চোৰধৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
চোৰধৰা
লেখক শ্ৰীমন্ত মাধৱদেৱ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
।।চোৰধৰা নাট।।
।।শ্ৰীকৃষ্ণায়ে নমঃ।।
শ্লোক।।
যো লোক ভাৰ হৰণায় চক্ৰী
চক্ৰেহৱতাৰং বসুদেৱগেহে।
গোপীজনানন্দকৰো মুকুন্দওঃ
পায়াত্ সৱো যাদৱাৰাজসিংহ।।

(যি জনাই সংসাৰৰ ভাৰ হৰণ কৰিবলৈ বসুদেৱৰ গৃহত আৰ্বিভাৱ হৈছিল, যি জনা গোপীসকলৰ আনন্দকাৰী; যি জনা মুক্তিদাতা, সেইজনা যাদৱবংশৰ সিংহতুল্য মহাপৰাক্ৰমী শ্ৰীকৃষ্ণই তোমালোকক ৰক্ষা কৰক।)

  • সূত্ৰ।। আহে সামাজিক লোক! যো চৰাচৰ গুৰু নাৰায়ণ গোপীজন মধ্যে চোৰ চাতুৰী নানা ৰস খেলান কয়ে কহো, গোপীসৱক মনোৰথ পুৰিয়ে যৈছন ক্ৰীড়া কয়ল, তা দেখহ শুনহ, নিৰন্তৰে হৰিবোল হৰিবোল।
গীত।। ৰাগ-বসন্ত।। তাল-যতি।।
ধ্ৰুং।।
দেখত ৰে হৰি গোপিনী মেলা।
কৰত চোৰ চাতুৰী ৰস খেলা।।
পদ।।
পৰমানন্দ লীলা পৰকাশী।
বহু ৰসে ৰঞ্জল গোকুলবাসী।।
সৱ ৰস সাগৰ নন্দকু লাল।
কহয় মাধৱ গতি মুকুতি গোপাল।।
  • সুত্ৰ।। আহে সামাজিক লোক! এক দিৱসে গোপীক শূন্য় গৃহ পেখিয়ে শ্ৰীকৃষ্ণ লৱণু চোৰ কৰিতে পৈশল। তথি গোপী বাহু মেলি দ্বাৰ বন্ধ কয়ে কহো পাৰাক গোপীসৱ সহিতে শ্ৰীকৃষ্ণক যৈচে চোৰ ধৰল, তা দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল।
গীত।। ৰাগ-আশোৱাৰী।। তাল-যতি।।
ধ্ৰুং।।
আজু কাহা যাচি বোলয়ে গোৱালী।
পেখিয়ে আখি তৰল বনমালী।।
পদ।।
দ্বাৰ বেঢ়ল গোপী বাহু প্ৰসাৰি।
লৱণু চোৰ কৈছে কৰসি মুৰাৰি।।
  • কথা-গোপীবোল।। আহে কানাই। তুহু লৱণু চোৰ কৰিয়ে বাৰম্বাৰ হামাক ভাণ্ডিয়ে যাসি, আজু কাহা যাৱব। ৰহ ৰহ হামাক হাতে পড়লি, তোহাৰি ভাৱনা চুৰ কৰব।
পদ গীত।।
ঘৰ মহ চোৰ গোৱাৰী ঘন ডাকে।
পাৰাক গোৱালী আৱল সৱ জাকে।।
  • কথা-গোপীবোল।। আহে সখি গোৱালীসৱ! হামাৰ মন্দিৰে চোৰ পশিয়ে থিক। হামু দ্বাৰ বন্ধ কয়ে ৰাখইছি। তোহো সৱ সত্বৰে আৱ; হামাকু মাৰিয়ে চোৰ পলাৱব।
  • কথা-গোৱালীসৱ বোল।। হে সখি! তোহো দ্বাৰ নাহি ছোৰবি, হামুসৱ আৱসি।
পদ গীত।।
ধৰল সৱহি মিলি হৰিক চোৰ।
মাধৱ কহু গতি গোৱিন্দ মোৰ।।
  • সূত্ৰ।। তদন্তৰে শ্ৰীকৃষ্ণ লৱণু চোৰ পড়ল দেখিয়ে, গোপীসৱক ৰাজমাৰগে আনিয়ে চাতুৰী কয়ে যৈছে গোপীসৱক ভঙ্গ কৰাৱল, তাহে দেখহ শুনহ।
  • কথা-শ্ৰীকৃষ্ণবোল।। আহে সখিসৱ! শ্ৰীদাম, সুদাম, বিশাল ঋষভ, স্তোককৃষ্ণ, সুবল, অৰ্জুন, তোহোসৱ সত্বৰে আৱ। হামাক একেশ্বৰ দেখিয়ে চোৰ বোলিয়ে বহুত ঝুণ্টা ঝগড়া কৰইছে।
  • কথা-শিশুসৱবোল।। আহে গোৱালীসৱ! হামাৰ স্বামী শ্ৰীকৃষ্ণক কৈছে কলঙ্ক দেসি। তোৰা সৱক হামো ছাড়বো নাহি।
  • কথা-শ্ৰীকৃষ্ণবোল।। আহে গোৱালীসৱ! হামু বালক সৱ সহিত ৰাজমাৰগ মহ খেলাইতে থিক। তোহোসৱ হামাক কলঙ্ক দেৱসি।
গীত।। ৰাগ-বেলোৱাৰ।। মান-একতাল।।
ধ্ৰুং।।
গোৱাৰিণী কৈছন কলঙ্ক হামাৰি।
ৰাজমাৰগ মহ, ফিৰত বালকসৱ, কাহেক চোৰ গঁৱাৰি।।
পদ।।
আঞ্চোৰে ধৰি হৰি, আৱ আৱ বুলি, টানত বাৰহি বাৰা।
মাৱক আগু আজু, নিয়া ভেটব, বুঝতোহো বাত হামাৰ।।
  • কথা-শ্ৰীকৃষ্ণ বোল।। আহে ঢাণ্ডি গোৱালীসৱ! হামাক কলঙ্ক দিয়ে তোহোসৱ কি এড়াইতে চাৱ। তোৰাসৱক আজু মাৱক আগু নিয়া ভেটব। হামাক বাত বুঝব।
পদগীত।।
হামাকু চোৰ বোলসি তোহো ঢাণ্ডী
আপুনিহি দধি দুগ্ধ খাই।
গোৱাৰী ছোড়য় যৱ, হৰি ছোড়য়ে নাহি,
মাধৱ এহু ৰস গায়।।
  • কথা-শ্ৰীকৃষ্ণ বোল।। আহে গোৱাৰীসৱ! আপুনহি দধি দুগ্ধ খাই হামাক কলঙ্ক দেসি। তোৰাসৱক হামু ছাড়বো নাহি।
  • কথা-গোপীসৱ বোল।। আহে কানাই! তোহাক হামু চোৰ নাহি বুলিয়ে। তোহো আপুন গৃহে যাৱ। তোহাক হামোসৱ ছাড়লোঁ।
  • কথা-কৃষ্ণ বোল।। আহে ঢাণ্ডী গোৱালীসৱ! তোহো যৱ ছোড়হ, হামো তোহাক নাহি ছাড়ব। তব ছোড়ি যৱ হামাক কিছু লৱণু দেহ।
  • কথা-গোপীসৱ বোল।। আহে কানাই ! তৱ তোহাক হামো লৱণু দেৱব, যৱ তোহো নৃত্য কৰহ।
গীত।। ৰাগ-আসোৱাৰী।। তাল-যতি।।
ধ্ৰুং।।
নাচতু গোৱিন্দ গোপিনী আগে।
কৰ পাতি হৰি লৱণু মাগে।।
পদ।।
যো কৰ কমল ভকত ভয়হাৰী।
সোহি কৰ পাতি মাগে লৱণু মুৰাৰি।।
  • কথা-শ্ৰীকৃষ্ণবোল।। আহে গোৱালীসৱ! হামু নৃত্য কৰিয়ে বহুত শ্ৰম পাৱলোঁ। হামাক কিছু লৱণু দেহ। হামো লৱণু বোজন কৰিয়ে নৃত্য কৰব।
  • কথা-গোপীবোল।। আহে কানাই ! তুহু যৱ ভল্ল কয় নৃত্য কৰহ, তৱ তোহাক লৱণু দেৱব।
পদগীত।।
গোৱাৰী বোলয় নিক নাচ গোপালা।
তব তোই লৱণু দেৱৰ হামু ভালা।।
লৱণু আশে লাসে গোৱিন্দ নাচে।
কৰ ভৰি গোপী লৱণু যাচে।।
লৱণু খায়া খায়া নাচে কানাই।
আনন্দে গোপিনী তালি বজাই।।
যো হৰি এ তিনি ভুৱন অধিকাৰী।
গোকুল মহ সোহি লৱণু ভিখাৰী।।
ভকতি অধীন হৰি দীন দায়াল।
কহয় মাধৱ গতি বাল গোপাল।।
  • সূত্ৰ।। ঐছন প্ৰকাৰে শ্ৰীকৃষ্ণ গোপীসৱক মনোৰথ পুৰিয়ে নান বিধ কৌতুক নৃত্য কৰিয়ে আনন্দে তথি থিক। তদনন্তৰে যশোদা আপোন বালক পুত্ৰ ঘৰে নাহি পেখিয়ে পুত্ৰস্নেহে আকুলিত হুয়া যমুনাক তীৰে তীৰে বেড়াইতে যৈচে পথিক জনত বাত-পুছত, তা দেখহ-শুনহ, নিৰন্তৰে হৰি বোল হৰিবোল।
গীত।। ৰাগ-শ্ৰী-পৰিতাল।।
ধ্ৰুং।।
যশোদা পুছয় পথিক জনে আকুতি মনে।
হামাৰি বালক কেবা দেখিলা নয়নে।।
  • কথা-যশোদাবোল।। আহে পথিক জন! তোহোসৱ যদি হামাৰ বালক পেখল তৱ হামাত সত্বৰে কহ।
  • কথা-পথিকজন বোল।। হে মাই যশোদা! তোহাৰি বালক কৈছন ৰূপ ?
  • কথা-যশোদা বোল।। হে পথিক! হামাৰ বালক যৈচন ৰূপ তা শুনহ।
শ্লোক।।
কন্দূক্ৰীড়াবিগলি ঘনেস্বেদ মুগ্ধাননশ্ৰীঃ।
কচ্চিদ্দৃষ্টঃ কুৱলয়দলশ্যামলঃ কোহপি ৱালঃ।।
পৃচ্ছত্যেবং পথি পথি যথৌ ব্যাকুলা নন্দপত্নী।
তীৰে তীৰে তপনদুহিতুৰ্কৃষ্ণমন্বেষয়ন্তী।।

(ভণ্টা খেলোঁতে খেলোঁতে ভাগৰত ঘাম ওলাই সুন্দৰ মুখখন চাবলৈ লোভনীয় হৈ পৰা আৰু পদুম পাতৰ লেখীয়া শ্যাম বৰণীয়া ধুনীয়া ল'ৰা এটি দেখিছানে ? এনে প্ৰশ্ন সুধি সুধি যমুনাৰ পাৰে পাৰে শ্ৰীকৃ,্ণক বিচাৰি নন্দপত্নী যশোদা ব্যাকুল হৈ পাটে বাটে গৈ আছিল।)

পদ গীত।।
ভণ্টা খেলাইতে শ্ৰমজলে শোহে মুখ।
সুন্দৰ বদন নিৰেখিতে মিলে সুখ।।
কুবলয় দল জিনি শোহে শ্যাম তনু।
পথে পথে যশোদা পুছয় পুনু পুনু।।
  • কথা-যশোদা বোল।। আহে পথিক! হামাৰি বালক ঐছন ৰূপ, ভণ্টা খেড়ি খেলাইতে শ্ৰমজলে বদন পঙ্কজ শোভা কৰইছে। কুবলয় দল জিনিয়ে শ্যাম শৰীৰ প্ৰকাশ কৰাইছে পেখিতে পৰম আনন্দ মিলত।
  • কথা-পথিক বোল।। হে মাই! ঐচন তোহাৰি বালক হামো নাহি পেখি।
পদ গীত।।
বিহানে বজাইল খেড়ি খেলাইবাৰ তৰে।
ভৈ গৈল বিয়াল পুতাই এভো নাইল ঘৰে।।
যমুনাৰ তীৰে তীৰে ফিৰে নন্দজায়া।
ভৈলা অচেতন সতী পুত্ৰক নপায়া।।
নহয়নে নিগড়ে নীৰ কান্দে যশোমতী।
কাহে গৈলে পাইবো পুতাই যদুপতি।।
ধৰণী লুটিয়া মুৰুচিত ভয়ো মাই।
কহয় মাধৱ হৰি বিনে গতি নাই।।
  • সূত্ৰ।। ওহি প্ৰকাৰে যশোদা কৃষ্ণক বিচাৰি নপাই পৰম চিন্তায়ে কান্দি কান্দি মুৰুচিত হুয়া মাটিলোটি পড়ল। তদনন্তৰে এক গোপী আসি কহু যশোদাক আগে কৃষ্ণক বাত যে বোলল তাহেক শুনহ।
  • কথা-গোপীবোল।। আহে মাই যশোদা! তোহো কি নিমিত্তে অন ক্ৰন্দন কৰহ।
  • কথা-যশোদা বোল।। হে মাই গোৱাৰী! তোহো হামু অভাগিনীত কি পুছহ। হামু অনেক পুণ্য কৰিয়ে দেৱতাক বৰে কৃষ্ণক পুত্ৰ পাৱলোঁ। সে প্ৰাণ পুত্ৰ কৃষ্ণ খেড়ি খেলাইতে বিহানে বজাৱল। বিয়াল ভৈ গৈল এখনো নাহি পাৱলোঁ। সে প্ৰাণপুত্ৰক বিচাৰি নপাই হামাৰি প্ৰাণ কৈছে ৰহব।
  • কথা-গোপীবোল।। হে মাই যশোদা! তোহো ওহি নিমিত্ত ক্ৰন্দন কৰহ, তোহো তাপ তেজহ! তোহাৰি বালক হামু দেখলোঁ। তাহেক বাত কহইছি তা শুনহ।
গীত।। ৰাগ-বড়ৰী।। একতাল।।
ধ্ৰুং।।
তেজহু তাপ শুনহ মেৰি মাই।
হামু দেখলোঁ তেৰি বালক কানাই।।
পদ।।
লৱণু চোৰ ধৰি আছয় গোৱালী।
কৰত কানাই চোৰ চাতুৰালী।।
পাৰাকহু লোক মানত হৰি সাক্ষী।
হাতক লৱণু গোপিনী মূহে মাখি।
বোলন্ত কানাই হামু কৈছে চোৰ।
তুহু চুৰুণী মুখহি সাক্ষী তোৰ।।
লাজল গোপী উত্ৰ নাহি আটে।
দেখলোঁ কানাই জিনল ৰাজবাটে।।
আঞ্চোৰে ধৰি আনত হৰি টানি।
কাতৰ কৰত গোপিনী ভঙ্গ মানি।।
শুনিয়ে তাপ তেজল যশোমাই।
কহয় মাধৱ গতি বালক কানাই।।
  • কথা-গোপীবোল।। হে মাই যশোদে! তোহো তাপ তেজহ, হামু তোহাৰি বালক কানাই দেখলোঁ। এক গোৱালীক লৱণু চোৰ কৰিতে ঘৰ সহ পৈশল। তাহে পেখি সে গোৱালী লৱণু চোৰ ধৰয়ে থিক। শ্ৰীকৃষ্ণ তাহেক উত্তৰ কৰইছে। আহে ঢাণ্ডী হামু কৈছে চোৰ। বালক সমে ৰাজমাৰ্গে ফুৰত। তোহো আপুনি দধি খায়া হামাক চোৰ বোলত। তাহে শুনি গোপী পাৰাক গোপী সাক্ষী মানত। শ্ৰীকৃষ্ণক আপন হাতক লৱণু গোপীক মুখে মাখিয়ে বোলত। আহে গোপীসৱ! দেখু, দেখু, আৱৰ সাক্ষীত কমন প্ৰয়োজন, উনিকৰ মুখহি সাক্ষী। শুনি গোপী লাজ পাৱল। কৃষ্ণক উত্তৰে আণ্টয়ে নাহি পাৰি গোপীসৱ ভঙ্গ মানল। তাহে পেখি শ্ৰীকৃষ্ণ আঋ্চোলে ধৰি টানি আনত। গোপী কাতৰ বোলত হে কানাই! তোহো হামাক ছাড়হ। তোহাক হামু লৱণু দেৱহ। তাহে শুনি শ্ৰীকৃষ্ণ গোপীক ছাড়ল। গোপী কৃষ্ণক লৱণু দেলহ। শ্ৰীকৃষ্ণ তাহেক ভোজন কৰিয়ে আনন্দে নৃত্য কয়ল। আহে মাই যশোদে! তোহো কি পুণ্য কয়ে শ্ৰীকৃষ্ণক পুত্ৰ পাৱলি। শ্ৰীকৃষ্ণ সৱ গোকুলবাসীক আনন্দ কৰাৱয় থিক। অৱ তোহাৰি কানাই হুত চোৰ চাতুৰীয়ে গোপীক ভঙ্গ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে থিক। ইহা জানি হে মাই! চিন্তা শোক ছাড়হ।
  • সূত্ৰ।। তদন্তৰে যশোদা আপোন পুত্ৰক শুভ বাত শুনিয়ে কহো গোপীক ভঙ্গ কৰাই নানা বিধ কৌতুক নৃত্য কৰিয়ে থিক ইহা শুনি চিন্তা শোক তেজিয়ে পৰম হৰষিত ভেল।
  • কথা-যশোদা বোল।। আহে গোৱালী! কোন থানে হামাৰি বালক থিক, তথি হামাক নিয়া যাৱ।
  • কথা-গোপীবোল।। হেমাই ! চলহ চলহ। হামাৰি সঙ্গে আৱ।
  • সূত্ৰ।।ওহি বুলি গোপী যশোদা সহিত গৈয়া গোৱালীসৱক থানে শ্ৰীকৃষ্ণক দেখাৱল। শ্ৰীকৃষ্ণ গোপী সৱক মধ্যে নৃত্য কয় থিক। আপোন পুত্ৰক পেখিয়ে যশোদাক সৱ শৰীৰ জুড়াৱল। কৃষ্ণ কোলে কয়ে, গলে বান্ধি বদন চুম্বন কয়ে পৰম আনন্দ পাৱল। শ্ৰীকৃষ্ণ মাৱক স্তনপান কয়ে, মাৱক বদন নিৰেখি কান্দি কান্দি গোপীসৱক বৃত্তান্ত শুনাৱল। শুনি যশোদা গোৱালীসৱক গাৰি দয়ে যৈছন বোলল, তা দেখহ শুনহ।
  • কথা-যশোদাবোল।। আহে ঢাণ্ডী গোৱালীসৱ! দাসীক দাসী! তোহোসৱ হামাৰ ওহি বালক কৃষ্ণক চোৰ বুলিয়ে কলঙ্ক দেৱসি। ছিঃ তোৰাসৱক মুখে ছাৰ পড়োক। হে বাপু কৃষ্ণ! ওহি বান্দীসৱক থানে আৱৰ নাহি আৱৰি। হামাৰ ঘৰে দধি দুগ্ধ লৱণু কে পুছত! যত খাইতে পাৰ, তত হামু দেৱব। তোহাৰি পাৱৰ বালাই লঞঁ; আহে বাপু! তোহো হামাক কোটি পুৰুষক দেৱকো দেৱতা, মাতাক মুকুট, গলাক সাতসৰি, বুকক শীতল চন্দন।
  • সূত্ৰ।। ওহিবুলি যশোৱা গোৱালীসৱক ঠেঙ্গনা দিয়ে খেদাই কহো আপোন আঞ্চোৰে কৃষ্ণক ধূলা ঝাৰি বুকে বান্ধি কোলে কৰি বদন চুম্বন দিয়ে পৰম আনন্দে আপুন গৃহে আনি শীতল জলে স্নান কৰাই পঞ্চামৃত ভোজন কৰাৱল। সুগন্ধ চন্দনে দিব্য বস্ত্ৰ অলঙ্কাৰ ভূষিত কৰাই কৃষ্ণক সুন্দৰ বদন নিৰেখিয়ে মোক্ষতো অধিক আনন্দ লভিয়ে পৰম সন্তোষ ৰহল। আহে সভাসদ লোক! শ্ৰীকৃষ্ণক পৰম কৃপালু গুণ দেখহ। কোটি ব্ৰহ্মাণ্ডক ঈশ্বৰ হুয়া নন্দক গৃহে বেকত হুয়া নানান বিনোদ নৃত্য কয়ল। ইহাক শ্ৰৱণ কীৰ্ত্তন কৰিয়ে সৱ লোকে সংসাৰ ঘোৰ নিকাৰ তৰৱ। ইহা জানি শ্ৰীকৃষ্ণক চৰণে শৰম সাৰ কৰিয়ে নিৰন্তৰে হৰিবোল হৰিবোল।
।।ইতি চোৰধৰা সমাপ্ত।।