৩২ ৰাজাৰ চৰিত্ৰ দেখি ভৰতৰ মাৰ। চমৎকাৰ জ্বলিল কাম্পয় হাত পাৰ॥ বিবৰ্ণ বদন ভৈল নিশ্ৰীক কুচান্দ। অমৃত পানক যেন ৰাহুগ্ৰস্ত চান্দ॥ ১৯১৭ তোমাৰ উপৰি বংশ সগৰ আছিল। শুনি আছে৷ তেহো শ্ৰেষ্ঠ পুত্ৰক ত্যগিল॥ সেহি মতে ৰামক কৰিয়ো পৰিহাৰ। ৰামায়ণ ৰাজভোগ তেজি মই ভৈলোহে৷ নিৰাশ। সুখে থাক ৰাম সঙ্গে চলো বনবাস॥ ১৯২৪ ৰাঘৱে বোলন্ত পিতৃ চিত্ত কৰা থিৰ। বনবাস যোগ মোক দিয়ো আনি চীৰ। পুত্ৰৰ লগত বন যাইতে নোহে যোগ। ৷ বন্ধুজন পালিয়ো কৰিয়ো ৰাজ্য ভোগ॥ ১৯২৫ ! তাঙ্ক যোগ্য নুহিকে অযোধ্যা ৰাজভাৰ॥ ১৯১৮ ধিক তোক পাপিষ্ঠী বুলিলা মহাৰায়। লাজে শোকে থাকিল৷ ভূমিক লাগি চাই॥ হেন দেখি বুলিলন্ত বৃদ্ধ মহাপাত্ৰ। নামত সিদ্ধাৰ্থ তেহো চিৰকালি পাত্ৰ। ১৯১৯ আছিল৷ অসমঞ্জ শঙ্কটবব থলে। শিশু মাৰি পেলাৱয় সৰযুৰ জলে। শোকে বিনাৱয় প্ৰজা নৃপতিত কাজ। সিকাৰণে তেজিলা সগৰ মহাবাজ॥ ১৯২০ গুণৰ সাগৰ বাম সৰ্ব্বজন হিত। দেৱ দ্বিজ ভক্ত পিতৃ মাতৃত বিনীত॥ জল মল কুমুদ প্ৰকাশ শশধৰ। কোন দোষে শ্ৰীৰামক গুচাইবে ৰাজ্যৰ॥ ১৯২১। বাৰে বাৰে বোল তই ৰামক গুচিত। মই জানো তোক যেনে কৰিবে উচিত। সবৰাজে সাজিয়া ৰামৰ পাশে যাউক। কুকুৰ শৃগালে তোক লাৰি চাৰি খাউক॥ ১৯২২ ৰাজাৰ কুমাৰী ৰূপে আইলি ৰাক্ষসিনী। দশৰথ হেন স্বামী লৈলি নিকাৰুণী॥ মহাদই লোকে দেখি ক্ৰন্দন কৰিল॥ ১৯২৯ পৰম পাপিনী দেখিবাক নোহ যোগ৷ হা বিধি বুলি ৰোল উথলিল জাৰি। অচিকিৎস্য ব্যাধি ভৈলে যেন গৰ্ভৰোগ॥ ১৯২৩ সীতা গোসানীক লাগি নাহি পাট শাৰী॥ নৃপতি বোলন্ত শুন হাওৰে পাপিষ্ঠী। স্বামীৰ পাশত ধীৰে ধীৰে ভৈলা থিয়। ১৯২৮ শুনিয়োক প্ৰভুৰাম মোৰ নিজপতি। কেন মতে চীৰ পিন্ধো কহিয়ে৷ সম্প্ৰতি। হেন বুলি চীৰ নেত্ৰ উপৰে ধৰিল। ৰাজাবোলে পাপিষ্ঠী অখ্যাতি বৰ থৈলে। তোক দেখি পৰে যেন নৰকত দৃষ্টি॥ একে ৰামে বনে যাইতে বৰ মাগি লৈলে॥ ১৯৩০ শ্ৰীৰাম আদিব বাকলি বস্ত্ৰ ধাৰণ আৰু সকলোৰে প্ৰতি আশ্বাস বাক্য প্ৰদান। শুনিয়া কৈকেয়ী আতি সহৰিন মনে। তিনিকো বাকুলি বস্ত্ৰ দিলা তেতিখনে॥ লাজ এৰি বোলয় নিষ্ঠুৰ মন কৰি৷ চীৰ পিন্ধি চল ঝাণ্টে দেশ পৰিহৰি॥ ১৯২৬ ভৰতে আসিয়া লৌক এহি দণ্ডপাট। চৈধ্যয় বৰিয লাগি বনবাস খাট॥ দেৱাঙ্গ বস্ত্ৰক তেজিলন্ত তেতিক্ষণে। পিন্ধিলা বাকলি বস্ত্ৰ শ্ৰীৰাম লক্ষ্মণে॥ ১৯২৭ ৷ সীতাদেৰী গৈলন্ত গলত চীৰবাস। মৃগী যেন দেখিয় গলত লৈল পাশ॥ লাজে নমাইলন্ত মাথ জনকৰ জীৱ।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪০
অৱয়ব