পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ অন্তকালে বাপে তোৰ মতিহীন ভৈল। ভৰতক বুলিলা ব্ৰাহ্মণ মহামাত্ৰ। ধৰ্ম্মপাল নামে নৃপতিৰ পূৰ্ব্বপাত্ৰ॥ অনুশৌচ পৰিহৰা ভৰত কুমাৰ। ৰামে বনবাস দিয়া বাজা স্বৰ্গে গৈল॥ ২৩৫০ পাত্ৰ সবে আসি আমি আলোচিলো কাজ। কান্দিলে কি আসে আউব জনক তোমাৰ॥ ২৩৪৪ | সম্ভাৰ মিলাইলো আবে জান্তে লৈয়ো ৰাজ॥ স্বৰ্গে গৈলা দশৰথ বজা মহাজন। ক্ৰন্দন কৰিয়া তাঙ্ক পেলাইবাক নন॥ কান্দিলে বাহুড়ে নেবে মৰাৰ জীৱন। আজি কান্দি জীয়াইব সকলে বন্ধুজন॥ ২৩৪৫ শুনিয়া ভবতে পাছে তেজিলন্ত শ্বাস। অযোধ্যা পশিলা পাছে বাপৰ আবাস॥ শূন্য থান দেখিয়া সবাবে মন জীৰ্ণ। তৃণ শয্যা দোভায়ে কবিলা দশদিন॥ ২৩৪৬ দশ পিণ্ড দিলন্ত আৱৰ দশ কৰ্ম্ম। ত্ৰিদশা কবিলা যতেক কুল ধৰ্ম্ম॥ একদশা দোৱাদশা শ্ৰাদ্ধ নিবৰ্ত্তিল। নানাবিধ দান পাছে ব্ৰাহ্মণক দিল॥ ২৩৪৭ হাতী ঘোড়া ৰথ যত চতুৰ্দোল যান। দাসী দাস ৰূপা সোণা গৃহ বস্ত্ৰদান॥ তাম্বুল ভোজন মাল্য আৰো বৰবস্ত্ৰ। শয্যা ধেনু বৃষভ দিলন্ত বৰছত্ৰ॥ ২৩৪৮ ইসব পূৰ্ব্বকে যত বাপৰ উদ্দেশে। দিলা দান কৰ্ম্মকাণ্ড কৰিলা নিশেষে॥ ভৰতে বোলন্ত যেবে মই লৈবো ৰাজ। মইসে কৰিলো তেবে যতেক অকাজ॥ ২৩৫১ দেশে দেশে অখ্যাতি থাকিব ত্ৰিভুবনে। এতেক অকাজ ভৈল ভৰতব মনে॥ জ্যেষ্ঠ ভাই গুক সম তান মই ভৃত্য। চৰণত সেৱা কৰি থাকিবোহো নিত্য॥ ২৩৫২ আউৰ বাব হেন নিদিবাহা উপদেশ। সৈন্য সজায়োক বনে হৈবোহে৷ প্ৰবেশ॥ জ্যেষ্ঠ ভাইব বাজ্য মই কেনে কৰো ভোগ। বেদত শাস্ত্ৰত জ্যেষ্ঠৰেসে ৰাজযোগ॥ ২৩৫৩ কিমতে লঙ্ঘিবে৷ সিটো বেদৰ বচন। ৰামক আনিবে প্ৰতি চলি যাইবো বন॥ ৰামক আনিয়া ৰজা পাতিবে৷ ৰাজ্যত। মই প্ৰতিপালিবোহো পিতৃৰ শপত | ২৩৫৪ বাম বিনে ইটে৷ ৰাজ্য পালে কোনজনে। সিংহৰ কাৰ্য্যক মৃগে কবিব কমনে || নিষ্ঠে বোলো মোহোব ৰাজ্যত নাহি আশ। ৰামৰ বদলে খাটিবোহে৷ বনবাস॥ ২৩৫৫ শুনিয়ে৷ সুমন্ত্ৰ মোৰ বচন পালিয়ো। পন্থভাল কৰিবাক সৈন্য পাঞ্চি দিয়ো॥ শৃঙ্গবেৰপুৰ গুহ নৃপতিৰ পাট। গঙ্গা তীৰ সীমা কৰি চাঞ্চিয়োক বাট॥ ২৩৫৬ দীঘি সব নিৰ্ম্মল কৰোক থানে থানে। অসংখ্যাত ভাণ্ডাৰ চলায়ো বিদ্যমানে॥ ভোজন সম্ভাৰ চলায়োক বহুতৰ। সৈন্যৰ বিহাৰ সজায়োক বাসাঘৰ॥ ২৩৫৭ ৰামক ওলোতাই আনিবলৈ ভৰতৰ উদ্যোগ। ৰামায়ণ সৰ্ব্বকাৰ্য্য নিৱৰ্ত্তিলে বজনী পোহাইল। বৰ বৰ পাত্ৰ ভৰতৰ পাশে আইল॥ ২৩৪৯ শুনিলো ভৰত আমিসবৰ বচন। মন্যু পৰিহৰ সবে দেশ হৈবে ছন্ন॥