দিনকণা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search



দিনকণা
লেখক মফিজুদ্দিন আহমদ হাজৰিকা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.

হেৰা, হেৰা হাটৰুৱা,

মৰমৰ ভাইহঁত;

নেৰিবাঁ নেৰিবা মোক

এই মায়া-বজাৰত।

দুহাত যুৰিছো মই

কাবউ-কাকূতি কৰি ;

অকলে নেৰিবাঁ মোক

আলাই-আথানি কৰি ৷

তোমালোকো যোৱাঁগই

মোকো হেৰা লই যোৱাঁ;

দুখীয়া নিচলা বুলি

এফেৰি উভতি চোৱাঁ ৷

হাতৰ লাখুটি ইযে

মেলি দিছে হেৰা ভাই,

ধৰাঁ, ধৰি কোনোমতে

নিয়াঁ মোকো আগুৱাই ;

কেনিবা যাবগৈ লাগে

চকুৰে নমনো মই,

খুন্দা ও খুন্দলি খাই

যেনি তেনি পৰোঁ গই ৷

আমাৰ নিচিনা এনে

দুখীয়া লেহেৰা দেও,

এই বিশ্ব-বজাৰত

নাই আৰু ক’তো কেও ৷

সি দেখি মাতিছো মই

অতযে মিনতি কৰি,

আহাঁ, আহাঁ, ভাইহঁত,

নিয়া মোকো বাহু ধৰি ৷

বেছিতো নালাগে মোক,

এফেৰি পোহৰ মুঠে,

তাকে পালে উলাহতে

হিয়া মোৰ নাচি উঠে ৷

এটুপি চকুৰ লো,

এখনি কোমল হিয়া,

এষাৰি ‘আয়ৈ দেহি’,

আৰু এটি হুমুনিয়া ;

ইয়াৰ উপৰি আৰু

একোকে নেলাগে মোক,

ইয়াকে পালেই মোৰ

গুচি যাব যত শোক ৷

আমনি নকৰোঁ আৰু

কাকো ক’তো,হেৰা ভাই,

আহাঁ, আহাঁ, ঘুৰি আহি

নিয়াঁ মোকো আগুৱাই ৷

আগে আগে তোমালোক,

পিছে পিছে ময়ো যাওঁ,

তযু পোহৰৰে যেন

এচেৰেঙা ময়ো পাওঁ ৷

নহ’লে মৰিম মই

আলাই-আথানি হই,

কেনিবাদি এন্ধাৰত

খালে বামে পৰি অই ৷

ওখোৰা-মোখোৰা বাট,

তাতে ই এন্ধাৰ ঘোৰ,

তদুপৰি দুই কান্ধে

মেটমৰা ভাৰ মোৰ ৷

খোজে পতি উজুটিত

চুলি-আগে গৈছে জীৱ,

হায়,আগে জনা হ’লে

আজি এনে দশা কিয়?

বজাৰত ভোল গ’লো

লীলা-মলা চাই চাই,

চাকি তেল শলিতাযে

নেবেহালো, হায় হায়!

এতিয় বুৰিল বেলি,

হ’লহি এন্ধাৰ ঘোপ,

লাহে লাহে ভাগিলেহি

গৰাকীৰো দলদোপ!

অকলে কেনেকৈ যাওঁ,

কি হ’ব উপায় মোৰ;

সাৰথিও নাই,নাই

কিম্বা চাকি বন্তি জোৰ ৷

নিগমে মৰিলো মই,

কোন কেনি আছহক,

উধাৰাঁহি আজি এই

দিনকণা অধমক ৷

এনেনো ধেন্দেলা মোক

কৰিলে বিধিয়ে হায়,

উহু, কি কপাল পোৰা !

ভৰিও পিছলি যায় ৷

খোজে পতি ঘৰামুটি

ঘনে টেলঙনি খাওঁ ;

‘সহায় সহায়’ কৰি

ইপিনে-সিপিনে চাওঁ ৷

নেপাওঁ কেনিও হায়,

এখনি সহায়-হাত,

নুশুনো কেনিও হায়,

এষাৰি সুৱলা মাত ৷

যাৰেই গুৰিলৈ যাওঁ,

সেয়ে মুখ ওফোন্দায়,

চকুহে টেলেকা কৰি

গোৰোঙাকৈ ঘূৰি চায় ৷

যেয়ে সেয়ে চেই চেই

য’তে ত’তে দূৰ দূৰ,

যাকে মাতোঁ, সেয়ে মাৰে

কিল, ভুকু, লাঠি, গোৰ ৷

হায়, কি কপাল মোৰ

এয়েনে আছিল লেখা ?

উহু, কি এন্ধাৰ বাট,

নেপাওঁ অকণো দেখা ৷

সাৰথি মাথোন এই

কণাৰ লাখুটিডালি,

তাৰেহে খোপনি পুতি,

কোনোমতে হালি-জালি,

এখুজি দুখুজি কৰি

আহিছো হে ভাইহঁত,

নেঠেলিবাঁ নেঠেলিবাঁ,

লোৱাঁ মোকো কাষৰত ৷

কাবউ কৰিছো মই,

দুখনি ভৰিত পৰি;

নিচলা আতুৰ বুলি

নিয়াঁ মোকো ধৰি ধৰি;

খন্তেকলৈ খেনি কৰি

খন্তেকলৈ অপমান,

কিয় ভাই,নাহকতে

বিনাশিবা এটি প্ৰাণ?

এতেকেহে লগে-ভাগে

নিয়াঁ নিয়াঁ বাহু ধৰি,

কোনোমতে ময়ো যাতে

যাব পাৰোঁ মৰি পৰি ৷

দেখোঁ অত কাকূতিতো

নাহিলেযে কেও হায়,

মানুহৰপৰা তেন্তে

আশা আৰু নাই নাই ৷

এবে তোমাকেহে খাটোঁ

হে প্ৰভু, দয়াময়,-

আজি মহাবিপদত

বিতত বিচূৰ্তি মই ;

কেৱে নেতাৰিলে মোক ;

নেলাগিল কাৰো বেথা ;

তুমিয়েহে তৰোৱাঁহি

ভাঙি এই মহা লেঠা ;

অগতিৰ গতি তুমি,

অনাথৰ নাথ শুনো ;

তেন্তে ই বিলাই মোৰ

চাই আছা কেনেকৈনো ?

কণা অধমৰ ফালে,

কৃপা-চকু মেলি চাই,

তাৰাঁহি হে দয়াময়,

ৰসাতলে গ’লো হায় !