জয়তি পৰমানন্দ এ নন্দকুমাৰ
।। ৰাগঃ শ্ৰী।। একতাল।।
ধ্ৰুং।। জয়তি পৰমানন্দ এ নন্দকুমাৰ।
নিগম-নিগূঢ় হৰি ভয়ো অৱতাৰ।।
পদ।। তেজিয়া বৈকুণ্ঠ এ চিদবিলাস।
কি লাগি কমলাপতি ব্ৰজে কৈলা বাস।।
শঙ্খ-চক্ৰ-গদা-পদ্ম তেজি অস্ত্ৰ চাৰি।
কি লাগি ভইলা শিঙা বেত-বেণুধাৰী।।
কোটি কোটি ব্ৰহ্মাণ্ডৰ তেজিয়া বিভূতি।
কি লাগি হইলা প্ৰভু গোপেৰ মূৰুতি।।
যাৰ আজ্ঞা-বাণী ব্ৰহ্মা হৰে শিৰে ধৰে।
সোহি আজ্ঞা পালা কেনে গোৱালীৰ ঘৰে।।
যাৰ পদৰেণু শিৰে ধিৰে দিগপাল।
সোহি প্ৰভু ভৈলা কেনে ব্ৰজে ৰাখোৱাল।।
কহয় মাধৱদাস দিন মতিহীনা।
সহজে দয়ালু হৰি ভকতি অধীনা।।