সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিকাই দিয়ে, ছোৱালী এজনীক হলে তোমালোকেও শিকাই দিবা হয়—কিন্তু সেই পৰিমাণ মৰম আৰু সহানুভূতি তোমালোকে নেদে --- খুওৱা। কিন্তু ল'ৰ৷ এটাক যদি শিকাই দিয়া তোমালোকে আমনি নোপোৱাকৈ বৰং হাঁহি মুখেৰে তাক দহবাৰ হলেও সহ্য কৰি শিকাই দিবা। শাহু বোৱাৰীয়েৰ ক্ষেত্ৰতো মোৰ এই কথাটোৰ প্ৰমাণ চাবা। জোৱায়েকক আনি দিয়া, তেওঁলোক ইমান শহুৰেকৰ লগত অসহিষ্ণু নহয়। শ্ৰীমতী অৰুণা কন্না। তেওঁৰ প্ৰতি ম‍ই মৰম দেখুৱাইছো, স্পষ্ট কথা কবলৈ গলে, মোৰ মন তোমাৰে ভৰি থকাত বহুত সময়ত মই কৰ্ত্তব্য আৰু আকৰ্ষণৰ অনুপাতে তেওঁৰ যত্ন লব পৰা নাছিলো। সেই সামান্য কথাষাৰকে তুমি বেয়া পাইছা। তেওঁৰ জীৱন তোমাৰ দৰে চিঠিত তেওঁৰ বিষয়ে তোমাক বহলাই লিখিম। তুমি সেই চিঠিখন নহয় নপঢ়াকৈয়ে ফালি পেলাবা। মূল্যৱান নহয় নে? ম‍ই পিছৰ তোমালৈ মোৰ মনটো অভিমানেৰে ভৰি থকা হলে আজি তোমালৈ চিঠিকে নিলিখিলোহেঁতেন। মোৰ মনৰ কথা আড়ম্বৰ নোহোৱাকৈ তোমাক জনাই যি ব্যথাভৰা শান্তি পাওঁ ই অকল তাৰেই নিদৰ্শন। তোমাক ক্ষমা ভিক্ষা কৰা মোৰ উদ্দেশ্য নহয়। মোৰ লগত তৰ্ক কৰা, গালি পাৰা, মই ভাল পাম- কিন্তু ভুলকৈ বুজা আৰু ঠেক দৃষ্টিৰে চোৱা এই দুয়োটাতে মই কষ্ট পাওঁ। তুমিও পোৱা। ভুল আমি কৰোঁ তাতে বুলি আমি বন্ধু বান্ধববোৰৰ পৰা আঁতৰি যাওঁ নে? মাকে পিয়াহ দিওঁতে ল'ৰাই কামুৰিলে মাকে শিশুক শুকাই মাৰে নে? ১১৩