নামঘৰলৈ সোণৰ শৰাই
Jump to navigation
Jump to search
←নৱজীৱনৰ শিল্পী মই | নামঘৰলৈ সোণৰ শৰাই লেখক |
নিমাতী কইনা, নাহাঁহি মইনা→ |
জ্যোতি সংগীত |
নামঘৰলৈ সোণৰ শৰাই নিয়
ফুলৰ পাতৰ কি অৰিহণা দিয়?
নামঘৰলৈ সোণৰ শৰাই নিয়?
তাত আছে নে
তেজৰে বোলোৱা ফুল
তাত আছে নে কবিতা গানৰ ফুল
তাত আছে নে নতুন পুৱাৰ চুমাত আমোলমোল
তলসৰা বকুল?
ইমান পুৱাই ইমান বেগাই তইনো
যাৱ কিয়?
নামঘৰলৈ সোণৰ শৰাই নিয়৷৷