ৰামায়ণ মৰণ কালত ৰাম নেদেখিলো তোক। যম কৱলকে৷ গৈলে নেৰাইবোহে৷ শোক॥ শুনা বান্ধৈ কৌশল্যা নকৰ| হৃদিখেদ। তোমাৰ আমাৰ এবে ভৈল পৰিচ্ছেদ॥ ১১৮২ চৌধয় বৰিষ ৰামে বনবাস তবি। পুনৰপি আসিলন্ত অযোধ্যা নগৰী॥ স্বৰ্গ হন্তে যেহেন আসিব সুবৰাজে। লোকে বেঢ়িবেক যেন দেৱতা সমাজে॥ ২১৮৩ তাক দেখিবাক কপালত ভাগ্য নাই। পুত্ৰশোকে হেবা মোৰ প্ৰাণ ফুটি যায়॥ হা ৰাম বুলিয়া শয্যাত এৰি গাৱ। ভৈলন্ত নিচেষ্ট বাজা বিমোহিত ভাৱ॥ ২১৮৪ বনত যাইবাৰ ছয়দিন ভৈল কাল। মধ্যনিশা ভৈল মৰিলন্ত মহীপাল॥ কৌশল্যা দেখন্ত বাজা আশেষ বিলাপে। অচেতন দশবথ পুত্ৰৰ সন্তাপে। ২১৮৫ নাজানিলা নিৰ্যাণক ৰাঘৱব মাৰ। নজগায়৷ শুইলা শয্যাত এবি গাৰ॥ কৌশল্যা সুমিত্ৰা দেৱী আৰৰ কৈকেয়ী। ৰাজাক বেঢ়িয়া শুইলা সবে মহাদই॥ ২১৮৬ উই গোট মুখে যেন শুষিলা সাগৰ। কৈকেয়ীৰ কাজে মৰিলন্ত নৃপবৰ। ৰজাৰ মৃত্যুত মহাদই সকলৰ বিলাপ। প্ৰভাত সময়ে বাজি গৈল ঢোল, ঢাক। বন্দীগণে স্তুতি বোলে আসঙ্গি ৰাজাক॥ ২১৮৭ শব্দৰ ৰোলে সবলোক জাগি গৈল। নাৰীগণে আপোন নিয়োজ কৰ্ম্ম কৈল॥ স্ত্ৰীৰ আচাৰ যত কৰিলা সকল। সুৱৰ্ণ কুম্ভত কৰি আনিলেক জল॥ ২১৮৮ তিল, ফুল, গন্ধ, ধূপ, চন্দন মিলাইলা। স্নানৰ সমস্ত সাজনীয় আনি থইলা | নাৰীগণে বোলয় পীড়িল পুত্ৰশোকে। জগাইবাক লাগিলন্ত মহাদই লোকে॥ ২১৮৯ উঠা উঠা প্ৰভু আমাসাৰ নিজনাথ। সূৰ্য্যৰ উদয়ে তযু সন্ধ্যা হৈব পাত॥ আশেষ প্ৰকাৰে জগাৱন্ত নাৰীগণ। তথাপিতো নৃপতিব নভৈল চেতন॥ ২১৯০ শঙ্কা বৰ দেখিলন্ত স্বামীৰ জীৱন। চণ্ডবাৰে কাম্পে যেন কদলীব বন॥ কাষ চাপি গাৰব বস্ত্ৰক গুচাইলন্ত। মৃতক শবীৰ নৃপতিক দেখিলন্ত॥ ২১৯১ চাপৰি চাপবি কতো নাবীগণে চায়। গাৱত ধৰিয়া কতো স্বামীক জগায়॥ তবধ নয়নে দেখে হিম যেন গাৰ। জিহ্বা খান কুঞ্চিলা নাসাত নাহি বাৱ॥ ২১৯২ নিযাণ দশন পান্তি শুকাইল অধব। নিশ্চল চৰণ দুই নলবয় কব॥ স্বামীৰ মবণ দেখি ৰমণী সকলে। | বেঢ়িয়া কান্দিলা সবে হাকলে বিকলে॥ ২১৯৩ মহামৰ্ম্মে মূৰত চাপব মাবে টানি। কেশমণি ছিঙ্গে কতো হিয়ে মুঠি হানি। হা নাথ হা প্ৰভু হা মহাৰাজ। বেঢ়িয়া কান্দিল সবে সুন্দবী সমাজ॥ ২১৯৪ ৰোল শুনি কৌশল্যা সুমিত্ৰা পটেশ্বৰী। চমকি উঠিল৷ চকু তৰবৰ কৰি॥ কৌশল্যা বোলন্ত প্ৰভু কিনো পুণ্য কৈল। ৰাম ৰাম সুমবন্তে প্ৰাণ ছুটি গৈল॥ ২১৯৫ কিনো কৰ্ম্মে প্ৰভু এৰাইলন্ত পুত্ৰশোক। যমপুৰী গৈলা প্ৰভু হুমৰি ৰামক॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬০
অৱয়ব