সেইটো মই পাহৰিছো। যদি আডাম কাৰখানা ঘৰত আছিল, —মই তাৰ অৱস্থা প্ৰায় কল্পনাৰে ধৰিব পাৰিছো। সি বোধ হয় এবাৰ এইটো খিৰিকিৰে চায়, এবাৰ সিটোৰ জপনা মেলে, এবাৰ দুৱাৰ মুখত গৈ বাহিৰলৈ দুৱাৰ হেঁচে, অথবা এবাৰ আহি ঘৰৰ ভিতৰত শুদ৷ মজিয়াতে বাগৰি পৰে, নহলে খুটাত আউজি মূৰে কপালে হাত দি বহে। সি নিশ্চয় নাজানিছিল তাক কি লাগে। ভগৱানেও বোধ হয় মূৰত ভৰণ আদি দি চালে, তাত একো গুণ নোপোৱা দেখিহে এই “মেজৰ অপাৰ্ছেনটো” কৰিলে। আৰু যদি সেইটো নহয়—তাৰ আগতে আডামক ইডেন-ফুলনিত থৈ গৈছিল, তেনেহলে আডাম্বৰ অৱস্থা নিশ্চয় আৰু শোকাবহ হৈছিল। সি বোধ হয় তেতিয়া ৰঙা ফুলবোৰক জুই বুলি ভাবিছিল, বতাহত উৰি অহা ফুলৰ সুস্ৰাণক মদ বুলি ভাবিছিল, মলয় বতাহক প্ৰলয়ৰ আগ দ্ৰুত বুলি ধৰি লৈছিল। ভগৱানে তাক চাবলৈ অহাত সি বোধ হয় কান্দি তেওঁৰ চৰণ উটুৱাই দিছিল। ভগৱানে নিশ্চয় তাৰ তেল নিদিয়া ঠৰঙা চুলি কেইডাল মোহাৰি মোহাৰি কৈছিল— “কচোন, আডাম, তোৰ কি হৈছে ক? তই এই কেই দিনতে শুকাই আধাখিনি হলি, কচোন, তই কিয় কান্দিছ?” “প্ৰভু” – সি আৰম্ভ কৰিলে, ( অৱশ্যে) এই শব্দটো তেতিয়া সেই অৱস্থাত সি জানিছিল নে পিছত গোঁসাই ১২. - - -
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২২
অৱয়ব