জয় জয় যাদৱ, জলনিধিজাধৱ ধাতা
।। ৰাগঃ আশোৱাৰী ।। তালঃ পৰি ।।
ধ্ৰুং।। জয় জয় যাদৱ, জলনিধিজাধৱ ধাতা।
শ্ৰুতমাত্ৰখিল-ত্ৰাতা, স্মৰণে কৰয় সিদ্ধি
দীনদয়ানিধি, ভকত মুকুতিপদদাতা।।
পদ।। জগজন-জীৱন অজন-জনাৰ্দ্দন
দনুজদমন দুখহাৰী।
মহদানন্দ কন্দ পৰমানন্দ
নন্দনন্দন বনাচাৰী।।
বিবিধ বিহাৰ বিশাৰদ শাৰদ
ইন্দু নিন্দি পৰকাশী।
শেষ শয়ন-শিৱ কেশী-বিনাশন
পীতবসন অবিনাশী।।
জগত বন্ধু বিধু মাধৱ মধুৰিপু
মধুৰ মূৰুতি মুৰনাশী।
কেশৱ চৰণ সৰোৰুহ কিঙ্কৰ
শঙ্কৰ এহু অভিলাষী।।