জন্ম যাত্ৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


    নমঃ শ্ৰীকৃষ্ণায়।।

       শ্লোক।।

নক্ষত্ৰমিত্ৰ নৱনীত সদৈৱ চৌৰম্
সৰ্বেষামেৱ জগতামুদৰা শ্ৰয়ানাম্।
আক্ৰোশকাৰণমহো নিতৰাম্বভূৱ
তং দৈৱকী জঠৰজাত সুতং হি বন্দে।।১।।

সূত্ৰ-আহে সামাজিক লোক, যোহি পৰমপুৰুষ পুৰুষোত্তম নাৰায়ণ, যাহেৰ কটাক্ষে সৃষ্টি-স্থিতি প্ৰলয় হইতে আছে, ব্ৰহ্মাৰুদ্ৰাদি চৰণ কিঙ্কৰ; যাহেৰ নাম স্মৰণ মাত্ৰ, চাণ্ডাল পজন্তে পৰম গতি পাৱত, সোহি পৰম ঈশ্বৰ, পৰম কৃপালু,কলিৰ মলিন লোকক অনুগ্ৰহে ভূমিক ভাৰ হৰণ নিমিত্তে, দৈৱকীৰ গৰ্ভে বেকত হুয়া কহোঁ, পৰম ঈশ্বৰৰূপে পিতৃক মাতৃক আগে উপৰি জন্মৰ কথা কয় কহোঁ, মায় মনুষ্যা বালক ৰূপে গোকুলে পলাৱল, সোহি কৃষ্মক জন্ম-যাত্ৰা ওহি সভামধ্যে কৰাঅৱ। তাহেক দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰিবোল।
তদনন্তৰে ব্ৰহ্মা যৈছন প্ৰবেশ কয়ল, তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰিবোল।

    গীতঃ ৰাগ-আশোৱাৰী
    আৱত বিধি মুনিগণ সঙ্গে।
    চৌভিতি বেদ উচৰয় ৰঙ্গে।।

পদ।। দেৱ সিদ্ধ সব উপাসিয়া যাই।
    আগহি নাৰদ হৰি গুণ গাই।।
    কৰোতু ঘনে ঘনে হৰি বোল।
    হৰিপদে গতি গোপালে বোল।।১।।

সূত্ৰ-ঐচন প্ৰবেশ কয় ব্ৰহ্মা পাশ হুয়া ৰহল। তদন্তৰে বসুমতীক প্ৰবেশ দেখহ শুনহ।

    গীতঃৰাগ-একতালি
    আৱত বসুমতী কয় পৰবেশ।
    দুখ-শোকে অধিক শৰীৰ ভৈলা ক্লেশ।।

পদ।। ধীৰে ধীৰে চলয় পাছে বিধিৰ মন্দিৰ।।
    নয়নে বহে নীৰ। পবেশিলো গৈয়া।
    পড়িআ চৰণ আগে নিবেদিলে দুখ।
    কহয় গোপাল দীন পৰম মুৰুখ।।২।।

সূত্ৰ-ঐচন প্ৰকাৰে বসুমতী প্ৰবেশ কয়, বিধাতাকু আগু যে বোলল তাহেক শুনহ।
বসুমতী-আহে বিধাতা, পৰম দেৱকু দেৱতা, সকল জগত সৃষ্টি কৰতা, হামাক ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ সকল সাধন হেতু নিৰ্ম্মাণ কয়ল। সোহি ধৰ্ম্ম দুষ্ট দৈত্য-দানৱ দূৰ কয়ল। তাহেৰ ভাৰ সহিতে নপাৰি হামু অধোগতি যাঁঞা, তোহাৰ আগে কি কহব?
সূত্ৰ-তদন্তৰে ব্ৰহ্মা ভূমিক দুখ দেখিয়ে মনে পৰম কৰুণা মিলল, ত্ৰিদশ দেৱতা সহিতে ক্ষীৰোদধি তীৰে গয়াকহোঁ, সমাধি ধৰিয়ে হৰি আৰাধনা কয়ে লাগল, তাহে দেখহ শুনহ।
ব্ৰহ্মা-আহে দেৱতা সব, তোৰাসব সমাধিত কি দেখল কি শুনল?
ব্ৰহ্মা-অঃ তোৰাসব নাহি শুনল? হামু যে শুনলু ঈশ্বৰক বাণী, তাহে শুনহ। শ্ৰীকৃষ্ণ ভূমিক ভাৰ হৰব। তোৰাসব গোকুলে জনম ধৰহ। দেৱ-নাৰী সবো গোপীৰূপে গোকুলে জনম ধৰব। হে ঋষিসব, তোৰাসব গোকুলে বত্স ৰূপে জনম ধৰহ। আহে অদিতি কাশ্যপ, তোৰাসবে যদুকুলে জনম ধৰহ। হে দ্ৰোণ, হে ধাৰা, তোৰাসব নন্দ-যশোদা ৰূপে গোকুলে জনম ধৰহ। কৃষ্ণক জনম নিমিতে অনন্ত যোগমায়া অৱতাৰ ধৰব।
সূত্ৰ-ওহি বুলি ব্ৰহ্মা দেৱতা সবক আদেশ কয়ল। ভূমিক আশ্বাস বাণী বুলিয়ে নিজ মন্দিৰে চলল।
তদন্তৰে মথুৰা পুৰীক ৰাজা উগ্ৰসেন, তাহেক ভাতৃ দেৱক দৈৱকীকু বিবাহ নিমিত্তে সবান্ধয়ে বৰ জিজ্ঞাস কয়ে লাগল। কন্যাক সদৃশ বৰ কোন থানে নাহি, একে বসুদেৱ বিনো, ওঁহি নিচ্ছয় কৰি, যৈছে দূত পঠাই বসুদেৱক অনাঅল, তাহেক দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি বোল।

          গীতঃ ৰাগ গৌৰী।। মান চুটকলা।।

ধ্ৰুং।। আৱে বসুদেৱ        পৰম ৰঙ্গ মনে
              চৌভিতি যাদৱ বেঢ়ি ৰে।
     আগে দীপ ঘট        নাচে নটি-নট
              কৰিআ মঙ্গল খেড়ি ৰে।।

পদ।। সুন্দৰী পদ্মিনী        নাৰী গন চলে
              উৰুলি মঙ্গল হৰি বোলেৰে।
    কিঙ্কিনী কঙ্কণ        নেপূৰ ৰুনঝুন
              বয়ন চান্দ উজোৰে।।
    মৃদঙ্গ দুন্দুভি        তাল-কৰতাল
              শৱদে বহু বিধ ৰোল।
    চৌভিতি জয় জয়        মিলল মহোত্সৱ
              দীন গোপাল বোল।।৩।।

সূত্ৰ-ঐচন প্ৰকাৰে বসুদেৱ প্ৰবেশ কয়ে, এক পাশ হুয়া ৰহল। তদন্তৰে দৈৱকীৰ প্ৰবেশ দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি বোল।

            গীতঃৰাগ গৌৰী

ধ্ৰুং।। সখীসব সঙ্গে        চলিল দৈৱকী
              বিবাহ মন্দিৰ মাজে।
    হংসৰ গামিনী        কুৰঙ্গ নয়নী
              পেখী শশধৰ লাজে।।

পদ।। মুকুট কুণ্ডল        কেয়ুৰ কঙ্কণ
              গলে গজমতি জ্বলে।
    কঙ্কণ কিঙ্কিনী        বাজে ৰিনি ঝিনি
              নেপূৰ পদ-কমলে।
    বিধিয়ে নিৰমিল        কণক পুতলি
              ত্ৰৈলোক্য নাহি উপাম।
    দীন হীন মতি        কহয় গোপাল
              ডাকি বোলা ৰাম ৰাম।।৪।।

সূত্ৰ-আহে সামাজিক লোক, যৈচন প্ৰকাৰে দেৱক বসুদেৱত দৈৱকীক বিবাহ দেলহ, তাহাকে দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি বোল।

           গীতঃ ৰাগ সুহাই।। যতিমান।।

              বসুদেৱ বিবাহ কৰতু হৰিষে।
     পেখিয়ে সুৰ        সিদ্ধ মুনি কিন্নৰ
               আনন্দে কুসুম বৰিষে।।

পদ।। দুই হানো কেশকু        এক থান কৰিয়ে
               দেৱক ঢালিলেক পানী।
    পেখিয়ে গৰ্গ        শ্ৰুৱ ধৰি হাতত
               কৌতুকে বেদ বখানি।।
    চৌভিতি ঢাকয়        মৃদঙ্গ-ঢোল-দুন্দুভি
               উৰুলি মঙ্গল হৰি বোল।
    গজ-বাজী-ৰথ        ৰতন বহু যৌতুক
               দীন গোপাল এহু বোল।।৫।।

সূত্ৰ-ঐচন প্ৰকাৰে বসুদেৱ দৈৱকীক বিবাহ কৰিয়ে, পৰম কৌতুকে সুবৰ্ণৰ ৰথে চৰিয়ে, কন্যা সমন্বিতে নিজ মন্দিৰে চলিল। সোহি সময়ে কংস ভগিনীক প্ৰীতি সাধিত্ৰ, ৰথে চড়ি বাঘজড়ি ধৰিয়ে ঘোঁড়া ডাকিতে লাগল।
সোহি সময়ে আকাশী বাণী পড়ল, "হে কংস যাক লৈয়া যাস এহিৰ অষ্টম পুত্ৰে তোৰ প্ৰাণ লৱৰ।" তাহেক শুনিয়ে পৰম ভীতি হুয়া, দৈৱকীৰ কেশত দৰিয়ে কাটিতে খোজয়, পেখিয়ে বসুদেৱে যৈছন প্ৰবোধ কয়ল, তা দেখহ শুনহ।
বসুদেৱ-আহে মহাৰাজ কংস, তোহাৰ গুণক তিনিও লোকে জানয়, বীৰসবে বখানয়, কমনে মৃত্যুক ভয়ে পাপ আচৰিতে চাৱ। জন্তুৰো মৃত্যু দেহা সঙ্গে জনময়, ওহি জানি দৈৱকীক বধিতে উচিত নোহে। তোমাৰ কনিষ্ঠা ভগিনী জীৱ প্ৰায়।
সূত্ৰ-ঐচন প্ৰকাৰে বসুদেৱে বিনয় বোলয়, কংসে শুনয়ে নাহি। পুনঃ বসুদেৱ চিন্তিতে লাগল। অঃ কি দৈৱকীৰ গৰ্ভে পুত্ৰ নজন্ময়? কি কংস মৰয়? কি পুত্ৰ নজময়, তাহেৰ হাতে কি ইহাৰ মৃত্যু হয়? দৈৱ গতিক বুজয়? এহি শুনি বোলয় লাগল, তাহাক শুনহ।
বসুদেৱ-আহে কংস ৰাজ, তোহু যে আকাশী বচন শুনল দৈৱকীত হন্তে তোহাৰ মৃত্যু নাহি। ইহান অষ্টম গৰ্ভক পুত্ৰত মৃত্যু ভয় হয়াছৈই, পুত্ৰ সব উপজিলে তোমাত অৰ্পিবো।
সূত্ৰ-ওহি বুলি বসুদেৱ মৌনে ৰহল। কংস দৈৱকীক তেজিয়ে পৰিঅৰ্তি নিবৰ্ত্তি গৈল। বসুদেৱ দৈৱকী সহিত নিজ গৃহে প্ৰবেশল। তদন্তৰে দৈৱকীৰ গৰ্ভে কীৰ্তিমন্ত নামে পুত্ৰ জাত ভৈল। তাহেক বসুদেৱ কংসক আগে দেলহ, দেখি কংসে বসুদেৱক প্ৰশংসি যে বোলল, তা দেখহ শুনহ।
কংস-আহে বসুদেৱ, সাধু সাধু তুহু পৰম মহন্ত। তোহো সম সত্যবাদী নাহি। ওঁহি বালক সত্বৰে লৈয়া যাৱ। ইহাত কোন ভয় নাহি, তোহোক অষ্টম গৰ্ভক পুত্ৰ হামাক দেৱহ।
সূত্ৰ-কংসৰ বচন শুনি বসুদেৱ পুত্ৰ কোলে ধৰিয়ে আপন মন্দিৰে গেলহ। তাহে শুনি নাৰদ খেদ কৰিতে লাগল।
নাৰদ-হা হা কি ভেল? দেৱকাৰ্য্য নাহি সিজল।
সূত্ৰ-ওহি বুলি নাৰদ যৈছে কংসক পাশে আৱত তা দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি বোল।

গীতঃ ৰাগ আশোৱাৰী।। পৰিতাল

ধ্ৰং।। আৱত নাৰদ হৰিগুণ গাই।
নাচত হৰিষে বীণা বজাই।।

পদ-সাধিব দেৱক কাৰ্য্য ওহি বুলি ঋষি।
কংসৰ সভাত আসি মিলিলা হৰিষি।।
ৰাজাক সম্বুধি হসি নাৰদ বোল।
কৰু সব অব নৰ হৰি হৰি বোল।।৬।।

সূত্ৰ-আহে সভাসদ সব, কংসৰ সভা প্ৰবেশি নাৰদ যোহি বাণী বোলয়ে লাগল, তা দেখহ শুনহ।
নাৰদ-আহে ভোজৰাজা বসুদেৱক পুত্ৰ নাহি মাৰল?
কংস-হে মহামুনি নাৰদ, ওহি বসুদেৱ পৰম মহন্ত, মহা সত্যবাদী ইহান সপ্তম পুত্ৰত আমাৰ মৃত্যু ভয় নাহি।
নাৰদ(বিহসি)-আহে কংস, তুহোঁ পৰম অজ্ঞান, হামু যে কহু তা শুনহ। ওহি বসুদেৱ প্ৰমুখ্যে যত যাদৱ, দৈৱকী, যশোদা আদি যত নাৰী, ঐ সৱ দেৱ-অংশ। তুহোঁ কালনিমি নামে পূৰ্বে দানৱ হৈয়াছিলি, তোহাক হৰি মাৰল দৈৱকীৰ গৰ্ভে পুনু উপজি তোহাক মাৰব।
সূত্ৰ-ওহি বুলি নাৰদ চলল। নাৰদক বচন শুনি কংস পৰম ভীতি হুয়া, দৈৱকী বসুদেৱক গৃহে আনিয়ে বন্দী কয়ল। যাদৱ বংশক হিংসা কৰিতে লাগল, উগ্ৰসেনক ৰাজ্যভাৰ কাঢ়ি লে লহ। যদুবংশ পৰম পীড়া পাই হৰি-ভকতি ৰক্ষা নিমিত্তে নানা দেশ পলাৱল।
তদন্তৰে দৈৱকীৰ ছয় পুত্ৰ কংস মাৰল। সপ্তম গৰ্ভে পাত ভৈল, অষ্টম গৰ্ভে শ্ৰীকৃষ্ণ প্ৰবেশ কয়ল। হৰিক উদৰে ধৰি কহোঁ দৈৱকী প্ৰকাশ নাহি কৰত যৈছে কুম্ভ ভিতৰে দীপ(তদ্বত্)। সোহি সময়ে যৈছে দেৱতাসব তুতি কৰিতে আৱল তাহে দেখহ শুনহ।

গীতঃ ৰাগ কানাৰা।। একতাল

ধ্ৰুং। আৱে চতুৰানন পৰম ৰঙ্গে।
শঙ্কৰ সুৰ মুনিগন সঙ্গে।।

পদ।। গগনে ঘনে গৰজে দশোদিশে।
প্ৰবেশি সূতিকা গৃহে হৰিষে।।
প্ৰণামি পাৱে কৰজুড় দুই।
বোলন্ত তুতি অৱনত হুই।।৭।।

সূত্ৰ- আহে সমাজিক লোক, দেৱতাসব কৰজোৰি নমস্কাৰ কৰিয়ে যৈছে তুতি কৰিতে লাগল, তাহে দেখহ শুনহ।
দেৱতা সব(তুতি)-হে পৰমেশ্বৰ, তোহো মোক্ষৰ সাধন, সনাতন সৰ্ব অন্তৰ্যামী, সংসাৰ মোক্ষৰ কাৰণ, মহাজ্ঞানীগনে ইহাক জানয়। মূৰ্খসবে তোমাক ভেদ মানয়। সন্তৰ ৰক্ষাৰ হেতু তোমাৰ অৱতাৰ, দুৰ্জনক বিনাশি ভূমিক ভাৰ হৰব। তোমাৰ চৰণ-নৌকা যে আশ্ৰয় কৰয়, বত্স-পদ প্ৰায় সংসাৰ তৰয়, অনন্ত সাধনে তৰয়ে নাহি।
সূত্ৰ-আহে সামাজিক লোক, দেৱতাসবে ঐচন প্ৰকাৰে শ্ৰীকৃষ্ণক তুতি কয়ল। দৈৱকীক প্ৰবোধ বুলিয়ে আপুন থান চলি গৈল। তদন্তৰে শ্ৰীকৃষ্ণক জনম নক্ষত্ৰ মিলল, দিশ সব প্ৰসন্ন ভেল, মহন্ত সবৰ মন স্বস্থ ভেল, পৰম সুগন্ধিত বায়ু বহল, সাগৰ সঙ্গে জলধৰ গৰ্জয়। মধ্য ৰাত্ৰি অন্ধকাৰছন্ন ভেল, সোহি সময়ে শ্ৰীকৃষ্ণ জনম ভেল, তাহেক দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল।

গীতঃ ৰাগ বেলোৱাৰ।। তাল ৰূপকমান

দেখৰে নয়ন ভৰিয়ে লোই।
পৰম পুৰুষ অৱতাৰ হোই?

পদ।। কোটি কোটি অণ্ড ৰোমকুপে জাহাৰা।
সো হৰি দৈৱকী উদৰে অৱতাৰা।।
শ্যাম মুৰতি পীত অম্বৰু শোহে।
কঙ্কণ কেয়ুৰ মুকুট হাৰ লোলে।
গতি গোবিন্দ মেৰি গোপালে বোলে।।৮।।

সূত্ৰ-বসুদেৱ অদ্ভূত বালক দেখিয়ে সপটে স্নান কয়ল। মনে অযুত গো-দান কয়ল। বিষ্ণু হেন জানি যৈছে তুতি কয়ে লাগল তাহে দেখহ শুনহ।
বসুদেৱ-হে পৰম ঈশ্বৰ, তোহোঁ পৰম কাৰণ, পৃথিৱীৰ ভাৰ হৰণ নিমিত্তে হামাৰ গৃহে বেকত ভেল, দুষ্টক দণ্ডি সন্তক পালি ধৰ্ম্ম-পথ ৰক্ষা কৰব।
সূত্ৰ-তদন্তৰে দৈৱকী যৈচন তুতি কয় লাগল তা দেখহ শুনহ।
দৈৱকী-হে জগত কাৰণ নাৰায়ণ, কাল সৰ্পক ভয়ে ব্ৰহ্মা-ভূবন পৰ্যন্তে জীৱ পলাৱল। একোয়ে থানে অভয় নাহি পাৱত, কোন ভাগ্যোদয়ে তোহ্মাৰ অভয় চৰণে আশ্ৰয় কয়লোঁ, তাহেক মৃত্যু ভয় চাৰয়। কংস ভয়ে হামাৰ হৃদয় কামনয়, ওঁহি দিব্য ৰূপ সম্বৰহ।
সূত্ৰ-ওঁহি বুলি দৈৱকী মৌন হুয়া ৰহল।
শ্ৰীকৃষ্ণ-আহে পিতৃ, তুহোঁ সুতাপ প্ৰজাপতি, হে মাতৃ, তোহোঁ পৃঞ্চি নামে সতী। পুত্ৰ কামে হামাক বিস্তৰ আৰাধন কয়ল, সেহি জন্মে পৃশ্নিগাৰ্ভ নামে পুত্ৰ ভৈলো। দুতিআ জনমে তোহু অদিতি-কাশ্যপ, হামু বামন পুত্ৰ। তৃতীয়া জনমে বসুদেৱ-দৈৱকী, নিজ ৰূপে জনম ভৈলু। তুহোঁ ওহি জনমে গতি পাৱব। হামাক সত্বৰে গোকুলে নন্দগৃহে লৈয়া যোগমায়াক আনহ।
সূত্ৰ-ওহি বুলি শ্ৰীকৃষ্ণ মায়া মনুষ্যৰূপে বালক ভেল। বসুদেৱ তত্কালে কোলে লৈয়া চলল। দৈৱকী দেখিয়ে যৈছে বিলাপ কয়ল, তা দেখহ শুনহ।

গীতঃ ৰাগ-ধনশ্ৰী।। একতাল।।

ধ্ৰুং।। হেৰি হৰিক মুহে মাই।
ফোকাৰয়ে ঘনে ঘনে নয়ন ঝুৰাই।।

পদ।। আজু জনমি সুত গৈয়ো পৰদেশ।
কতনা লিহিলা বিধি অভাগীক ক্লেশ।।
পুত্ৰৰ সন্তাপে তাপে প্ৰাণ ফুটি যাই।।
কহতু গোপালে গতি গোবিন্দ পাই।।৯।।

মাধৱদেৱে শংকৰদেৱৰ তলৰ বৰগীতটো সংযোজিত কৰিছিলঃ

ধ্ৰুং।। হৰিক বয়নে হেৰি মাই।।
ফোকাৰে নিশ্বাস নীৰ নয়ন ঝুৰাই।।

পদ।।আজু জনসি সুত চল পৰদেশ।
কতনো লিহিল বিধি অভাগিক ক্লেশ।।
বিনো তোহোঁ ৰহৰ জীৱন কৈছে মোই।
কহ শঙ্কৰ কৃষ্ণ বোল সব লোই।।

সূত্ৰ-বসুদেৱ পুত্ৰ কোলে ধৰিয়ে গোকুলে চলল। সোহি সময়ে যোগমায়া জনম ভেল। পহৰি সব নিন্দ্ৰা গেল, দ্বাৰসব বন্ধ চৰল, মেঘ কনিক। বৃষ্টি কয়ল, তাহে পেখিয়ে অনন্ত ফনা ছত্ৰ ধৰল, তাহে দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি বোল।

গীতঃৰাগ-কামোদ।।

ধ্ৰুৱ।। গগনে গৰজে ঘন কোলে লৈয়া নাৰায়ণ
চলে বসুদেৱ ধীৰে ধীৰে
দেখিয়া সহস্ৰানন ভিজে প্ৰভু নাৰায়ণ
ফনাহে ধৰিলা ছত্ৰ শিবে।।

পদ।। পাইলা যমুনাৰ কোল দেখি ঢউ উৰমি ৰোল
বসুদেৱ ভয় ভৈলা মনে।
দেখি বাট দিলা মাজে পাৰ ভৈলা যদুৰাজে
দীন গোপালে এহু ভনে।।১০।।

সূত্ৰ-ঐচন প্ৰকাৰে বসুদেৱ যমুনা চড়াই ক্ষেনেকে নন্দ গৃহে প্ৰবেশিল। কৃষ্ণক থৈয়া কন্যাক কোলে ধৰিয়া পুনু আৱল। দৈৱকীৰ কোলে দেলহ। তাহে দেখিয়ে কন্যা ক্ৰন্দন কয় লাগল। তাহে শুনি পহৰিসব কংসৰ আগু যৈছে জানাৱল তাহে দেখহ শুনহ।
পহৰি সব-আহে মহাৰাজ কংস, দৈৱকীৰ পুত্ৰ জনম ভেল।
সূত্ৰ-তাহে শুনি কংস পৰম ভীতি হুয়া সূতিকা-গৃহে যৈছে আৱল, তাহে দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল।

গীতঃৰাগ-কানাৰা।।

ধ্ৰুং।। আৱত কংস ভয় হুয়া বৰ।
হাতে খাণ্ডা ধৰি দিলে লৱৰ।।

পদ।। পৰম ক্ৰোধ বেগে যাই ধাই।
পৰিলা পথত উঝণ্টি খাই।।
ৰাত্ৰি অন্ধকাৰ দিশ নাপাই।
ফুৰয় ঘাৰ-মুটুকুৰি খাই।
গৰজি বোলে কাহে যাইবি হৰি।
আফালি মাৰিবো পাৱত ধৰি।।
ফোপাই যেন নাগ মুকুত কেশ।
ভৈলন্ত সুতিকা গৃহে প্ৰবেশ।।১১।।

সূত্ৰ-ঐছন প্ৰকাৰে কংস সুতিকা গৃহে প্ৰবেশল, দেখিয়া দৈৱকী পৰম ভীতি হুয়া যৈছন কাতৰ কৰিতে লাগল তাহে দেখহ শুনহ।

গীতঃৰাগ-কল্যান।।

ধ্ৰুং।। দৈৱকী সতী বোলন্ত কংস মুখ চাই।
ওহি কন্যা-ৰত্ন বৈৰী নোহে তোহাৰি
জানি বধিতে নযুৱাই।।

পদ।। তোহাৰি ভগিনী দুখুনী হামি অভাগিনী
সাধু অতয়ে তঞি মান।
তুঁহু দায়াল কৰহোঁ কৃপা হামাৰি
দেহু বালক মুহে দান।।
অতয়ে মিনতি বোলন্ত সতী আকুল
বহে নীৰ সঘনে নয়নে।
মাধৱৰ চৰণ ৰেণু শিৰে পৰশিয়ে
দীন গোপালে এহু ভণে।।১২।।

দৈৱকী-হে দাদা, হামু তোহাৰি কনিষ্ঠা ভাগিনী, পৰম দুখুনী। হামাৰ ছয় পুত্ৰ মাৰল, সোহি তাপে তাপিত হুয়াছি, এহি কন্যা হামাক দান কৰহ।
সূত্ৰ-ঐচন পৰকাৰে দৈৱকী বহু বিধ বিনয়ে বোলায়। কংস শুনয়ে নাহি। অনেক ভৰ্চ্ছনা কৰি কন্যাক পাৱে ধৰি শিলা মধ্যে আছৰল। হাতৰ পৰা এৰায়া দিব্য ৰূপ ধৰিয়ে দেৱী আকাশে থাকি যে বোলল তা দেখহ।
দেৱী-আহে কংস নিসখল, হামাক মাৰিতে চাৱ, তুহোঁ অধোগতি যাৱব। দুখনী দৈৱকীক ব্যৰ্থে হিংসা কৰহ। তোহাৰি প্ৰাণ-বৈৰী যি ঠাই, সি ঠাই জনম ধৰয়।
সূত্ৰ-ওহি বুলি দেৱী অন্তৰ্ধ্যান ভৈলা। শুনিয়া কংস পৰম ভীতি হুয়া, দৈৱকী-বসুদেৱক নিহল চৰাই পাৱে পৰি মিনতি কয় বোলল।
কংস-আহে বহিনাই, আহে বহিনী, হামু পৰম পাপ কয়লো। ৰাক্ষসতো অধিক ভেলো। ওহি বিধি লিখিত, কাক ৰাধয়, হামু মাত্ৰ বধ ভাগী ভেলো। ওহি কন্যাক বচনে জানলোঁ, তোৰা সবক হামু পাপী দুখ দেলহোঁ হামাৰ দোষ ক্ষমা কৰহ,ক্ৰন্দন নাহি কৰবি, শোক তেজহ।
বসুদেৱ-আহে মহাৰাজ কংস আপুনি যে কহল, ওঁহি সক্য হয়। অজ্ঞানীসে বিৰোধ কৰব বিচাৰ কয় দেখহ, সব মায়াময়, ইহাত তাপ তেজহ।
সূত্ৰ-ঐচন বাণী শুনিয়ে কংস দিব্য সভা ভাঙ্গি, বসুদেৱ-দৈৱকীক নিজ গৃহে পঠাৱল। কংস নিজ মন্দিৰে প্ৰবেশিয়ে দানব গনক আনিয়ে দুখ নিবেদল, শুনিয়ে দানবগণে যৈচে গৰ্জয়ে লাগল, তা দেখহ শুনহ।

গীতঃৰাগ-কানাৰ

ধ্ৰুং।। দুম দুম দুন্দুভি নিবাস বাজে।
আৱত দানৱ ৰাজ সমাজে।।

পদ।। কংস নিবেদিলা বৃত্তান্ত কতা।
প্ৰকটি দন্ত ঝঙ্কাৰয় মাথা।।
গৰজে উপৰেক তুলি শূল।
উত্পাৰে যত দেৱতাক মূল।।
বিনাশ ধৰ্ম্মক দানব বোল।
কৰ অব সব নৰ হৰি হৰি বোল।।১৩।।

সূত্ৰ-ঐচন প্ৰকাৰে দানৱ সবক গো-ব্ৰাহ্মণক হিংসা কৰিতে নিয়োজিল। বৈষ্ণৱ বিৰোধে আউ-শ্ৰী-যশ হয়, ইহাক তাৰা জানয়ে নাহি। আহে সামাজিক লোক, ওহি জানি আপুনি কুশল চায়া গো-ব্ৰাহ্মণক, বৈষ্ণৱক কদাচিতো হিংসা কৰবি নাহি। নিৰন্তৰে হৰি বোল হৰি বোল।
সূত্ৰ-তদন্তৰে গোকুলে মহোত্সৱ মিলল।
নন্দে পুত্ৰক জনম শুনিয়ে সপটে স্নান কয়ল, দৈৱজ্ঋ-ব্ৰাহ্মণ সব আনিয়ে জাত-কৰ্ম্ম কৰাৱল, গো ৰত্ন বহু দান কয়ল। গোকুলক সাজি-কাচি ঝাতিকাৰ কয়ল। গো-বত্সক স্নান কৰাৱল, গোপ-গোপীসবে বসনে-ভুষণে অলঙ্কৃত হুয়া যৈছে নন্দক গৃহে আৱল, তাহে দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি বোল।

গীতঃৰাগ ধনশ্ৰী।। জ্যোতি মান।।

ধ্ৰুং।।হৰখে গোপিনী পুছয় ঘৰে ঘৰ
শুন শুন সখীগন
চলহোঁ সব যাই জনম সাফলু
পেখো নন্দ নন্দন ৰে।।

পদ।। অমন মধুৰ মুৰুতি বালেক
নাহি ত্ৰিভূৱন মাঝে।
হামাৰি শুভ দিন নন্দেৰ ভৱনে
আনন্দে দুন্দুভি বাজে ৰে।।
নানান বসন ভূষণ পিন্ধি অঙ্গে
হৃদয়ে গজমতি লোলে।
কুণ্ডল ঝলমল নয়ন কাজল
কবৰি ভৰিয়া ফুলে ৰে।।
কেযুৰ কঙ্কণ কৰতু ৰুনঝুন
চৰণে মঞ্জিৰ ঝুৰে।
মঙ্গল মহোত্সৱ কীৰ্ত্তন হৰি ৰাৱ
শবদ দশো দিশে পুৰে ৰে।।
নানা উপায়ন সন্দেশ ধৰি সবে
প্ৰবেশে নন্দক ঘৰ
জয়তি জয় জয় মঙ্গল বোলয়
উৰ্দ্ধক তুলিয়া কৰ ৰে।।
কহয় গোপাল নন্দ নন্দন পূৰ
ওহি মন মেৰি আশ।
ব্ৰজেৰ বধুৰ ৰেণু শিৰে ধৰি
হুইবহোঁ দাসুক দাস ৰে।।১৪।।

গীতঃৰাগ ভাটিয়ালি।। তাল ছোক।।

ধ্ৰুং-আলো ভাই গোকুলে উদয় যদুমণি।
ভাইৰে আনন্দে নন্দেৰ পুৰ ছানি।।

পদ।। গোপীগন আসিলা হৰিষে।
কৃষ্ণ শিৰে কুসুম বৰিষে।।
হালধি গো-ৰস মোট ভৰি।
সিঞ্চে সবে অন্যো অন্যে কৰি।
মোট জলে শৰীৰ ভিজায়া।
ৰঙ্গে হাসে নাচে গোপ জায়া।।
কৃষ্ণ যশোদাৰ মুখ চাই।
প্ৰেম ভৰে নয়ন ঝুৰাই।।
গোপগনে উঠিয়া হৰিষে।
দধি দুগ্ধ সিঞ্চে দশো দিশে।।
ঘসে ঘৃত ঘোলে মাৰে চাটি।
দলি মাৰে লৱনুৰ পিণ্ড বাটি।।
ঋষি গনে বেদধ্বনি কৰি।
সঘনে সুমতে হৰি হৰি।
দেৱগণে গগনে হৰিষে।
নাচে হাসে কুসুম বৰিষে।।
শিঙা শঙ্খ ভেৰী ঢাক ঢোল।
গগন পুৰল হৰি বোল।।
সভাত যতেক বৃদ্ধ আছে।
উঠি ৰঙ্গে সবে নাচে হাসে।।
অন্যো অন্যে কৰে ধৰা ধৰি।
ফুৰে সবে মাটিত বাগৰি।।
কতো উঠি কৰে জয় জয়।
উপজিল নন্দেৰ তনয়।।
মাধবৰ পাদপদ্ম মনে।
ধৰিয়া গোপাল দীন ভনে।।১৫।।

ইতি শ্ৰীকৃষ্ণক নৰৰূপ মনুষ্যনাট বিনন্দ লীলা ভাৱ বেৱহাৰ, জন্ম-যাত্ৰা সম্পূৰ্ণ ভেল।