ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/বেটুপাতৰ দ্বিতীয় পৃষ্ঠা

ৱিকিউৎসৰ পৰা
[ বেটুপাতৰ দ্বিতীয় পৃষ্ঠা ]
 

দুৰ্দম প্ৰকৃতিৰ বাধা প্ৰতিহত কৰি চৰম দুৰ্যোগৰ মাজতো জীৱনক জয়ী কৰোৱা অদম্য সাহসৰ কাহিনীৰে ৰচিত কেইবাখনো উপন্যাস বিশ্ববিখ্যাত হৈছে। অসীম সাগৰৰ উত্তাল বুকুৱেদি পাৰ আহি পাবলৈ সমৰ্থ হোৱাৰ অবিশ্বাস্য কাহিনীৰে অনেক ৰোমাঞ্চকৰ সাহিত্য ৰচনা হৈছে, চিনেমাও হৈছে বেছ কিছু। এনেধৰণৰ সফল সাহিত্যৰ অন্যতম মাৰ্কে’জৰ ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ’। কলম্বিয়াৰ নৌ বাহিনীৰ এগৰাকী ২০ বছৰীয়া নাৱিক লুই আলজেন্দ্ৰো ভেলাছকো হ’ল এই কাহিনীৰ নায়ক।
১৯৫৫ চনত আমেৰিকাৰ আলাবামাৰ মবিল নামৰ বন্দৰৰ পৰা কলম্বিয়াৰ কাৰ্টিজেনা অভিমুখে যাত্ৰা কৰিছিল কলম্বিয়ান ডেষ্ট্ৰয়াৰ কালাডাছ। সেই জাহাজতে আছিল আলজেন্দ্ৰো। কলম্বিয়া পাবলৈ কেইঘণ্টামানৰ পথ বাকী থাকোঁতেই আচম্বিতে দুৰ্যোগত পতিত হয় জাহাজখন। ‘ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক’ উপন্যাসখনত সেই ৰোমহৰ্ষক কাহিনীয়ে বৰ্ণিত হৈছে।

প্ৰচ্ছদঃসুমন দাস

Price:₹100/-