জাগা জাগা নক্ষত্ৰৰ

ৱিকিউৎসৰ পৰা


জাগা--- জাগা
        নক্ষত্ৰৰ প্ৰভাতে প্ৰভাতে
হাঁহা --- সকলো সন্ধিয়াৰে
        ভুৱনে ভুৱনে বিয়পি

তোমাৰ হাঁহিয়ে
        কোটি জগতৰ
        আকাশ কৰিছে ময়াপী৷

তোমাৰ স্বৰৰ লহৰে
         অনন্তৰ অন্ত বিচাৰি
         তোমাতেই অন্ত পায়৷

তোমাৰ কণ্ঠেৰে
কণ্ঠৱতী
         কোনে মতা নাই?
         কোনে মতা নাই?