তোৰ মনত যদি নপৰে
অৱয়ব
তোৰ মনত যদি নপৰে মোৰ মৰমসনা কথা
তোৰ প্ৰাণত যদি উচুপি নুঠে
মোৰ কৰুণ গানৰ ব্যথা
মোৰ মৰম সনা কথা৷
তেনে মোৰ ফুলনিৰ ৰঙা গোলাপ
কিয় চিঙিলি
তোৰ কেণিত মোৰ শেৱালি কিয় তুলিলি?
তোৰ সোণবৰণৰ ৰিহাৰ আগত
কিয়, মোৰ নামটো লিখা
তোৰ মোক চাই থকা পদুম চকুত
জ্বলে,---- কিয় জ্যোতি শিখা?