চেনেহৰ পুতু

ৱিকিউৎসৰ পৰা
চেনেহৰ পুতু

আগৰ বাৰ বিহুতে শিপিনে আছিলে
তাতৰে পাততে বহি
ফুলামকৈ গামোছাত চেনাইৰে ছবিটি
বাচিলৈ কাটিলে দহি ।
এইবাৰ বিহুৰে উৰুকা উৰুঙা
বেথাৰো উপৰি বেথা
উকা গামোচাৰে বিহুটি পাতিলোঁ
কিনো কম দুখৰে কথা ।
তথাপি আপোন মোৰ বহাগৰ বিহুটি
উলাহে নধৰে হিয়া
সেয়েহে যাচিলোঁ চেনেহৰ চুমাটি
লবিনে সাদৰে দিয়া ??
তোমাৰ
সোন
১ বহাগ, ১৮৪৬ শক