৪৮ ৰামায়ণ স্বামীৰ তুলত থিত সীতা বনবাসে। লক্ষ্মী দেবী ক্ৰীড়ন্ত যেহেন বিষ্ণুপাশে॥ ২১৩০ শ্ৰীৰাম লক্ষ্মণ দুয়ো দুইহন্তৰ হিত। দুইকো দুই ৰাখন্তে বনত ভৈলা থিত। মধুকয় ফল তিনি ভক্ষণ কৰন্ত। তিনিকো তিনিয়ো দেখি দুখ পাশৰন্ত॥ ২১৩১ বাপ মাৰ বন্ধুজন সবাকো পাসৰি। তিনি জনে বনত আছন্ত ক্ৰীড়া কবি॥ তাহান নিমিত্তে শোক দুখ পৰিহৰি। অবিকলে থাকিয়োক স্বামী সেৱা কৰি॥ ২১৩২ সুমন্ত্ৰৰ বাক্যে তান শবীৰ জুবাইল। সন্ধুকিয়৷ আগতে ৰজাক ভেট পাইল॥ কৌশল্যা বোলন্ত শুনা পৃথিবীৰ নাহা। মৰিবাৰ বেলা সত্য বোল হেৰাইলাহা॥ ২১৩৩ একশত অশ্বমেধ একভিতি কৰি। আউৰ দিকে সত্য দিয়া দুইকো তুলি ধবি॥ মহা যজ্ঞ শততো কৰিয়| সত্য বলে। হেন সত্য এৰিল৷ তোমাৰ দৈৱ ছলে॥ ২১৩৪ বাম অভিষেক লাগি সম্ভাৰ মিলাইলা। সকলোঁ লোকত হেন কাৰ্য্যক জনাইলা। গৰ্ভৰ পুত্ৰব ভৈলা এনুৰা নাদৰ। ৰাজ্য নেদি দিলা তুমি অৰণ্য সাগৰ॥ ২১৩৫ অজ্ঞানত বুবাইল৷ তোমাৰ নাহি লাজ। মোক হিংসি সাধিলাহ৷ কৈকেয়ীৰ কায॥ ৰামক দেখুৱা হেন আশে প্ৰাণ ধৰো। নুহি আজি আগতে কটাৰ হানি মৰো॥ ২১৩৬ সুমিত্ৰায়ে বোলন্ত কৌশল্যা শুনা ৰাই। হা ৰাম বোলন্তে ৰজাৰ প্ৰাণ যায়॥ ইটো দোষ পৰিহৰা স্বামীৰ সকল। মৰন্তাক মাৰিলে নাহিকে কিছু ফল॥ ২১৩৭ হাহাকাৰে কান্দে সবে শত্ৰু মিত্ৰবৰ্গ। জীৱন্ততে ৰামৰ নিলিল মহা স্বৰ্গ | কৰিয়ো শৰাব থিৰ মন্যু পৰিহৰি। সত্বৰে আসিবা ৰাম বনবাস তৰি॥ ২১২৩ বাজা বোলে হুমন্ত্ৰ বিকল কৰে গাৱ। আজি গৈয়া সত্বৰে ৰামক বাহুৰাৰ॥ যাহন্তে আসন্তে চিৰকাল দেখো তই। জান্টে নিয়ে৷ মোক তথা প্ৰাণ সঙ্কলয়॥ ২১২৪ যদিবা সুমন্ত্ৰ তোক কৰি আছে৷ হিত। এতিক্ষণে থৈয়ো নিয়৷ বামৰ সন্নিত॥ কণ্ঠাগত প্ৰাণ মোৰ প্ৰমাণক পাইল। হৃদয় লৰিল মোৰ জিহ্বায়ো শুকাইল॥ ২১২৫ সিংহবন্ধ স্কন্ধ ৰাম দীৰ্ঘবাহু দুই। দেৱাহুৰ মাজে যাক কেহো সম নুই॥ আয়ত নয়ন চন্দ্ৰ সমান বদন। পুত্ৰ নেদেখিলে যাইবো যমৰ সদন॥ ২১২৬ হা ৰাম লখাই সীতা জনকৰ জীৱ। পৰিত্ৰাণ কব মোৰ সঙ্কলয় জীৱ। আশেষ মিনতি কৰি মতিহীন ভৈলা। পুনৰপি ধৰণীত পৰি মূৰ্চ্ছা গৈলা॥ ২১২৭ স্বামীক দেখিলা যে ভূমিত পতন। কৌশল্যায়ে সুমিত্ৰায়ে বুলিলা বচন॥ আমাকে৷ বনত মন্ত্ৰী থৈয়া আস গৈয়া। গলে বান্ধি তিনিকো ধবিবে৷ কোলে লৈয়া॥২১২৮| শুনা বোলে মন্ত্ৰী মোৰ প্ৰাণখানি যাই। ঘোৰ বনে তিন জনে বন ফল খাই॥ কণ্টক ভাঙ্গিয়া ঘোৰ বনমধ্যে থিত। বাপৰ মাৱৰ শোকে অধীৰ চৰিত॥ ২১২৯ মন্ত্ৰীবোলে মাৰ শোক কৰা উপশাম। দেখিবাহা সত্বৰে লক্ষ্মণ সীতা ৰাম।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫৬
অৱয়ব