( 59 ) উৰিল! ফৰিং উফৰা দি উফৰিল! তেনেই উচান কৰিলে! কুৰুকুলৰ জল-পিণ্ডৰ আশা গুচালে আজি! মৰচেৰেলা বিট- লিয়া! এতিয়া তোৰ প্ৰতিজ্ঞা ক’ত বল? অভিয়ে পাই তাৰ মান সাৰিলে আজি মুখামুখিকৈ চকু কাণৰ বিবাদ গুচালে। আজি কৰ্ণৰ গৰ্ব্বও খবৰ হল। এঃ! পলাই নোযোৱা হলে যে তেনেই সাং কৰিলে হেতেন! মতলীয়াৰ ওফাইদাং মৰা কুজত বাৰুকৈ কিল পৰিছে। লৰ মাৰোঁতে যে পাচলৈকে চাবলৈ সাহ নকৰিলে। এই হতশ্ৰী যোৱাহঁতৰ কথাতে দুৰ্য্যো- ধনে মৰ সাহকৈ যুদ্ধ পণ কৰিলে। হায়! হায়! আজি তাৰ কি গতি হব! উঃ! মোৰ পিঠিখন বৰকৈ বিষাইছে! এঃ! এইয়া আকৌ তেজ কৰপৰা পৰিছে? লৰ মাৰোঁতে উজতি খাই পৰিছিলোঁ, তাতে কৰবাত খুন্দা খালে। নে কি? [ মূৰত হাত ফুৰাই ] নহয়; কাঁড়ে বিন্ধিলে হবলা! ভালে- তোহে বিষত তধা-মধা খাই আছিলোঁ। কটা! ইয়াৰ শৰ- বোৰ এনে ঢোকা! গোবৰ অলপমানকে দি থওঁ এতিয়া নহলে তেজমুই লাগিব পাৰে। 'বাচাৰি' সেই চিপাহী দুটা । । j নোহোৱা হলে আমাৰ ফালে আজি পতংএ। বপুৰিহঁত জানিবা মোৰ নিমিত্তে ফৰিং হৈ জুইত জাহ দিলে! বাৰুকৈ আকৌ মই শকুনি দেখিহে। উঃ! এনে দুৰ্দ্ৰ্দান্ত লৰা! এনে সাহ! সি' কয়—“ককা! তাহানিৰ পাশা খেলাখন আজি ইয়াতে পতা- হওঁক; কি বোলে?” কিন্তু বাজি হলে অইন একো নাৰাখে॥ বাজি ৰাখিম মোৰ আৰু তোমাৰ মুৰ। একে পুত্ৰশোকে Q
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৮৯
অৱয়ব