পিম্পৰা গুছোৱা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
পিম্পৰা গুছোৱা
লেখক শ্ৰীমন্ত মাধৱদেৱ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
।।পিম্পৰা গুছোৱা নাট।।
।।শ্ৰীকৃষ্ণায় নমঃ।।
শ্লোক।।
কস্তং ৱাল ৱলানুজস্তমিহ কিং মন্মন্দিৰাশঙ্কয়া।
বুদ্ধস্তং নৱনীতকুম্ভবিৱৰে হস্তং কিমৰ্থং ন্যসঃ।।
কৰ্ত্তুং তত্ৰ পিপীলিকাপনয়নং সুপ্তাঃ কিমুদ্ধোধিতাঃ।
ৱালা বত্সগতিং বিৱেক্তুমিতি সংজল্পন্ হৰিং পাতু বাঃ।।
অপিচ।।
ৱদনে নৱনীতগন্ধ ৱাহং ৱচনে তস্কৰচাতুৰীধাৰীণ্ম।
নয়নে কুহকাশ্ৰমং শ্ৰয়েহহং চৰণে কোমলন্তণ্ডৱং কুমাৰম্।।

(শ্লোকৰ অৰ্থঃ কস্তং.........কুমাৰম্। মোৰ ঘৰত তুমি কোন ? মই বলৰামৰ সৰু ভাই। তুমি ইয়াত কিয়? মোৰ ঘৰ বুলি শঙ্কা কৰি ইয়াত সোমালোঁ। লৱণু কলহত কিয় হাত দি আছা? পৰুৱাবোৰ গুচাবৰ কাৰণে। জানিলোঁ বাৰু। শুই থকা ল'ৰাটোক কিয় জগালা? মোৰ দামুৰি ক'লৈ গ'ল তাক জানিবলৈ। গোপীৰ প্ৰশ্নত এনেকৈ উত্তৰ দিয়া হৰিয়ে তোমালোকক ৰক্ষা কৰক। আৰু যি জনাৰ মুখমণ্ডলত লৱণু গন্ধ, কথাত চতুৰালিৰ চিন, চকুত ছলনাৰ ভাৱ, চৰণত নৃত্য ঝঙ্কাৰ, সেই কুমা শ্ৰীকৃষ্ণই আমাৰ আশ্ৰয়ৰ থল।)

।।গীত, ৰাগ শ্ৰীগান্ধাৰ-পৰিতাল।।
ধ্ৰং।।
মোৰ ঘৰে কোন তুমি বোলয়ে গোৱালী।
বলাইৰ কনিষ্ঠ মঞি বোলে বনমালী।।
  • কথা।।গোপীবোল।। আহে বালক হামাৰ মন্দিৰে তোহো কে?
  • কথা।। কৃষ্ণ বোল।। আঃ হামাক নাহি চিনহ? হামো বলাইক কনিষ্ঠ ভাই।
পদ।।
গোপী বোলে এথা তুমি আইলা কি কাৰণে।
মোৰ ঘৰ বুলি আইলোঁ বোলে নাৰায়ণে।।
  • কথা।। গোপীবোল।। আহে তোহো বলাইক কনিষ্ঠ! আঃ জানলোঁ জানলোঁ। কি নিমিত্তে এথা আৱলি থিক।
  • কথা।।কৃষ্ণবোল আহে গোপী! হামু হামাৰ মন্দিৰ বুলি আৱলোঁ। পন্থ বিছোড়লোঁ।
পদ।।
জানিলোঁ আসিলা তুমি ঘৰ নজানিয়া।
লৱণু কলসে কেনে আছা হাত দিয়া।।
  • কথা।। গোপীবোল।। হে কৃষ্ণ! তোহো ঘৰ নাহি জানি আৱলি, ইহাত কোন দোষ নাহি। হামাৰ লৱণু কলসী ভিতৰে কৈছন হস্ত নিৱেশিয়ে থিক?
  • কথা।। কৃষ্ণ বোল।। আঃ হামাক পৰম দোষ পাৱল। ওহি পিপীলিকা সৱ লৱণু নাশ কয়ল। ইহাত দূৰ কৰিতে হাতি দিয়া আছি।
পদগীত।।
হৰি বোলে গোপী বড় দোষ পাইলি বাছি।
পিম্পৰা গুচাইবে লাগি হাত দিয়া আছি।।
গোপী বোলে উপকৰা কৰি আছা ভাল।
কিসক জগাইলা মোৰ নিদ্ৰাৰ ছৱাল।।
  • কথা।। গোপী বোল।। হে কানাই! তোহো হামাক ভল্ল উপকাৰ কয়ল, আ; নিদ্ৰাক বালক কি নিমিত্ত জগাৱল।
  • কথা ।। শ্ৰীকৃষ্ণ বোল।। হে গোৱালী! ওহি বালক সমে ধেনু ৰাখলোঁ, হামাৰ এক বাচৰু নাহি পাৱত। তাহেক পুহিতে ওহি বালক জগাৱলোঁ।
পদগীত।।
কানু বোলে বত্স মঞি ধুজিয়া নপাইলোঁ।
তাৰে পুছিবাৰে লাগি ছৱাল জগাইলোঁ।।
গোপী বোলে শুন অবে টেণ্টন কানাই।
তোহাৰ মুখত কেনে লৱণু গন্ধাই।।
  • কথা।। গোপীবোল।। আহে কানাই! তোহো বড়ি নাগৰ হামাৰ সৱ লৱণু খাই অৱ ঝুণ্টা বাত কহইছ। যৱ তোহো লৱণু নাহি খাৱল তৱ বচন বোলিতে তোহাৰি বদন হন্তে কৈছে লৱণু কে পুছত, কাইবাক নপাই তোহাৰি গৃহে চুৰি কয়ে লৱণু খাৱলোঁ।
পদ গীত।।
কানু বোলে শুন অৰে গোপী নিদাৰুণী।
তোহাৰ মুখত গন্ধ তইসে চুৰণী।।
এবোল শুনিয়া গোপী নপাইল উত্তৰ।
মিছা মাতি গোপীৰে ভাণ্ডিলা দামোদৰ।।
সকল কলাৰ গুৰু প্ৰভু নাৰায়ণ।
গোপীৰে ভাণ্ডিবা তুমি এ কোন যতন।।
কহয় মাধৱ হৰি শৰণ তোমাৰ।
মিছা মাতিবাৰে প্ৰভু কেমন ব্যৱহাৰ।।
  • সূত্ৰ।। আহে সামাজিকলোক! শ্ৰীকৃষ্ণক ঐচন বাণী শুনি গোপী উত্তৰ নাহি পাৱল। পৰম লজ্জিত হোই পুনু শ্ৰীকৃষ্ণক যে বোলল, তা শুনহ।
  • কথা।। গোপীবোল।। আহে কানাই! তোহাক হামু উত্তৰে নাহি পাৰলো। আজু তোহাৰি মাৱক আগু সৱ কহিয়ে হামো তোহাক যে জানো তা কৰব।
  • সূত্ৰ।। ওহি বুলি গোপী পাৰাক গোপীসৱক ডাকিয়ে এক থান হুয়া সৱহি গিয়া যশোদাক আগু যাই কহল, তা দেখহ।
  • কথা।। গোপী বোল।। হে মাই যশোদে! তোহাৰি বালক কানাই হামাক যে অপকাৰ কৰত তা শুনহ।

হামাৰ গৃহে দধি দুগ্ধ লৱণু ৰহয়ে নাহি। শ্ৰীকৃষ্ণক বানৰ সহিতে সৱ নাশকয়ল।

  • কথা।। অপৰ গোপী বোল।। হে মাই! ওহি কৃষ্ণক কথা কত কহ'ব! হামাৰ সঞ্চিত লৱণু চুৰি কৰি খাই জোখাক ভাণ্ড ভাগি পেহ্লাৱল।
  • কথা।।অপৰ গোপী বোল।। হে মাই! ওহি কানাইক হামো চোৰ ধৰলোঁ। হামাক ভাণ্ডিয়ে বহুত উত্তৰ দেলহ। হামাক যে যে বোলল, সে কথা কহিতে হামাৰসে লাজ। ওহি কানাইক কথা হামো কত কহ'ব। কৃষ্ণক নিমিত্তে হামো সৱ ৰহয়ে নাহি পাৰি।
  • কথা।। যশোদা বোল।। হে বালক যাদৱ! তোহো গোৱালক পাৰা কতিহো যাৱবি নাহি। তোহাৰি অপযশ হামো কত সহ'ব। হামো যে কহি তা শুনহ।
গীত, ৰাগ শ্ৰী-পৰিতাল।।
ধ্ৰুং।।
যাদবহ্ল নযায়ো নযায়ো তুমি গোৱালীৰ পাড়া।
কতনো সহিব মঞি তোমাৰ ঝগড়া।।
পদ।।
কেহো বোলে চুৰি কৰি খাইলে লৱনী।
সৱ দধি দুগ্ধ কাইলে বোলে কেহোজনী।।
কেহো বোলে ভাংগিলে জোকাৰ মেৰি ভাণ্ড।
এমন বয়সে তুমি এতমান চাণ্ড।।
মোহোৰ ঘৰৰ দুধে মন দেওঁ যদি।
প্ৰতিদিনে দিনে বোৱাইৱাক পাৰো নদী।।
তথাপি নোযোড়ে হৰি খাইবাৰ তোমাৰে।
চুৰি কৰিবাৰে যাৱ পাৰাৰ ঘৰে ঘৰে।।
নানান সুৰস কৰি নানান বাখৰে।
যতন কৰিয়া সাঞ্চো খাইবাক তোমাৰে।।
যত পাৱ মানে খাৱ পেট ভৰি ভৰি।
দুঃখীৰ ছাৱলা যেন ফুৰা চুৰি কৰি।।
আৰ যদি যাৱ তুমি গোৱালৰ বাড়ী।
এমনে মাৰিবো যেন গাৱে ৰহে খাড়ী।।
কহয় মাধৱ মাই গালি পাৰা কাৰে।
ওহিতো নিয়ন্তা হৰি আতমা সৱাৰে।।
  • কথা।। যশোদা বোল।। হে পুতা! তোহাৰি বাপ নন্দ সৱ গোৱালক ৰাজা হামো তাহেক পত্নী। হামাক উদৰে জনমি তোহো ঐচন দুৰ্যন ভেলি। হামাক গৃহে দধি নাহি, দুগ্ধ নাহি, লৱণু নাহি, সন্দেশ নাহি কোন বস্তু নাহি থিক, তোহাক হামো কি খাইতে নাহি দেসি। তোহো কি ভোজন নাহি কৰত। কাংগালক ছাৱাল যৈছন তোহো বেড়াৱঁ। আজু তোহাক হামু শিখা দেৱৰ গোৱালক পাড়া য়ৈছন নাহি যাৱ।
  • সংগীবোল।। হে মাই যশোদা! তোহো কাহেক ঐচন গাৰি দেসি। তোহো কাহেক ঐচন গাৰি দেসি। ওহি জগতক আতমা। ব্ৰহ্মা ৰুদ্ৰাদি দেৱতা সৱো যাহেৰ আজ্ঞাবাণী পৰম সাদৰে বহত, তাহেক তোহো নিয়ম কৰিতে চাৱ, মাই উচিত নহে।
  • কথা।। শ্ৰীকৃষ্ণ বোল।। হে মাই ! তোহো কতিহো গাৰি নাহি দেৱব। তোহো বাৰম্বাৰ যত অপমান দিয়া আছ, তাহেক হামো সহইছি। অৱ বচনেক বুলি তা শুনহ।
গীত, ৰাগ ভাটীয়ালী-একতালি।।
ধ্ৰুং।।
আগো মাই গালি তুমি নপাৰিয়ো কাৰে।
যত অপমান মোৰে দিয়া আছা বাৰে বাৰে
ভালে আমি সৈয়া আছো তাৰে।।
পদ।।
কোন চাৰ পুৰাতন         সে কৰা দুইৰ ধন
কলসী ভাংগলো দেখি ৰাগে।
সৈবাক নৰৈল মোৰ        যেন পায়া খণ্ট চোৰ
বান্ধিলা গৰুৰু লৈয়া পাঘে।।
ওহি অপৰাধ খানি        নসৈলা নন্দেৰ ৰাণী
আৱৰ সহিবা তুমি কি।
তোহ্মাৰ লক্ষণ দেখি        জগতে জানিলে তুমি
যেন বড় মানুষৰ জী।।
তপ যপ যজ্ঞ যত        নাহি দান পুণ্য ব্ৰত
আছিলা জনম আণ্ঠুকুৰি।
আমি পুত্ৰ হুয়া আসি        সে দোষ কৰিলো দূৰ
আৱে তোহ্মাৰ আমাতে চাতুৰী।।
আতি নিদাৰুণী জানি        যুৱা কালে নুপজিলো
বৃদ্ধ কালে পুত্ৰ ভৈলো এথা।
সামান্য নাৰীয়ো জানে        বৃদ্ধা হুয়া নজানিলা
আপোন পুত্ৰৰ দায়া বেথা।।
জগত ঢাকিয়া ঘোৰ        দুৰ্যশ ৰাখিলা মোৰ
নকৈলা আহ্মাৰ কোন কাম।
যত উপকৰা গুণ        সকলে ঢাকিয়া দিলা
আহ্মাৰ লৱণু চোৰা নাম।।
ৰাজাৰ কুমাৰ হয়া        গৰু চাৰি ভাত খাওঁ
দুৰ্গম সঙ্কটময় বনে।
তথাপিতো আমি ভাল        বোলাইবাক নপাৰিলো
আৰ ভাল বোলাইবে কমনে।।
সহিয়া থাকিলে ভাল        সকলে জগতে বোলে
উচিত বুলিতে লাগে দ্বন্দ।
যত অপমান দুঃখ        সকলে সহিয়া থাকি
তথাপি আমিসে ভৈলো মন্দ।।
অপমান সহিবাকঃ        নপাৰি পলায়া জাইবোঁ
কংসেৰ নগৰী মধুপুৰি।
আহ্মাক নপায়া লাগ        কান্দিয়া মৰিবা পাছে
সকল ভাৱনা হৈব চুৰি।।
যাহাৰ মায়াৰ অন্ত        ব্ৰহ্মা হৰে নপাৱন্ত
হেন হৰি চাতুৰি খেলায়।
কহয় মাধৱ প্ৰভু        আৰ কিছু নুবুলিয়ো
তোহ্মাৰ জননী দুঃখ পায়।।
  • কথা।। কৃষ্ণ বোল।. হে মাই তুহো বিস্তৰ নাহি বোলবঃ হামু তোহাৰি ভৰ্চ্চনি সহব নাহিঃ কোন চাৰ পুৰাতন কলস ভাংগলঃ কাড়া দুইক ধন হানি কয়লঃ তাহেক গাৱে নাহি সহলঃ আৰ কি সহবঃ আৰ কি সহবঃ তোহাৰি ভাৱ দেখি সোৱলোকে জানলঃ তুহু যৈচন বড় মানুসক জী।। আঃ হে' মাই তুহু জনম আণ্ঠকুৰি ৰহয়ে ঠিকঃ হামু পুত্ৰ হুয়া সে দোষ দূৰ কয়লঃ অৱ হামাকু আগু চাতুৰি লগাৱল।। আঃ কি দাৰুণ হৃদয়=আপুনি পুত্ৰক দায়া নাহি জানতঃ জগত ঢাকিয়ে লৱণু চোৰা নাম দেলহঃ আৰ হামাক কৰিতে কি ৰহল।। অৱ অপমান সহিবাক নপাৰি মধুপুৰী পলাৱবঃ তোহাৰি ভাৱনা চূৰ কৰবঃ হামু নপাই পাছু কান্দি মৰব।।
  • সংগীবোল।। হে পৰমেশ্বৰঃ আৱৰ কিছু নাহি বোলবঃ তোহাৰি জননী দুঃখ পায়।। তোহাৰি মায়াৰ অন্ত ব্ৰহ্মাদি দেৱতাসৱো নাহি পাৱতঃ সামান্যক কি কহব।। হে পৰমেশ্বৰঃ তোহাৰি অভয় চৰণে কৌটি পৰণাম কৰোহোঁ।।
  • সূত্ৰ।। হে সামাজিকঃ পৰম ঈশ্বৰ শ্ৰীকৃ,্ণ কৃপালু গুণে অৱতৰি নানা বিনোদ কয়লঃ ইহাৰ শ্ৰৱণ কীৰ্ত্তন কৰি সুখে সংসাৰ তৰবঃ জানি কৃষ্ণ চৰণে শৰণ সাৰ কয় নিৰন্তৰে হৰিবোল হৰিবোল।।
ইতি।। পিম্পৰা গুছোয়া ঝুমুৰা সমাপ্তং।।