সমললৈ যাওক

পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অযোধ্যাকাণ্ড কিনো নিদাৰুণী তোব পাপৰ শৰীৰ। লক্ষ্মণ সীতাক কেনে পিন্ধাৱস চীব | ৰাঘৱে বোলন্ত বাপ তবু পাৱে ধৰো। একুটীব পুত্ৰ মই আইক পবিহৰো॥ ১৯৩১ মোহোৰ বিয়োগে আইব জীৱন সংশয়। হেন কাজ কৰা যেন তান প্ৰাণ ৰয়॥ পবিলা কৌশল্যা মাৰ শোকব সাগবে। ইহাৰ শৰীব ৰক্ষা কবা নিবন্তৰে॥ ১৯৩২, হেন শুনি নৃপতি বিহ্বল আতি ভৈলা। ভূমিত পৰিয়া তেতিক্ষণে মূৰ্চ্ছা গৈলা॥ কতোক্ষণে চেতন লভিয়া মহাৰায়। কৰিলা আদেশ ৰাজা হুমন্ত্ৰক চাই। ১৯৩৩ মোব বথখান আন শীঘ্ৰে ঘোড়া সাজি। ৰাম বনে যাহন্তে সাবথি হুয়ে৷ আজি॥ বাজাৰ আদেশ মন্ত্ৰী মাথে তুলি লৈয়া। সব সাজে বন্ধ সাজি আনিলন্ত গৈয়া॥ ১৯৩৪ ভণ্ডাবীক নৃপতিয়ে কৰিলা হাঙ্কাব। সীতাক দিয়োক বাজ যোগ অলঙ্কাব॥ বাজাব বচন মন্ত্ৰী শিৰোগতে লৈয়া। তেখনে আনিলা দিব্য অলঙ্কাৰ গৈয়া॥ ১৯৩৫ নৃপতি বোলন্ত কুল বোহাবী আমাৰ। পৰিছেদা দেখে৷ পিন্ধিয়োক অলঙ্কাব॥ তেতিক্ষণে সীতা বল্কলক তেজিলন্ত। ইনিম্মল বস্ত্ৰ পৰিধান কৰিলন্ত॥ ১৯৩৬ শাশু পাঞ্চশতে পিন্ধাইলন্ত অলঙ্কাব। নুকুট কুণ্ডল গ্ৰীৰে সাতেসবি হাব। নেপূৰ পগৰি আনো অলঙ্কাব যত। থানে থানে প্ৰতি প্ৰতি পিন্ধাইল৷ সমস্ত॥ ১৯৩৭ কঙ্কণ কুণ্ডল ৰত্নাঙ্গ,লি আবো কাঞ্চি। সমস্ত শৰীৰ অলঙ্কাৰে নিলা খাঞ্চি॥ « 99 মঙ্গল কবিলা ভালে জনকৰ জীৱে। গাৰ চালি কৌশল্যায়ো ধৰিলন্ত গ্ৰীৱে॥ ১৯৩৮ মাৰে জীৱে যেন ধৰিলন্ত গলে গলে। লোহো মলচিলা সীতা নেত্ৰৰ অঞ্চলে॥ মাথাত চুম্বন দিয়া ৰাগৰ জননী।

বোলন্ত শুনিৰো মাৱ জনক নন্দিনী॥ ১৯৩৯

নিৰ্গুণ স্বামী তোব দুৰ্গতি পতিত। আব মান নাসাধিয়৷ কৰিবাহ| হিত॥ সীতায়ে বোলন্ত যাৱ তেজা চিন্তা শোক। ইতৰ নাৰীৰ সম নেদেখিবা মোক॥ ১৯৪০ হস্বামী থাকন্তে শোভে সবে অলঙ্কাৰ। স্বামী হীন হৈলে হোৱে সবে ছাৰখাৰ॥ পৰিমিত ধন মাত্ৰ দেন্ত বাপ ভাই। পুত্ৰত থাকিলে ধন হাততো নাপাই॥ ১৯৪১ স্বামীৰ ধনক তখভোগে কবে দান। কোন নাবী কৰাৱে স্বামীক অপমান || কোকিল শোভন হোৱে সুশোভন বাৱে। নাবীগণ শোভে পতিৱত৷ ধৰ্ম্মভাৱে॥ ১৯৪২ । পুৰুষ শোভন গুণ সদাবিদ্যা ভাবে। তাপস শোভন হোৱে ক্ষমা অলঙ্কাবে॥ শুনিয়ো গোদানি বোলা সীতা পববাহ। জন্মে জন্মে বাম স্বামী তুমি হৈব৷ শাশু॥ ১৯৪৩ কৌশল্যা শুনিলা হেন বচন কুশল। হবিগ বিষাদে পবে নয়নৰ জল॥ বানব লগত ধৰি বুলিলা বিশেষ। সীতাক ৰাখিয়৷ যত্নে দিল। উপদেশ॥ ১৯৪৪ হুকুমাৰ বাপ মোব লক্ষ্মণ কুমাৰ। তাহাঙ্কো দেখিবা যেন নিজ কলেৱব॥ ৰাঘৱে বোলন্ত নাৰ তেজিয়োক চিন্তা। লক্ষ্মণ ডাহিন বাহু ছায়া মোৰ সীতা॥ ১৯৪৫