নিমাতী কন্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নিমাতী কন্যা
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
ককাদেউতা আৰু নাতি ল'ৰাৰ সাধু


ককাকক আজি জুহালৰ ওচৰত বহি নমতা-নোবোলাকৈ থকা দেখি নাতিয়েকে ওচৰ চাপি গৈ মাত লগালে, “ককাদেউতা,আজি তোমাৰ কি হ’ল? মোৰ ফালে নোচোৱাই দেখোন?”

ককা৷ -“তোৰ ওপৰত মোৰ খং উঠিছে, সেইদেখি”

নাতি৷ -“মই নো কি কৰিলো ককাদেউতা?”

ককা৷ -“তই আৰু কি কৰিবি,দোষ কৰিছ৷ ”

নাতি৷ -“কি দোষ ককাদেউতা?”

ককা৷ -“বৰ দোষ৷ তই আজি মাৰৰ বটাৰ তামোল কটাৰীখন লৈ গৈ বাঁহৰ কাঠী এডাল চাঁচি কটাৰীখনৰ মুখন ভোটা কৰিছিলি,মই দেখি আছিলো৷ পিছে যেতিয়া মাৰে কটাৰীখন কোনে তেনে কৰিলে বুলি যাকে তাকে সুধিছিল,তই সেই কথা শুনিও সৈ নাকাঢ়ি মনে মনে আছিলি৷ দোষ সৈ কঢ়াটো ওখ মন আৰু সাহৰ চিনাকি,মানুহ মাত্ৰকেই দায়-জগৰ কৰেই;কিন্তু আগলৈ তেনে নকৰিবলৈ মনতে থিৰা কৰি খোলা মনেৰে যি সৈ কাঢ়ে সি হে মানুহ৷ তেনে কৰিলেহে তই সাহিয়াল পুৰুষ হব পাৰিবি,নহলে নোৱাৰ৷ ”

নাতি৷ -“আজিৰপৰা ককাদেউতা মই ঠিক কৈছোঁ,নিশ্চয় নিশ্চয় মোৰ দোষ সৈ কাঢ়িম আৰু আগলৈ তেনে দোষ নকৰিবলৈ মনতে থিৰাং কৰিম৷ আজিৰপৰা মোৰ অপৰাধ ক্ষমা কৰা ককাদেউতা৷ ”

ককা৷ -“কৰিলোঁ ক্ষমা৷ এতিয়া মোৰ ওচৰ চাপি আহ,চুমা এটা দে,আৰু সাধু এটা শুন৷ ”-

 

এক ৰজা আছিল৷ ৰজাৰ ল’ৰা-ছোৱালী একোৱেই নাই৷ এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্ন্যাসীক লগ পালে৷ ৰজাই সন্ন্যাসীৰ আগত তেওঁৰ ল’ৰা-ছোৱালী নোহোৱাৰ বিষয় ভাঙি ক’লত সন্ন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি ক’লে, “এই গুটিটো আপোনাৰ মাদৈক খুৱাব;খুৱালে তেওঁৰ দুটি পুত্ৰ হব,কিন্তু প্ৰথমে হোৱা সন্তানটি মোক দিব লাগিব৷ ”ৰজাই সেই কথাতে মান্তি হৈ ফলটি লৈ ঘৰলৈ গুচি আহিল,আৰু ঘৰ পাই সেই ফলটি মাদৈক খাবলৈ দিলে৷ কিছুমান দিনৰ পাছত ৰাণীয়ে ক্ৰমান্বয়ে দুটি পুত্ৰ-সন্তান লাভ কৰিলে৷ লাহে লাহে ল’ৰা দুটি ডাঙৰ হ’ল,দুয়ো দুইকো ভাল পায় আৰু একেলগে ধেমালি কৰি ফুৰে৷ ৰজাই ল’ৰা দুটিৰ ৰেহ-ৰূপ চাই আনন্দতে বিভোল হ’ল;সন্ন্যাসীৰ কথা একেবাৰেই পাহৰিলে৷ সিপিনে সন্ন্যাসীয়ে দিন-বাৰ লেখি আছিল৷ ল’ৰা দুটিৰ প্ৰথমটিৰ ষোল বছৰ আৰু দ্বিতীয়টিৰ পোন্ধৰ বছৰ হ’লত এদিন সন্ন্যাসী আহি ৰজাৰ নগৰত ওলালহি,আৰু ৰজাক পূৰ্ব্বৰ কথা সোঁৱৰাই দি বৰটো কোঁৱৰ খুজিলে৷ ৰজাইও অন্য উপায় নেদেখি তেওঁৰ প্ৰিয় পুত্ৰ বৰ-কোঁৱৰক সন্ন্যাসীৰ হাতত সমৰ্পণ কৰিলে৷

কোঁৱৰে ঘোৰাশাললৈ গৈ এটা সুন্দৰ ঘোৰা বাছি ল’লে;তেওঁৰ অতি উত্তম সাজ পিন্ধি মুৰত এটা পাগুৰি মাৰিলে,আৰু পাগুৰিৰ পাছফালে এডোখৰ কাপোৰ ওলোমাই ললে৷ পাছে সকলোকে বিদায় লৈ ঘোৰাত উঠি কোঁৱৰ সন্ন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে৷ এইদৰে তিনি দণ্ডমান যোৱাৰ পাছত কোঁৱৰে কিছুমান ঘৰ দেখিবলৈ পালে;সেই ঘৰবিলাকেই সন্ন্যাসীৰ আশ্ৰম৷ কোঁৱৰে বাটৰ চিন ৰখাবৰ মনেৰে ওলোমাই ৰখা পাগুৰিডোখৰ ফালি ফালি ওৰেবাটে পেলাই গৈছিল,এতিয়া আশ্ৰম পালত আৰু ফালিবলৈ এৰিলে৷ সন্ন্যাসীৰ আদেশমতে ঘোৰাৰপৰা নামি কোঁৱৰ এটা ঘৰত সোমাল৷ তাত তেওঁ এটা ভয়ঙ্কৰ কালী গোঁসানীৰ মূৰ্ত্তি আৰু কোষা-অৰ্ঘা,শঙ্খ-ঘণ্টা আদি পূজাৰ অনেক সজুলি দেখিবলৈ পালে৷ কোঁৱৰক সেই ঘৰত সুমাই থৈয়েই সন্ন্যাসী গা ধুবলৈ গ’ল৷ ইপিনে কোঁৱৰে অন্য কেইটা ঘৰত কি আছে চাবলৈ আহি দেখে যে,এটাত কিছুমান মানুহৰ মূৰ শাৰী শাৰীকৈ ওলোমাই থোৱা আছে৷ সেই কটা-মূৰকেইটাও কোঁৱৰক দেখা মাত্ৰেই হাঁহিবলৈ ধৰিলে,কিন্তু একোকে নক’লে৷ আন এটাত সোমাই কোঁৱৰে কিছুমান মানুহৰ তেজ ডাঙৰ ডাঙৰ চাৰিটা থালিত তপতোৱা দেখা পালে৷ এইবিলাক দেখি-শুনি কোঁৱৰ বিচূৰ্ত্তি হ’ল৷ ইতিমধ্যতে সেই সন্ন্যাসী বেশধাৰী ৰাক্ষস আহি পালেহি,আৰু কোঁৱৰক সেই গোঁসানী মূৰ্ত্তিৰ আগত অষ্টাঙ্গে প্ৰণাম কৰিবলৈ ক’লে৷ কোঁৱৰেও সেইদৰে কৰিলত হাতত খড়্গ লৈ সেই ৰাক্ষসে তেওঁক গোঁসানীৰ আগত বলি দিলে৷

ইফালে, সৰু কোঁৱৰে ককায়েকৰ বহুদিন একো খবৰ নেপাই,পিতাকৰ আদেশমতে এটা ঘোৰাত উঠি ককায়েকক বিচাৰি গ’ল৷ এওঁ ককায়েকৰ পাগুৰিৰ চিনে চিনে গৈ সেই ঠাই পালেগৈ৷ সেই সময়ত সন্ন্যাসীৰ বেশ ধৰা ৰাক্ষস ঘৰত নাছিল৷ কোৱৰ গৈ পোনেই মানুহৰ কটা মূৰবোৰ থকা খোটালিত সোমালোগৈ৷ সেই কটা মূৰবোৰে কোঁৱৰক দেখি হাঁহিবলৈ ধৰিলে,আৰু তাতে কোঁৱৰে ককায়েকৰ কটা মূৰটোও দেখিবলৈ পালে৷ সেই মূৰটোৱে মাত লগালে-“ভাইটি,তুমি ইয়ালৈ কেলৈ আহিলা? এই সন্ন্যাসী আচল সন্ন্যাসী নহয়-ৰাক্ষস হে৷ তোমাক দেখিলে ই কাটিবলৈ মন কৰি গোসাঁনীৰ আগত প্ৰণাম কৰিবলৈ কব,তেতিয়া তুমি,মই ৰজাৰ ল’ৰা প্ৰণাম কৰিব নেজানো বুলি ক’বা৷ তেতিয়া সন্ন্যাসীয়ে প্ৰণাম কৰি দেখুৱাই দিব৷ সেই ছেগতে তুমি খড়্গখন তুলি লৈ একেকোবেই ৰাক্ষসক কাটি পেলাবা৷ তাৰ পাছত গোসাঁনীৰ ওচৰত থকা অমৃতৰ কলহৰ পৰা অমৃত আনি আমাৰ মুখত দিবা,আমি তেতিয়া আমাৰ পূৰ্ব্বৰ দেহা পাম৷ ” ইয়াৰ পাছত সৰুকোঁৱৰ জিভা লহ লহ কৰি থকা কালী মূৰ্ত্তিৰ মন্দিৰত সোমাল৷ এনেতে সন্ন্যাসী ওলালহি,আৰু অকস্মাৎ এটা সুন্দৰ ৰাজকোঁৱৰক তেওঁ তেওঁৰ ঘৰত দেখি মনত বৰ ৰং পালে৷ তেতিয়া কোঁৱৰে সন্ন্যাসীক সুধিলে যে তেওঁৰ ককায়েক ক’লৈ গ’ল? সন্ন্যাসীয়ে তেওঁক গোসাঁনীৰ আগত বলি দিয়াৰ কথা নকৈ “বহু দূৰৈ বাটলৈ গৈছে,দুদিনমানৰ পাছত আহি পাবহি”বুলি ক’লে৷ তাৰপাছত সন্ন্যাসীয়ে কোঁৱৰক ক’লে, “কোঁৱৰ,তুমি এই ঠাইলৈ আহিলা যেতিয়া গোসাঁনীক সেৱা নকৰাকৈ যাব নেপায়৷ তোমাৰ মঙ্গলৰ অৰ্থে এই কালী গোসাঁনীৰ আগত এবাৰ প্ৰণাম কৰা৷ ”তাতে কোঁৱৰে ক’লে, “মই ৰজাৰ ল’ৰা,প্ৰণাম কৰিব নেজানো৷ ” “বাৰু চোৱা,এইদৰে কৰিবা”বুলি সন্ন্যাসীৰে গোসাঁনীৰ আগত প্ৰণাম কৰি দেখুৱাওঁতেই কোঁৱৰে হাতত খড়্গ তুলি লৈ গাৰ বলেৰে সন্ন্যাসীৰ ডিঙিত ঘাপ্ মাৰি দিলে৷ বিকট চিঞৰ মাৰি ৰাক্ষস সন্ন্যাসী মৰি থাকিল৷

ইয়াৰ পিছত কোঁৱৰে কলহৰ অমৃত আনি সকলোটি কটা মূৰৰ মুখত অলপ অলপ দিলত এটাইবিলাক ৰজাৰ ল’ৰাই পূৰ্ব্বৰ দেহা পালে৷

সেই ৰাক্ষসৰ এজনী ভনীয়েক আছিল৷ ৰাক্ষস মৰাৰ সময়ত তাই অমঙ্গল দেখি লৰি আহিল৷ কোঁৱৰে শত্ৰু ভাবি তাইকো কাটিবলৈ ধৰিছিল,পাছে তাই ক’লে, “কোঁৱৰ,মোক নেকাটিবা,মোৰ ককাইক মৰাৰ নিমিত্তে মই তোমাৰ একো প্ৰতিশোধ নলও বৰং এটা উপকাৰহে কৰিম৷ ” এটাইবিলাক কোঁৱৰে সৰু কোঁৱৰক ধন্যবাদ দি নিজ নিজ ঘৰলৈ গ’ল৷ সৰু কোঁৱৰ আৰু ৰাক্ষসী দুয়ো এটা পৰ্ব্বতৰ ওচৰলৈ গ’ল৷ তাতে এটা ডাঙৰ শিল ৰাক্ষসীয়ে গুচাই দিয়াত বৰ সুৰঙ্গ এটা ওলাল৷ সেই সুৰঙ্গইদি দুয়ো নামি গ’ল৷ তাত এখন সুন্দৰ নগৰ কোঁৱৰে দেখিবলৈ পালে৷ সেই নগৰৰ ভিতৰলৈ কোঁৱৰ আৰু ৰাক্ষসী দুয়ো সোমাই গৈ মানুহ-দুনুহ একোকে দেখা নেপাই এটা ভাল ঘৰৰ ভিতৰলৈ গ’ল৷ তেওঁলোকে তাত এখন অতি মনোৰম শয্যাত এজনী সুন্দৰী ছোৱালী বহি থকা দেখিলে,ওচৰত কেৱেই নাই৷ এই কন্যাজনী এক ৰজাৰ জীয়াৰী৷ জন্মৰেপৰা এই ছোৱালীজনীৰ মাত-বোল নাই৷ এদিন ৰজাই স্বপ্নত দেখিবলৈ পালে যে “যেয়ে এই ছোৱালীজনীৰ মাত উলিয়াব পাৰিব সেয়ে এইৰ স্বামী হব;আৰু ছোৱালীজনীক এই পৰ্ব্বতৰ শিলটো দাঙি তাৰ তলৰ নগৰখনতে থব লাগে৷ ”ৰজাইও সেই মতেই কৰিলে৷ নিমাতী কন্যাৰ ওচৰত এজোপা সুন্দৰ গছ আছিল,সেই গছজোপা ৰূপৰ,তাৰ পাতবিলাক সোণৰ আৰু তাত মাণিক লাগি লাগি থাকে৷

                                “সোণৰ গছ,ৰূপৰ পাত৷

                                              মাণিক লাগি লাগি থাকে তাত৷ ৷ ”

নিমাতী কন্যাৰ ওচৰত আৰু পাঁচ ৰকমৰ পাঁচোটা বাজনা আছিল,আৰু যেতিয়া নিমাতী কন্যাই মাতিব,বাদ্য পাঁচোটা সেই সময়তে একেলগে বাজিব৷

                                    “নিমাতী কন্যাই মাতে৷

                                              পাঁচ বাজন বাজে৷ ৷ ”

        ৰাক্ষসীয়ে বাটত যাওঁতে কোঁৱৰক শিকাই গৈছিল,যে নিমাতী কন্যাৰ ওচৰত তেওঁ সাধু কব;ৰাক্ষসীয়ে মায়া কৰি সেই সাধু শুনি থাকিব;কোঁৱৰেও সেই মতেই সাধু জুৰিলে৷ ৰাক্ষসীয়ে মায়া কৰি প্ৰথমে নিমাতী কন্যাৰ ওচৰত থকা এগছ বন্তিত এটা মাখি হৈ পৰি শুনিবলৈ লাগিল৷

                                                  (১)

        “এক বুঢ়া-বুঢ়ী আছিল,জানিছা বন্তি!সিহঁতৰ এটা সৰু ল’ৰা আছিল৷ ল’ৰাটোক এটা পলৰ মাজত সুমাই সি উমলি থাকিবলৈ এবাটি পানী দি বুঢ়া-বুঢ়ী ধান দাবলৈ গ’ল আৰু ওচৰত এটা মৰমৰ পোহনীয়া নেউলক ৰখীয়া থৈ গ’ল,জানিছা বন্তি!এজোৰ গোম-গুমনী সাপৰ পিয়াহ লাগিলত সিহঁতে বহুত ঠাইত বিচাৰি পানী খাবলৈ নেপালে৷ পাছে গুমনীয়ে সেই ল’ৰাটোৰ ওচৰত পানীবাটি থকা দেখা পাই তালৈকে আহিল আৰু পলৰ বিন্ধাৰ মাজেদি মূৰ সুমাই পানী খাই গ’লহি৷ গুমুনী তিৰোতা জাতি,ল’ৰালৈ মৰম লাগি তাই একোকে নকৰিলে;কিন্তু মতাটোৱে তাৰপৰা পানী খালে ল’ৰাক খাব বুলি তাই গোমৰ আগত পানী খোৱাৰ কথা নক’লে৷ কিন্তু গোমে তাই পানী খোৱাৰ গম পাই সুধিলে, “গুমুনী,তই ক’ত পানী খালি ক?”গুমুনীয়ে ক’লে, “মই পানী খাবলৈ পোৱা নাই৷ ”তেতিয়া গোমে ক’লে, “নহয়,তই য’তে পানী খাইছ ক,ক’লেহে এৰিম৷ ”উপায় নেপাই গুমুনীয়ে ক’লে৷ কিন্তু,ল’ৰাটোক নেখাবলৈ বুলি দঢ়াই দঢ়াই তাই গিৰিয়েকক শপত খুৱালে৷ পাছে গোমে গৈ ল’ৰাটোৰ ওচৰ পালে,আৰু বাটিত পানী দেখি ৰং পাই খাবলৈ ধৰিলে৷ তাতে একো নজনা সৰু ল’ৰাই সাপ বুলি নেজানি গোমৰ মূৰত থপিয়াবলৈ ধৰিলে৷ গোমৰ খং উঠি গুমুনীৰ আগত খাই অহা শপত সি পাহৰি গ’ল,আৰু ল’ৰাটোৰ মূৰত খোঁট মাৰি দিলে৷ কিছুমান পৰ বিষৰ যন্ত্ৰণা ভুগি ল’ৰাটো মৰি থাকিল৷ গধূলি পৰত বুঢ়া-বুঢ়ী আহি দেখে ল’ৰা মৰিল৷ সাপে খোৱা চিন পাই সাপে খাই মাৰিলে বুলি জানি বুঢ়া-বুঢ়ীয়ে কান্দিবলৈ ধৰিলে৷ ইয়াৰ ভিতৰতে নেউলটো “সঞ্জীৱনী মাটি”আনিবৰ কাৰণে পৰ্ব্বতলৈ গৈছিল৷ এনেতে নেউলটো আহি পালেহি৷ ‘কটা মোৰ ল’ৰাক এৰি তই ক’লৈ গৈছিলি,তই থাকোঁতেও মোৰ ল’ৰাক সাপে খালে’বুলি বুঢ়াই নেউলক বেজাৰত এটাঙোন সোধাই দিলে,তাতে নেউল মৰি থাকিল৷ এনেতে ওচৰৰ এজনী মানুহে ক’লে, ‘বুঢ়া!নেউলৰ মুখত সঞ্জীৱনী মাটি থাকে;আছে যদি তাৰে একণ ল’ৰাটোৰ মুখত দিয়াঁচোন,কিজানি ল’ৰাটো জীয়েই৷ ’বুঢ়াই নেউলটোৰ মুখত মাটিকণ পাই আনি ল’ৰাৰ মুখত দিলত ল’ৰা জী উঠিল৷ এতিয়া বুঢ়া-বুঢ়ীয়ে নেউলৰ নিমিত্তে কান্দিবলৈ ধৰিলে,জানিছা বন্তি!”বন্তিত পৰি থকা মাখিটোৱে “বোঁ”বুলি শলাগিলে৷ কোঁৱৰে আৰু এটা নতুন সাধু আৰম্ভ কৰিলে৷ ৰাক্ষসীয়ে মায়াৰূপ ধৰি মাখি এটা হৈ নিমাতী কন্যাৰ ৰিহাৰ আঁচলত পৰিলগৈ৷

                                                          (২)

“এঘৰ গিৰিহঁতৰ এটা চোকা কুকুৰ আছিল,জানিছা আঁচল৷ এদিন কেইটামান চোৰ আহি সেই মানুহ-ঘৰৰ বস্তু-বেহানি এটাইবিলাক চুৰ কৰি লৈ গ’ল,জানিছা আঁচল৷ পাছে কুকুৰে ইয়াকে দেখি ভেউ-ভেউ কৰি ভুকিবলৈ ধৰিলে৷ গিৰিহঁত কোনেও সাৰ নেপালে৷ চোৰে বস্তুবোৰ চোচোৰাই বগৰাই নি বাঁহৰ তল পোৱালেগৈ৷ তেনেতে কুকুৰে সিহঁতৰ হাতে-ভৰিয়ে কামুৰিবলৈ ধৰিলে,জানিছা আঁচল৷ আৰু চোৰে তৎ নেপাই বস্তুবোৰ এৰি গুচি গ’ল৷ পাছদিনা গিৰিহঁতে সাৰ পাই পেৰা-পেটাৰিয়ে সৈতে বস্তুবোৰ নোহোৱা দেখি বিচূৰ্ত্তি হ’ল৷ ইটো সিটো কৰি অনেক মানুহ গোট খালেহি৷ সকলোৱে বস্তু চুৰিৰ বিষয় গলাগোপা কৰিবলৈ লাগি গ’ল৷ ইফালে কুকুৰটোৱে ঘনে ঘনে গিৰিহঁতৰ মুখলৈ চাই বাঁহতলৰ ফালে লৰি গৈ ভৌ-ভৌৱাবলৈ ধৰিলে৷ গিৰিহঁতৰ খং উঠি ‘উ: কটা তই এতিয়া মোৰ মুখলৈ চাই ভৌ-ভৌৱাবলৈ আহিছ?ৰাতি চোৰ আহোঁতে কি কৰিছিলি?’বুলি এডাল টাঙোনেৰে মাৰ মাৰি মাৰি পেলালে৷ তাৰ পাছত এজনী মানুহ বোলে, ‘হেৰা কুকুৰটোৱে নো বাঁহৰ তলৰ ফালে কিয় লৰি গৈছিল চোৱাচোন’বুলি কোৱাত গিৰিহঁতজন গৈ বাঁহৰ তলত থিয় হ’ল,আৰু তাতে তেওঁৰ বস্তু পেটাৰিয়ে সৈতে সকলোবিলাক ওলাল৷ গিৰিহঁতে উপকাৰী কুকুৰৰ নিমিত্তে কান্দিবলৈ ধৰিলে,জানিছা আঁচল!”আঁচলতে পৰি থকা মাখিটোৱে “বোঁ”কৰিলে৷

এনে সময়তে নিমাতী কন্যাৰ এটা হামি আহিল৷ মাখিটো কন্যাৰ মুখত সোমাই পেট পালেগৈ৷ কোঁৱৰে আৰু এটা সাধু আৰম্ভ কৰিলে;আৰু এইবাৰ কন্যাকে সম্বোধন কৰি কবলৈ ধৰিলে৷

                                                  (৩)

“এক সদাগৰ আছিল৷ তেওঁৰ এটা সুন্দৰ মৰমৰ মইনা চৰাই আছিল,জানিছা কন্যা!এদিন সদাগৰ বেপাৰ কৰিবলৈ গ’ল৷ মইনাক ঘৰৰ গৰাকী পাতি চাকৰ-নাকৰক মইনাৰ হুকুমমতে চলিবলৈ তেওঁ কৈ গ’ল;জানিছা কন্যা!সদাগৰৰ এডৰা ধান আছিল৷ ধানডৰা দাবৰ হ’ল৷ চাকৰবিলাকে মইনাক বুধি সুধিলে৷ মইনাই ধান দাবলৈ নিদি গোটেইডৰা ধানতে জুই লগাই দিবলৈ ক’লে৷ ধান পুৰি ছাই হ’ল৷ পাছে মইনা গৈ ডাঙৰ পৰ্ব্বতৰপৰা বহুত পৰ্ব্বতীয়া মইনা মাতি আনিলে,আৰু সেই পোৰা ধানত লগাই দিলে;জানিছা কন্যা!সেই মইনাবিলাকে ধানৰ আখৈ খাই সোণ লাদিবলৈ লাগিল;জানিছা কন্যা!তাৰ পাছত পোহনীয়া মইনাই এটাইবিলাক ধানৰ ছাই মইনাৰ লাদৰে সৈতে টোমত বান্ধি থবলৈ ক’লে৷ চাকৰবিলাকেও সেইদৰে কৰিলে৷ সদাগৰ বেপাৰৰপৰা আহি ধান কিমান হ’ল বুলি সোধাত চাকৰবিলাকে সকলো কথা ভাঙিপাতি ক’লে৷ তাতে সদাগৰৰ খং উঠি ‘তোক ইয়াকে কৰিবলৈ কৈ গৈছিলোঁ?’বুলি একে চাপৰে মইনাক মাৰি পেলালে;জানিছা কন্যা!পাছে সদাগৰৰ খং মাৰ গ’লত চাকৰবিলাকক তেওঁ ক’লে ‘বাৰু টোম কেইটা আনহঁকচোন!তাত নো কি আছে চাওঁ!’চাকৰহঁতে টোম আনিলত মেলি চাই ছাইৰ লগত এটাইবিলাক সোণ দেখি সদাগৰে আচৰিত মানিলে আৰু ‘মইনাই ভালেকেহে কৰিছিল’বুলি মইনাৰ বেজাৰতকান্দিবলৈ ধৰিলে,জানিছা কন্যা!মাখিৰূপী ৰাক্ষসীয়ে নিমাতী কন্যাৰ পেটৰ ভিতৰৰ পৰা “বোঁ”কৰিলে৷ পাঁচ-বাদ্য বাজিবলৈ ধৰিলে৷ বাদ্য বজা শুনি নিমাতী কন্যাৰ পিতাক লৰি আহিল,আৰু সেই ৰূপৰ গছজোপা,পাঁচ বাদ্য আৰু অনেক ধন-সম্পত্তি তেওঁ যৌতুকত দি নিমাতী কন্যাক কোঁৱৰলৈ বিয়া দিলে৷ কোঁৱৰেও সুন্দৰী কন্যা লাভ কৰি আনন্দ মনেৰে নিজৰ দেশলৈ গুচি আহিল৷ ”