এক হাতী আৰু ফেঁচাৰ কথা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এক হাতী আৰু ফেঁচাৰ কথা
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
ককাদেউতা আৰু নাতিল’ৰা গ্ৰন্থৰ ২য় সাধু


নাতি-“ককাদেউতা, কালিৰ সাধুটো বেছ৷ আজিও এটা কব লাগিল নহয়৷”
ককা-“লাগিল তো৷মই কথাৰ ‘খিলাপ’ নকৰো, তয়ো নকৰিবি শুন-”

এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খোৰোঙত বাহ লৈ আছিল৷ সেই গছৰ তলেদি এক গজেন্দ্ৰ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা-যোৱা কৰিছিল৷ দৈবাৎ এদিন ফেঁচাই বাহ লোৱা গছজোপা পানীত হালি পৰিল৷ ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল’লে৷ সেই দিনাৰপৰা ফেঁচা আৰু হাতী দুয়ো দুয়োৰে মহা মিত্ৰ হ’ল৷ এদিন পাৰ্ব্বতীৰ বাঘে সমাজিক দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে৷ স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক ক’লে, “স্বপ্নত দেখিছ যেতিয়া, তই গজেন্দ্ৰৰ মূৰটো খাব পা৷যা খা গৈ৷” বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে৷ সিফালৰপৰা হাতী পানী খাবলৈ আহিলতে বাঘে হাতীক ক’লে, “ককাই, আজি তোৰ মূৰটো সমাজিকত খাইছিলোঁ, পিছে ডিঠকতো খাব পায় নে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে; এতেকে এতিয়া মই তোক খাওঁ৷তই কি কৰ কৰি ল বেগতে৷” বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ’ল ;আৰু সি একো নামাতি ৰৈ থাকিল৷ ফেঁচাই সখিয়েকৰ ভয় দেখি বাঘক ক’লে, “বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই; কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেউক সুধি লওঁ৷ এতেকে বলা আমি তিনিও মহাদেউৰ ওচৰলৈ যাওঁ৷” বাঘফেঁচাৰ কথাত সন্মত হ’লত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে৷ কিন্তু ফেঁচাই সিহঁতক পাচ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে৷ মহাদেৱে “ফেঁচাৰ কি হৈছে” বুলি সোধাত ফেঁচাই চক্‌মক্খাই সাৰ পোৱা যেন দেখুৱাই ক’লে, “প্ৰভু মই এতিয়াই স্বপ্নত পাৰ্ব্বতীক বিয়া কৰাইছিলোঁ; পাছে দিঠকতো বিয়া কৰাবলৈ পাম নে নেপাম?” মহাদেৱে ক’লে, “স্বপ্নত পালি বুলিয়েই পাবি নে? নেপাৱ৷” ফেঁচাই কলে, “কিয়, তেনেহলে বাঘে নো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি ডিঠকত খাবলৈ পালে?” মহাদেৱে ক’লে “অ, বাঘেও গজেন্দ্ৰক খাব নোৱাৰে৷” এনেতে হাতী আৰু বাঘ আহি ওলালহি৷ বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰ’ল, হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল৷