জোনৰ জোনাক ভাল পোৱা
Jump to navigation
Jump to search
←জোনৰ জোনাক চোতালে চোতালে | জোনৰ জোনাক ভাল পোৱা লেখক |
জোনৰ জেউতি ফুলনিত পৰি→ |
জ্যোতি সংগীত |
জোনৰ জোনাক ভাল পোৱা
পখিলা এটা আছে
জোন দেখিলে
উৰি উৰি
ফুৰ্ফুৰ্কৈ নাচে৷
বেলি দেখিলে
পাতৰ আঁৰত
জোন দেখিলে
আপোন সুৰত
নিশা ফুলা শেৱালি ফুলক
চুবকে’ মৰম যাচে
গোটেই ৰাতিটো মৌ বিচাৰি
পুৱতিলৈ সাঁচে৷
সি হিমৰ টোপাল পিন্ধিবলে’, বৰ ভাল পাই
সেইহে নিশা ফুৰিবলৈ যায়৷৷