পলাই জগতপতি নন্দজায়া যশোমতী
Jump to navigation
Jump to search
।। ৰাগঃ কামোদ।।
ধ্ৰুং।। পলাই জগতপতি নন্দজায়া যশোমতী
লাডু ধৰি পাচে পাচে ধাই।
কৰি আছা অপৰাধ কবহু নাহিকে বাধ
তাড়ন এড়ান নায়ায়।।
পদ।। ভাঙ্গিয়া মথন মাঠি দধি সৱ কৈল নাঠি
নবীন লৱণু, আছ খায়া।
মাৱৰ উঠিছে ৰাগ নাপাই নাছাড়িব লাগ
ভয়ে কম্পে থিৰ নুহি কায়া।।
লাগাল পাইলো মঞি আৰ কতি যাইবি তঞি
কত দুঃখ দিয়া আছা মোৰে।
পালাই আজি যাইবি যথা আমি ধায়া যাইবো তথা
আৰ লাগ নাছাৰিবো তোৰে।।