সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

gmann বহুত বক্তৃতা দিলো, অকলশৰীয়া মনৰ ইও এটা forte. পৰীক্ষা দি উঠি তোমাৰ কেনে লাগিছে? অলপ শূইন শূইন যেন লাগে, নহয় নে? এই মুহূৰ্ত্তবোৰক ৰসাল কৰিবলৈ কেতিয়াবা টান পোৱা যায়। মোৰ নিজা অস্তিত্বটোকে কেদিনমানলৈ ৰাখিবলৈ মন নোহোৱা হৈছে। একে বেলিয়ে লোপ পাই যাব, সেইটোও বেছি ভাল নালাগে। 'তোমাৰ গাত আউজি কেদিনমানলৈ জিৰণি লব পৰা হলে ভাল আছিল। তুমি মন মাৰি নাথাকিবা দেই। যদি এতিয়াও পৃথিবীখন স্বাভাৱিক যেন পোৱা, ঘৰখন আগৰ ঘৰ যেন পোৱা, তেতিয়াহে জানিম যে শিক্ষাই তোমাৰ ওপৰত অযথা প্ৰভাৱ বিস্তাৰ কৰা নাই। আলেকজেণ্ডাৰে মাকক কি কৈছিল— “তোমাৰ এটুপি চকুলো মচিবলৈ মই জগতত কি কৰিব নোৱাৰে৷” নে কি? বুঢ়া হৈ আহিলো আৰু, কথা মনত নৰয়। ইতি ১১৪ তোমাৰ প্ৰকাশ