পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HAN GJOK JAN অযোধ্যাকাণ্ড সববূক আসিলোহো মৃগক বধিতে। হাতে ধনু ধৰি লুকি দিয়৷ ভৈলো থিতে॥ জল কুম্ভ ভৰন্তে শুনিলো গজৰাৰ। শৰে হানি মাৰিলোহো অজ্ঞান স্বভাৰ॥ ২১৬৭ হেন শুনি অন্ধ দুয়ো বিমোহিত ভৈলা। বজ্ৰপাত ভৈলা যেন পৰি মূৰ্চ্ছা গৈলা। কিছুক্ষণে ঋষি পাছে চেতনক পায়া। ছাটি কৰি বুলিলন্ত মোক চায়া॥ ২১৬৮ হাওবে পাপীষ্ঠ আজি তোৰ মান সাৰো৷ সব ৰঘুবংশ নাশ কৰিবাক পাৰো॥ শাপিয়া দহিবে পাবে৷ দেৱাহুৰ নৰ। জ্ঞানত মাৰিলি হন্তে যাইবি যমঘৰ॥ ২১৬৯ জানিয়া মাৰিলি মোৰ তনয় তাপস। গৈল হন্তে নৰকে পুৰুষ চতুৰ্দ্দশ॥ আপুনি জানাইলি আসি হুয়া গৃহাগত। তোহোক মাৰিলে মোব কেমন মহত্ত্ব॥ ২১৭০ ভৈল আসি বেকত মোহোৰ কৰ্ম্মফল। দুইহান্তক পুত্ৰৰ পাশক লৈয়া চল। হেন শুনি মোৰ বৰ জন্মিল তবাস। লৈয়া গৈলে৷ দুহান্তকো মবা পুত্ৰপাশ॥ ২১৭১ দুই হান্তক নিয়া পাছে থাপিলে৷ তথাতে। দিলো নিয়া মবা পুত্ৰ দুইহান্তোৰ হাতে। দীৰ্ঘবাৱে কান্দি আসি হিয়াত ধৰিল৷ কোলে তুলি লৈয়া মুখে চুম্বন কৰিল। ২১৭২ মাৰে বুলিলন্ত পুতাই তেজিলিহি মোক। মৰিবাৰ দিনে দিলি নিদাৰুণ শোক।॥ মোক এৰি যাস বাছা নিকাৰুণ মনে। অন্ধ মাৰ বাপ তোৰ পুষিব কেমনে॥ ২১৭৩ হৰি হবি বাপ মোত কোপ পবিহৰা। পাছে এৰি যাইবি মোৰ গ্ৰীৱে চাপি ধৰা॥ ছট ফটাই মৰোহো তোহোৰ বাপ মাৱ। ক্ষণিতেক প্ৰাণ ধৰো মাথা তুলি চাৰ॥ ২১৭৪ চিৰকালে ঋষি পাছে ক্ৰন্দন ত্যঞ্জিল। | সৰযূত বুৰ দিয়া অঞ্জলি কৰিল। স্বৰ্গ হন্তে ৰথ তেতিক্ষণে নামি আইল। তাতে বসি ঋষিপুত্ৰে মাতক লগাইল॥ ২১৭৫ শুনিয়োক বাপ কুখীধৰ মোব আই। ইটে৷ ৰাজ কুমাৰৰ কিছু দোষ নাই॥ প্ৰাণ ৰাখি ইহাক দেশক পঠায়োক। মন্যু এৰি লিখিত কৰ্ম্মক চাহিয়োক॥ ২১৭৬ অবিলম্বে তোমাসাৰ হৈব সদগতি। মই চলি গৈলো হেবা পুৰী অম্ৰাৰতী॥ হেন বুলি ঋষিপুত্ৰ স্বৰ্গে চলি গৈল। দেখি দুইহান্তৰ পাছে বব শোক ভৈল॥ ২১৭৭ আগত থাকিলো মই পুষ্টাঞ্জলি ধৰি। বুলিলন্ত ঋষিয়ে নিষ্ঠুৰ মন কৰি॥ মহা শুদ্ধ বংশ তোৰ ভুৱনতে সাৰ। হেন ৰঘু বংশৰ অনাইলি খিলিঙ্কাব। ২১৭৮ পুত্ৰৰ শোকত আজি প্ৰাণক হুজাইব। অন্তকালে তোৰে৷ পুত্ৰশোকে প্ৰাণ যাইব॥ পূৰ্ব্বত আমাৰ হেন ঋষি শাপ ভৈল। দিন কতিপয়ে দুয়ো অন্ধ স্বৰ্গে গৈল॥ ২১৭৯ সেই ঋষি শাপে মোৰ মৰণ মিলিল। যমদূত দেখো মোৰ সন্নিত চাপিল। চক্ষুৱে নেদেখো মই নুশুনোহে৷ বোল। পুত্ৰ সুমৰন্তে ভৈল হৃদয় আন্দোল॥ ২১৮০ এবে যেবে ৰামে বাপ বুলিয়৷ মাতয়। স্নেহৰূপে আসি গ্ৰাৱে চাপিয়া ধৰয়॥ অমৃতক পীয়া যেন জীৱয় আতুৰ। তেবে প্ৰাণ ৰহে মোৰ নযাও যমপুৰ॥ ১১৮১