সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৫৮ ) নকৰে। ক্ষন্তেক থাকি বালক নে ৰণ তকৈ প্ৰাচীন তাৰে প্ৰমাণ লওক। কৌশলত আপোনা- ম‍ই সেই ত্ৰিভুবন বিজয়ী, গাণ্ডীব-ধাৰী অৰ্জ্জুনৰ সন্তান। আহক বাক; এবাৰ ৱলৰ প্ৰমাণকে বুজা যাওক। [ যুদ্ধ আৰু দ্ৰোণ অচেতন ] অশ্বত্থমা—কি অভি! মোৰ আগতে ইমান বাহাদুৰী নে? বাৰু ক্ষন্তেক ৰ। তোৰ ইষ্ট-দেৱতাক মোৰ হাতত নিতান্তই তোৰ জীৱন যাব। [ যুদ্ধ আৰু অশ্বত্থমাৰ পলায়ন | স্মৰণ কৰ। চতুৰ্থ গৰ্ভাঙ্ক । ৰণ থলীৰ ভৰৰ পথাৰ। দুজন অচেতন চিপাহী আৰু শকুনি। শকুনি— ৰাম, ৰাম! আজি মোৰ পুনৰ্জ্জীৱন বুলিব লাগে। কোনোমতে কাণে-কাণ-মাৰিহে সাৰি আহিলোঁ? নহলে আজি হব লগাখিনি হইছিল। আও! ইমান যুজাৰু দেখিছে। কিন্তু ইয়াৰ নিচিনা পৰাক্ৰমী আৰু দেখা নাই। ঘোঁৰা, হাতী, সৈন্য, সেনাপতি কহনো মাৰিলে! কতনো ঘাইল কৰিলে, তাৰ অন্ত নাই। গোটেইখন শিমসু-ভুলা উৰা দি