তিনিজন ডেকা পণ্ডিত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিনিজন ডেকা পণ্ডিত
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
ককাদেউতা আৰু নাতিল’ৰা গ্ৰন্থৰ ৬ষ্ঠ সাধু


ককা৷- “সোণাই, আজি দেখোন তই সাধু শুনিবলৈ অহা নাই?”

নাতি৷-“পঢ়াশালিৰ পাঠ পঢ়িবলৈ অলপমান বাকী আছে৷আৰু দহমিনিটমানৰ মূৰতে হৈ যাব৷”

ককা৷-“বাৰু শেষ কৰি আহ, লৰালৰি কৰিব নালাগে, ইয়াৰ ভিতৰতে মই তামোলখন খুন্দনাটোত ভালকৈ খুন্দি লওঁ৷”

দহমিনিটমানৰ পিছত তাৰ পঢ়া শেষ কৰি নাতিয়েক ওচৰ চাপি আহিলত ককাকে আৰম্ভ কৰিলে,-

                              

উজনি ফালৰ তিনিজন ডেকাই নবদ্বীপত পঢ়ি পণ্ডিত হৈ ঘৰলৈ উভতি আহিছিল৷ বাটে বাটে আহি থাকোতে তেওঁলোকে এদিন মহৰ খোজ এটা দেখা পালে৷ এজনে ক’লে “এইটো এজনী মাইকী মহৰ খোজ;” আন এজনে ক’লে “মহজনী গাভিনী;” তৃতীয়জনে মাত লগালে “মহজনীয়ে এই মাত্ৰ মতা পোৱালী এটা প্ৰসৱ কৰিছে৷” তেওঁলোকৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে তিনিওজনে মহৰ খোজে খোজে গৈ মহজনী পাই দেখিলে যে সকলো সঁচা৷

এই মহজনী এজন ৰজাৰ৷ তিনিদিন মানৰ আগৰে পৰা মহজনী হেৰাইছিল৷ ৰজাই মহ বিচাৰিবৰ নিমিত্তে কেইটামান মানুহ পঠাই দিছিল৷ মানুহ কেইটাই বিচাৰি আহি হেৰোৱা মহজনী আঁতৰৰপৰা দেখি তাইৰ ওচৰ চাপিল, আৰু তিনিজন মানুহে মহজনী বেঢ়ি থকা দেখি মহে সৈতে তেওঁলোকক চোৰ বুলি ধৰি লৈ গ’ল৷ সিহঁতে মহজনী খুটিত বান্ধি তেওঁলোক তিনিওকো মহ-চোৰ বুলি ৰজাৰ আগত দিলেগৈ৷ ৰজাই সোধপোছ নোহোৱাকৈয়ে তেওঁলোকক বন্দীশালত থবলৈ আদেশ দিলে৷ বন্দীশালত থাকোঁতে তিনিওজনে এইদৰে কথা-বাৰ্ত্তা হবলৈ লাগিল:-প্ৰথমজনে ক’লে “হেৰাঁ, ই নহয় সি হে৷” দ্বিতীয়জনে “কিয়, সি হোৱা হ’লে তেনে কৰিলহেঁতেন নহয়?” তৃতীয়জনে মাত লগালে “তেনে সি কৰা নাই নো কি?” বন্দীশালৰ ৰখীয়া বিলাকে এই কথা শুনি থাকি ৰজাক লগাই দিলেগৈ৷ ৰজাই তেওঁলোকক মতাই নি সুধিলে,“তোমালোকে বন্দীশালত থাকোঁতে ‘ই নহয় সি হে’, ‘ই নহয় সি হে ‘তেনে কৰা নাই নো কি?’ বুলি কি কৈছিলাহঁক মোৰ আগত ভাঙি কব লাগে, নহলে তোমালোকৰ মূৰ কটা যাব৷” ৰজাৰ এনেকুৱা কথা শুনি তেওঁবিলাকে ভাবিলে, আমি এনেও মৰিম তেনেও মৰিম, হেনজানি সকলো কথা ভাঙি কোৱাই যাওক৷ প্ৰথমজনে কবলৈ ধৰিলে, “মহাৰাজ, মই কৈছিলোঁ যে ‘ই নহয় সি হে’, তাৰ অৰ্থ এই যে, এই দেশৰ ৰজাজন মানুহ নহয় গৰু হে৷” দ্বিতীয়জনে ক’লে “মহাৰাজ, মই কৈছিলোঁ বোলোঁ, ‘সি হোৱা হ’লে তেনে কৰিলেহেঁতেন নহয়?’ অৰ্থাৎ গৰু হোৱা হ’লে ঘাঁহ খালেহেঁতেন৷” তৃতীয়জনে ক’লে “মহাৰাজ, মই কৈছিলো যে ‘তেনে কৰা নাই নো কি? তাৰ অৰ্থ এই যে, ঘাঁহো খোৱা নাই নো কি?” ইয়াকে কৈ তিনিওজন মনে মনে থাকিল৷ ৰজাই আকৌ সুধিলে, “তোমালোকে নো কি বাবে মোক গৰু পাতিছিলা তাৰ সহজ উত্তৰ দিব পাৰিলে তোমালোকৰ প্ৰাণ ৰক্ষা পৰিব, নহলে তিনিও কটা যাবাহঁক৷” প্ৰথমজনে কবলৈ ধৰিলে “মহাৰাজ, আমি তিনিওটি বামুণৰ ল’ৰা; ভাটীৰ নবদ্বীপত কেবাবছৰো নানান সংস্কৃত শাস্ত্ৰ পঢ়ি পণ্ডিত হৈ আহিছোহঁক৷ বাটত আহি থাকোঁতে কালি ৰাতিপুৱা এটা মহৰ খোজ দেখি মই ক’লো এইটো এজনী মাইকী মহৰ খোজ৷ (দ্বিতীয়জনলৈ আঙুলিয়াই) এওঁ ক’লে, মহজনী গাভিনী৷ (তৃতীয়জনলৈ আঙুলিয়াই) এওঁ কলে মহজনীয়ে এইমাত্ৰ মতা পোৱালি এটা প্ৰসৱ কৰিছে৷ পাছে মহৰাজ, আমাৰ বিদ্যা-বুদ্ধিৰ পৰিচয় লবৰ নিমিত্তে মহৰ খোজে খোজে তিনিও গৈ মহজনীয়ে অলপ আগতে এটি মহৰ পোৱালি জগোৱা দেখি আমাৰ কথা সঁচা হ’ল বুলি ভাবি আমি মনত ৰং পাই অলপ পৰ মহজনী আৰু পোৱালিটো চাই ৰৈ আছোঁ, তেনেতে মহাৰাজে মহজনী বিচাৰি পঠিওৱা মানুহ কেইটা তাতে ওলালগৈ আৰু মহজনীয়ে সৈতে আমাক মিছাকৈয়ে চোৰ বুলি ধৰি লৈ আহিল৷ মহাৰাজেও একো বিচাৰ নকৰাকৈ আমাক বন্দীশালত থোৱালে; সেই কাৰণে আমি কৈছিলোহঁক যে, যি ৰজাই দোষ বিচাৰ নকৰাকৈ দণ্ড দিয়ে সেই ৰজা মানুহ নহয় গৰু হে৷” তেতিয়া ৰজাই লাজ পাই ক’লে ‘হয়, অৱশ্যে এইটো মোৰ অবিচাৰ হৈছিল৷ মই এতিয়াৰপৰা সোধপোছ নোহোৱাকৈ কেতিয়াও দণ্ড নিদিওঁ৷” এই বুলি ৰজাই তেওঁলোকে তিনিওকে নিজ নিজ ঘৰলৈ বিদায় দিলে, আৰু ঘৰৰপৰা উভতি আহি তেওঁৰ সভাত বৃত্তি-বিধান লৈ থাকিবলৈ মাতি পঠালে৷