আনন্দে গোবিন্দে বায় বৃন্দাবনে বেণু

ৱিকিউৎসৰ পৰা
।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰু।। আনন্দে গোবিন্দে বায় বৃন্দবনে বেণু।
ৰূপে ভুৱন ভুলে, ৰহিয়া কদম্ব মূলে,
কালিন্দী তীৰে ৰাখে ধেনু।।
পদ।। গোপশিশু সঙ্গে চলে শিৰে শিখণ্ডক দুলে
কৰ্ণে কুণ্ডল গণ্ড লোলে।
কেয়ুৰ কঙ্কণ কৰে উৰে মনমালা লুলে
মধুৰ মধুপ মধু ভুলে।।
কটি কাঞ্চী কিঙ্কীণী বাজত ৰিণি ঝিণি
শ্যামতনু শোভে পীতবাসে।
বাম-কাষে শিঙা বেত অৰুণ পঙ্কজ নেত্ৰ
কণ্ঠে কৌস্তুভ পৰকাশে।।
ত্ৰিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰূৱ ভাস
দৰশিয়া লীলা বিলাসে।
চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পুৰে
শঙ্কৰে কহ অভিলাষে।।