জীৱন সঙ্গীত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জীৱন সঙ্গীত
লেখক আনন্দ চন্দ্ৰ আগৰৱালা

শোকৰ কবিতা ৰচি দুধাৰি চকুলু মচি
নক'বা জীৱন মিছা, নিশাৰ সপোন ।
অসাৰ সংসাৰ ভাই ইয়াত সকাম নাই
মোহময় মায়াময় সকলো মাথোন ।।

পুত্ৰ কন্যা পৰিবাৰ কোন তৱ তুমি কাৰ
বুলি হেৰা অকাৰ্য্যত নকৰা বেজাৰ ।
কলা ঘুমটীয়া হই আত্মা যে আছে ৰই
জানিবা মৰণ নাই এই আত্মাৰ ।।

অস্থায়ী মানৱ দেহা কৰিম দুদিন বেহা
ফুৰিম দুদিন মাথো সংসাৰ হাটত ।
দুদিনৰ অন্ত হ'লে আয়ুষ ঢুকাই গ'লে
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত ।।

চকু কাণ নাক যাব হাড় ছাল সাং হ'ব
মাটিৰ মানুহ তুমি মাটিত মিলিবা ।
অবিনাশী নিত্যধন অমৰণ অভগন
অনন্ত উন্নতিশীল আত্মা জানিবা ।।

সদায় চকুলো টোকা দুখত মগন থকা
ভোগ সুখ জীৱনৰ উদ্দেশ্য নহয় ।
এনেভাবে কাম কৰা দিনে যেনে আগবঢ়া
প্ৰতিদিনে খোজ যেন আগলৈহে যায় ।।

পল পল দণ্ড কৰি সময় গৈছে উৰি
পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম ।
বহু দূৰ আছে গতি সময় তাকৰ অতি
কৰিব লগিয়া আমি আছে বহু কাম ।।

দিন যায় আহে ৰাতি আয়ুষ গৈছে টুটি
লাহে লাহে চমু চাপি আহিছে মৰণ ।
সংসাৰ যুজৰ ঠাই শুবৰ সকাম নাই
কাচি-পাৰি যুজা সৱে কৰি প্ৰাণ পণ ।।

এলাহ নিহালী থোৱা বীৰবেশ গাত লোৱা
নহ'বা মৰাৰ প্ৰায় মানুহ-সন্তান ।
নহ'বা গৰুৰ দৰে খুচিলেহে খোজ ধৰে
ৰণত বীৰেন্দ্ৰ বুলি হোৱা খ্যাতিমান ।।

কল্পনা চকুৰে চোৱা যেনেকি সুন্দৰ পোৱা
নকৰিবা দূৰ ভবিষ্যক পতিয়ন ।
অতীত মৰি গ'ল তাৰ কথা অন্ত হ’ল
মনৰ পৰাই তাক কৰা বিসজ্জৰ্ন ।।

যিহকে আগত পোৱা ততালিকে কৰি যোৱা
জীৱন্ত জাগ্ৰত বত্তৰ্মান সময়ত ।
সাহক সাৰথি কৰা কত্তৰ্ব্যৰ আগে লৰা
ঈশ্বৰ কৰুণাময় আছে ওপৰত ।।

মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ
আমিও কৰিব পাৰো জীৱন গঢ়িত ।
অভিনয় শেষ হ'লে জীৱনৰ অন্তকালে
থই যাব পাৰো খোজ সময় বালিত ।।

কেতিয়াবা হ'ব পাৰে কোনো দুভৰ্গীয়া নৰে
জীৱন সমুদ্ৰ মাজে নাও বুৰ গই ।
অঠাই পানীত পৰি কক্ বক্ কৰি কৰি
ঢউৰ কোবত যদি আহি পাৰ পায় ।।

দেখি সেই খোজবোৰ হ'ব তাৰ আশা ঘোৰ
সাহ কৰি খোজে খোজে খোজ ল'ব পাৰে ।
তেনে হ'লে বলা ভাই শুবৰ সকাম নাই
অপূৰ্ব জেউতি চোঁৱা ‘উন্নতি’ৰ শিৰে ।।

শিকা সৱে পৰিশ্ৰম, শিকাহে নীতি-ধৰম,
নেভাবিবা সুখ-দুখ কিনো কপালত ।
কত্তৰ্ব্যৰ পাচে লৰা ক্ৰমাগত কাম কৰা
ফলা ফল ফল দাতা বিভূৰ হাতত ।।