এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪
অজামিল উপাখ্যান
শুনা সাৱধানে ইটো কথা ভাগৱত।
অজামিল উপাখ্যান কৰিবো বেকত॥
নিগদতি শুক শুনিওক নৃপবৰ।
যেন পাপে যিবা নৰ পাৱে অথন্তৰ॥
শুনা সাৱধানে ঘোৰ নৰকৰ স্থিতি।
ইহাক শুনিলে পায় পৰম তৃপিতি॥
ধৰ্ম্মসে কৰোক পাপ নকৰোক প্ৰাণী।
কৃষ্ণৰেসে আজ্ঞা ইটো চাৰি বেদ বাণী॥
সিজে মহা পাপ মাধৱৰ আজ্ঞাভঙ্গ।
ভূঞ্জাৱে যাতনা তাক যমে সেহি সঙ্গ॥
পৰ বিত পৰ পুত্ৰ ভাৰ্য্যা যিতো হৰে।
অন্তকালে কাল পাশে বান্ধি দুত ধৰে॥
দুতৰ মুৰ্ত্তিক দেখি কাম্পে সৰ্ব্ব গাৱে।
ক্ষুধায়ে পিয়াসে কৰে সিটো আৰ্ত্ত ৰাৱ॥
মহাপীড়া পায় মুৰ্চ্ছা যায় মন্দ ভাগী।
মৰি মৰি জীয়ে দুনা যাতনাক লাগি॥
ভাৰ্য্যা পুত্ৰ পত্নীমাৰে যিটো অহংকাৰী।
স্বামীক বঞ্চিয়া খায় যিটোদুষ্ট নাৰী॥
হাত গলে বান্ধি বিষ্টা মুত্ৰে মুখে ভৰি।
ভয়ঙ্কৰ ৰূপে দন্দে দুতে তাক ধৰি॥