এটি ফুল ।। কথিকা
বসন্তৰ শুভাগমন । শীতৰ চেঁচাত পেপুৱা লাগি লঠঙা হৈ থকা গছ-গছনিবিলাক সজীৱ হৈ উঠিল— সিহঁতৰ গাৰ ৰং বদলি হৈ গ'ল বা-ৰিব মলয়াৰ পৰশ পাই । প্ৰকৃতিত এক নতুন উচ্ছাস জাগি উঠিল । বিৰহী প্ৰকৃতিৰ অন্তৰৰ অনুভূতিবিলাক সজীৱ হৈ উঠিল বসন্তৰ স্নিগ্ধ পৰশত ।
বসন্তৰ আগমনিলৈ অপেক্ষা কৰি নিৰাশাৰ হুমুনিয়া পেলাই শুকাই যোৱা গোলাপজোপাত এটি হাঁহিৰ ৰেখা বিৰিঙি উঠিল - বসন্তৰ আগমনিত চাৰিওদিশে ৰূপৰাশি বিস্তাৰ কৰিবলৈ এয়েই সুযোগ তাৰ । বসন্তৰ প্ৰতি কৃতজ্ঞতাত তাৰ মূৰ দোঁ খাই গল ।
গোলাপজোপা শুৱনী কৰি ফুটি উঠিল এটি কলি – সময়ত তাৰ নিজ প্ৰতিভাৰে পূৰ্ণতা আৰ্জন কৰি অমিয়ৰাশিলৈ পৰিণতি লভিলে পূৰ্ণ সৌষ্ঠবৰ এটি ফুলত । এটি মাত্ৰ ফুল - দেখাত সামান্য হলেও সি প্ৰকৃতিৰেই সৃষ্টি ।
ফুল আৰু মানুহ । এটিয়ে মনৰ ভাবৰাশি ফুটাই ক'ব পাৰে আৰু আনটিৰ ভাবৰাশি অব্যক্ত - তাক প্ৰকাশ কৰে নিজ ভাষাত । দুয়োটি দুয়োটিৰে আপোন । সজীৱ আৰু নিৰ্জীৱ বাস্তৱৰ মাজত ইমান গাঢ় সম্বন্ধ - মানুহৰ কিমান আদৰৰ বস্তু ফুল ।
ফুলনিৰ মাজত ফুলি উঠে ফুলটি - তাৰ ৰূপ-ৰাজিৰ গৌৰৱত মত্ত হৈ । কিমান যত্নেৰে সি তাৰ ৰূপৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে - ভাবি কেতিয়াবা তাৰ কৃতকাৰ্য্যতাৰ বাবে পুলকত মন-প্ৰাণ
নাচি উঠে । মানুহৰ কত বাধা-বিঘিনী তাৰ কৰ্ত্তব্যপথত । ফুলৰো একে কথাই । তাৰো পূৰ্ণ প্ৰকাশৰ পথ কণ্টকময় । সেয়েহে কলিটিয়ে গৌৰৱত মত্ত হৈ যেতিয়া জীৱন পথৰ দকা চাকনৈয়া অতিক্ৰম কৰি এপৰিয়া হৈ পৰিণতি লাভ কৰে এটি ফুলত ।
প্ৰকৃতিৰ দান এটি ফুল কিমান স্নিগ্ধ তাৰ পৰশ – কিমান পবিত্ৰ । সুন্দৰৰ দান । পূৰ্ণপয়োভৰেৰে তাৰ সৌৰভ বিলাক প্ৰকৃতিৰ কোলাৰ মানুহ-দুনুহক কিমান আদৰ কৰে । তথাপিও মানুহ স্বাৰ্থপৰ-মানুহে তাক আদৰ কৰে সুগন্ধৰ বিনিময়ত । কিমান স্বাৰ্থপৰ মানুহবিলাক । কিন্তু ফুলৰোতো এটি হেঁপাহ আছে তাৰো ৰূপ ৰাশিৰ আদৰ কৰিবলৈ কাৰোবাক বিচাৰে – তেনেহ'লেনো মানুহৰ কি ভুল - কিয়বা স্বাৰ্থপৰ হব ।
কিমান কোমল ফুল - আৰু তাৰ হৃদয়খনি আৰু কোমল। ফুলনি মাজত ফুলি থাকে ৰূপকুঁৱৰীৰ প্ৰতিমূৰ্ত্তি প্ৰতীক । কোনোবাজনক তাৰ স্নেহ প্ৰীতি জনাবলৈ । তাৰ ক্ষণস্থায়ী সৌৰভৰ মাধুৰিমা বিলাবলৈ পূৰ্ণতাৰ আদৰ কৰিবলৈ লাগে বন্ধু - সেয়েহে সি বিচাৰে কোনোবা পূজাৰীক । তাৰ অব্যক্ত বেদনাৰ ভাষা বুজিব পৰা, তাৰ সুখ দুখৰ ভাগ লবলৈ লাগে তেনে এজন বন্ধু— যাৰ সহায়ত সি বিচাৰে সুদূৰ নীলিমাৰ আঁৰত লুকাই থকা চিৰসত্য চিৰসুন্দৰৰ কোমল হৃদয়খনি পৰশ কৰিবলৈ । ফুলপাহি ব্যাকুল পূজাৰী বিচাৰি । তাৰ বেদনাৰ অৰ্ঘ্য জনাবলৈ - তাৰ কামনা-বাসনাৰ তৰ্পণৰ আঁজলি যাচিবলৈ । পূজাৰীৰ সহযোগত চিৰ সুন্দৰৰ পূজা । চিৰসুন্দৰৰ লগত তাৰ মিলন - তাতেই তৃপ্তি - তাতেই তাৰ পৰিণতি ।
[ বিহগী কবি শ্ৰীৰঘুনাথ চৌধুৰীৰ সৌজন্যত পোৱা । বি বৰুৱা কলেজ আলোচনী ষষ্ঠ সংখ্যাত প্ৰকাশিত ]