চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/শ্ল’গানেৰে বিদেশী বহিষ্কৃত নহয়

ৱিকিউৎসৰ পৰা

[ ৪৪ ]

শ্ল'গানেৰে বিদেশী বহিষ্কৃত নহয়

 ‘অসম বাণী’ৰ সম্পাদক মহোদয়ে যিকেইটা প্ৰশ্ন সুধিছে, তাৰ উত্তৰৰ বাবে আমালৈ ঠাই হ’ব নে নহয় নাজানোঁ, দুটা কাৰণত। প্ৰথমটো এয়ে যে তেখেতে উত্তৰবোৰ চুটি কৰিবলৈ কৈছে, কিন্তু দুৰ্ভাগ্যবশতঃ বাক্‌স্বল্পতাৰ গুণখিনি আমাৰ নাই, আমি বিস্তৰ বকলা মেলিহে কথা এটাৰ উত্তৰ দিব পাৰোঁ। দ্বিতীয় কাৰণটো তাতোকৈ গুৰু, কিয়নো বৰ্তমানৰ আন্দোলন আৰু সমস্যা-অৱলোকন চলি আছে তথাকথিত ‘গান্ধীবাদী’ দৃষ্টিভংগীৰ পৰা, আৰু আমি হ’লো গান্ধী-বিৰোধী আৰু গান্ধীবাদ-বিৰোধী ( গতিকে কোনো সংলাপ সম্ভৱ হয় নে নহয় ক’ব নোৱাৰোঁ )। আমি গান্ধীবাদৰ আজিৰ দিনত কিবা প্ৰাসংগিকতা আছে বুলি নাভাবোঁ আৰু আমি গান্ধী এজন ‘মহাত্মা’ বুলি বিশ্বাস নকৰোঁ। এইবোৰ কথা আমি য’তে স্থান পাইছোঁ প্ৰবন্ধ-পাতিত ব্যক্ত কৰিছোঁ ( বিশেষকৈ বিদেশী বহিষ্কাৰ আন্দোলনৰ মাজত ‘মহাবাহু’ আলোচনীত প্ৰকাশিত আমাৰ ‘সত্যাগ্ৰহ এপাত অস্ত্ৰ নহয়’ আৰু শ্ৰীঅঞ্জন শৰ্মাই লিখা ‘হিংসা নে অহিংসা’ কিতাপৰ পাতনি দ্ৰষ্টব্য ), সেয়ে সেই বিষয়ে ইয়াত অধিকতৰ আলোচনা নকৰোঁ, মাথোঁ ইয়াকেই ক’ব খোজোঁ যে অকৰা, অলস অসমীয়াকেইজনৰ বাহিৰে ভাৰতবৰ্ষত তথা পৃথিৱীৰ আন কোনো জাতিয়ে গান্ধীবাদক এটা কাৰ্যকৰী পন্থা হিচাপে নলয়, আৰু অলপ চিন্তা কৰি চালেই যিকোনো ব্যক্তিয়েই [ ৪৫ ] গান্ধী তথা গান্ধীবাদৰ কপটতা উপলব্ধি কৰিব পাৰিব। ( এটা মাত্ৰ উদাহৰণ যদি লওঁ, শেহতীয়া তেনে এক ব্যক্তি হ’ল গান্ধী শান্তি প্ৰতিষ্ঠান [ Gandhi Peace Foundation ]ৰ লগত সক্ৰিয়ভাৱে জড়িত আৰু “গান্ধী মাৰ্গ” আলোচনীৰ সম্পাদক টি. কে. মহাদেৱন— শ্ৰীমহাদেৱনে ২/১০/৮৩ তাৰিখৰ “ইলাষ্ট্ৰেটেড উইলি অফ ইণ্ডিয়া’”ত লিখিছেঃ….... . মোহনদাস কৰমচাঁদ গান্ধীয়ে আমালৈ এৰি যোৱা বিশৃংখল লাম-লাকটুৰ বিপজ্জনক উচ্ছিষ্ট .... হয় আমি নিজকে এই পৰম্পৰা ( উত্তৰাধিকাৰীকাৰ )ৰ পৰা বিচ্ছিন্ন কৰাৰ নৈতিক সাহস গোটাম আৰু স্বাধীনচিতীয়া হ’ম (‘নিজৰ ভৰিত থিয় দিম’), নহয় আমি মহাত্মাই বৰ্ষণ কৰি যোৱা চৰ্বিত-চৰ্বনকে পাগুলি পাগুলি পদ্মাসনত আৰাম কৰি বহি থাকিম.... গান্ধীয়ে দেশ- বিভাজন প্ৰতিহত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ আঙুলি এটাও নাডাঙিলে..... গান্ধীৰ চোৰ-চুচুক (furtive) ব্যক্তিত্ব আৰু জাতিৰ বাবে তাৰ সৰ্বনাশী পৰিনাম...... তেওঁৰ জীৱন আৰু কীৰ্তি সামগ্ৰিকভাৱে চালে আমি ক’ব নোৱাৰোঁ যে তেওঁ এজন ‘ধাৰ্মিক’ ব্যক্তি আছিল.... ( তেওঁৰ ) আহিংসাৰ অন্ধ বাত্তিক..…...”, ইত্যাদি। একেটা প্ৰবন্ধতে কে. এম. মুন্সীয়ে গান্ধীলৈ লিখা চিঠি এখনৰ এটুকুৰা উদ্ধৃত হৈছেঃ “আপুনি কৈছে .….. যে ‘কংগ্ৰেছীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহিংস প্ৰতিৰোধৰ প্ৰশিক্ষণ দিয়া কোনো আখৰাত যোগ দিব নাপায়।’ ক্ষমা কৰিব, যদি মই এইবোৰ নিষেধাজ্ঞা মানি ল’ব নোৱাৰোঁ। হিংসাৰ সংঘবদ্ধ প্ৰতিৰোধ দিবলৈ সকলো সম্ভৱপৰ উপায় প্ৰচাৰ কৰিবলৈ, অনুষ্ঠিত কৰিবলৈ, সংগঠন কৰিবলৈ আৰু সমৰ্থন কৰিবলৈ মই নাৰাজ বুলি কথা দিব পাৰোঁ” )। গান্ধী চৰিত্ৰ খোচৰাৰ আমাৰ কোনো আগ্ৰহ নাই ( আমাৰ ৰুচি বেলেগ ), কিন্তু আমি গান্ধী-প্ৰসংগ এৰাই যাব পৰা নাই, কিয়নো আজিৰ এই গান্ধী আচ্ছন্নতা অসমৰ বাবে বিপজ্জনক আৰু ক্ষতিকৰ, যাৰ প্ৰমাণ ঘটনাৱলীয়ে প্ৰতিদিন দেখুৱাই আছে। আমাৰ বোধেৰে, অহিংস আন্দোলন বুলি এটা বস্তু হ’ব নোৱাৰে, কিয়নো উভয়পক্ষ অহিংস থাকিব নোৱাৰে যিহেতু মানৱ জাতিৰ [ ৪৬ ] বিৱৰ্তন সেই সুসভ্য আধ্যাত্মিক স্তৰলৈ এতিয়াও অহা নাই। সকলো আন্দোলন সদায় হিংসালৈ গৈছে, যিটো কথা গান্ধীয়েও বাৰে বাৰে দেখিছে ( চৌৰিচৌৰাৰ পৰা আৰম্ভ কৰি ), ভাৰতবৰ্ষৰ স্বাধীনতাও আহিছে প্ৰচুৰ ৰক্তক্ষৰণৰ মাজেৰে। তথাপি গান্ধীয়ে তেওঁৰ ভুল স্থিতি এৰা নাই, আঁকোৰগোজ হৈ কৈ আছে যে হিংসাৰ উত্তৰ অহিংসা। আমাৰ কথা এয়ে যে আমি কাকো আক্ৰমণ কৰিব নালাগে ( বাংলাদেশীকো নালাগে ) কিন্তু আন্দোলনৰ পৰা ‘অহিংসা’ শব্দটো বাদ দিব লাগে, কাৰণ আমাৰ মাজত অহিংসাৰ অৰ্থ এই হৈ পৰিছে যে আমি আত্মৰক্ষাৰ ইচ্ছাও মনৰ পৰা বাদ দিব লাগে। আমাৰ মিনি গান্ধীসকলে নাজানে নে যে গান্ধীয়েও সদায় সকলো প্ৰকাৰে আত্মৰক্ষা কৰিবলৈকে কৈ গৈছে, তেওঁলোকে গান্ধীৰ প্ৰিয় গ্ৰন্থখন কেতিয়াও মেলি চোৱা নাইনে ( অৰ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণঃ “ক্লৈৱ্যং মাস্ম গমঃ পাৰ্থ ....”, গীতা ২/৩ )? আমি কাকো ঘুচিয়াই ফুৰিব নালাগে, কিন্তু নিজক ৰক্ষা কৰিবলৈ শৰীৰত জোৰ লাগে, পুষ্টি লাগে, তাৰ কাৰণে বিশেষকৈ ডেকা ল'ৰাই খাব লাগে। অনশন কৰাটো সেই বয়সত অধৰ্ম। হাতৰ লাঠিডালেৰে আমি কাৰো মূৰ ভাঙি ফুৰিব নালাগে, কিন্তু ডকাইত বা জন্তুৰ আক্ৰমণৰ পৰা নিজক বচাবলৈ হাতত লাঠিডাল থকাটো একো দোষণীয় কথা নহয়।

 সংক্ষেপে পটভূমি আৰু বিশ্লেষণ বাদ দি আমাৰ আশংকা : অসমৰ বৰ্তমান পৰিস্থিতি এনেকুৱা যে অসমৰ অধিকতৰ বিভাজন ঘটিব, যদিহে বৰ্তমানৰ নেতৃত্ব ভাঙি দিয়া নাযায়। অন্ততঃ, অদূৰ ভৱিষ্যতে আৰু কেইবাখনো স্বতন্ত্ৰ ৰাজ্যৰ দাবী উঠিব, সেই দাবী ইমান সৰৱ আৰু সক্ৰিয় হ’ব যে ৰাজনৈতিক বায়ুমণ্ডল সম্পূৰ্ণ বদলি যাব, আৰু ই হ’ব বিদেশী সমস্যাৰ সমাধানৰ একেবাৰে প্ৰতিকূল। মূলতঃ ইয়াৰ প্ৰৰোচনা হ’ব— এই কথা আমি অন্যান্য প্ৰবন্ধ-পাতিত সাব্যস্ত কৰিবৰ চেষ্টা কৰিছো— বৰ্তমান “আন্দোলন”ৰ নেতাসকলৰ আত্মম্ভৰিতা আৰু স্বেচ্ছাচাৰী কাৰ্যকলাপ, তেওঁলোকৰ ক্ৰমশঃ বিকাশমান ফেচিষ্ট আৰু “অইন কাৰো [ ৪৭ ] কথালৈ পৰোৱা নকৰো”। এই মনোবৃত্তি অসমীয়া মানুহৰে জাতিগত দোষ, যাৰ ফলত আমাৰ পৰা ছিঙি গৈছে মেঘালয় আৰু মিজোৰাম, সম্ভৱ হৈছে নগালেণ্ড আৰু অৰুণাচল, আৰু আন্দোলনৰ ফাঁকে ফাঁকে গা কৰি উঠিছে উদয়াচল আৰু সুকীয়া কাৰ্বি আংলঙৰ দাবী। আন্দোলনৰ সহাবোৰো আজি বহুধা-বিভক্ত ৰাজনৈতিক অধিকাৰ ঘূৰাই পাবলৈ এটাই ৰাস্তা আছে : স্বাধীন হোৱা। আমি বাৰম্বাৰ কৈ আহিছোঁ— আৰু আনকি আন্দোলনৰ নেতাসকলেও ক’বলৈ বাধ্য হৈছে— যে ভাৰত চৰকাৰে কেতিয়াও অসমৰ পৰা বিদেশী বাহিৰ কৰি নিদিয়ে, বৰং আৰু বেছিকৈহে আনি ভৰাই থাকিব। ( কিয়, সেই কথাও কাকতে-পত্ৰে আৰু সভাই-সমিতিয়ে বহুলভাৱে বিশ্লেষিত হৈছে, আমি ইয়াত সেই আলোচনালৈ নাযাওঁ )। কামটো আমি নিজে কৰিব লাগিব। তাৰ বাহিৰে অন্য উপায় নাই। আমাৰ কোনো দাবী, কোনো কথাই কেন্দ্ৰৰ শাসকগোষ্ঠীয়ে গ্ৰাহ্য নকৰে, এনেকি দুদিন পাছত আমাৰ লুইতৰ পানীখিনিও নি গংগাত পেলাই অসমৰ আকাশ-মাটি শুষ্ক, কৰ্কৰ্শ কৰি পেলাব। কিন্তু আমি দুৰ্বলতাৰ স্থিতিৰ পৰা একোকে কৰিব নোৱাৰোঁ, কৰিব লাগিব সবলতাৰ স্থিতিৰ পৰা; বল-বিক্ৰমৰ ভংগীমা এটা দিব পাৰিলেহে সেই কাম হ’ব : ধনবল, জনবল, বাহুবল আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ : মনোবল। আমাৰ থাকিব লাগিব নিজৰ অৰ্থনৈতিক প্ৰতাপ আৰু ৰাজনৈতিক বিক্ৰম— সংক্ষেপে আমি স্বাধীন হ’ব লাগিব। অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাধীনতা অবিহনে বিদেশীৰ শোষণ, বিদেশীৰ অত্যাচাৰ আৰু বিদেশীৰ অনুপ্ৰৱেশ বন্ধ কৰা অসম্ভৱ।

 ইয়াত ‘স্বাধীন’ মানে আমি বুজাইছো ভাৰতৰ পৰা স্বাধীন। ইয়াৰ বাবে আমাক ‘বিচ্ছিন্নতাবাদী’, ‘দেশদ্ৰোহী’ আদি আখ্যা দিয়া হ’ব, কিন্তু কুচ পৰোৱা নাই, আমি আমাক ‘মুক্তিকামী’ বুলি ক’ম। পণ্ডিতসকলে এইটো পৰিষ্কাৰকৈ দেখুৱাইছে যে অসম আৰু ভাৰতৰ পূৰ্বাঞ্চলৰ মানুহ ভাৰতৰ অন্যান্য জনসমষ্টিৰ পৰা সাংস্কৃতিক আৰু গোষ্ঠীগতভাৱে সম্পূৰ্ণ [ ৪৮ ] বেলেগ— বস্তুতঃ, ভাৰতবৰ্ষৰ কোনো অংশৰ লগত কোনো অংশৰ মানুহৰ মিল নাই, ভাৰতবৰ্ষ কোনোদিনে একজাতি একৰাজ্য নাছিল ( এক জাতি হ’লে কি মাত্ৰ ৫০,০০০ ইংৰাজ সৈন্যই চল্লিশ কোটি ভাৰতীয়ক দবাই ৰাখিব পাৰিলেহেঁতেন? ), ইংৰাজে শাসনৰ সুবিধাৰ বাবে জোৰ-জবৰদস্তি পাঞ্জাৱী আৰু বঙালী, অসমীয়া আৰু সিন্ধি, তামিল আৰু বিহাৰী একেলগে সাঙুৰি তাক “ভাৰতবৰ্ষ”নাম দিছে, থৰক্‌বৰক্‌কৈ সেই ভাৰতীয় যুক্তৰাজ্য’ কোনোমতে বৰ্তি আছে, বেছিদিন নাই এই কৃত্ৰিম আৰু ৰাহি-জোৰা-নহা যুক্তৰাজ্য খণ্ড-বিখণ্ড হৈ যাব। অসমৰ ক্ষেত্ৰত এই অমিল অধিকতৰ প্ৰকট— কেইটামান ইতস্তুতঃ উদাহৰণ যদি লওঁ, ভাৰতবৰ্ষৰ অন্যান্য অংশৰ বিভীষিকা পণ-প্ৰথা আমাৰ সমাজত নাই, ইয়াত সতীদাহ আৰু নৰবলিৰ ‘ঐতিহ্য’ নাই, আমি হৰিজন দেখিলে জুই লগাই নিদিওঁ, অন্যান্য অংশত দৈনন্দিন কলংকৰ হেডলাইন সৃষ্টি কৰা “কইনা-নিধন” আমাৰ ইয়াত নাই, ইয়াৰ দৰে হিন্দু-মুছলমানৰ সহজ সহ-অৱস্থিতি ভাৰতৰ আন কোনো ৰাজ্যত নাই (যদিও অৱশ্যে যোৱা ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ দুৰ্যোগত ন্যস্তস্বাৰ্থই অসমতো কোনোদিনে নঘটা সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবলৈ সমৰ্থ হৈছিল, কিন্তু সেইটো সম্ভৱ হৈছিল বহু টকা-পইচা ঢালি বহু চক্ৰান্তৰ যোগে, এটা আচৰিত ঘটনা নহয়)। সহনশীলতা আৰু নম্ৰতাৰ এটা সহজ, সাৱলীল পৰম্পৰা আমাৰ সৰু সুঁতিটোৰে প্ৰবাহিত হৈছে—হয়তো ইয়াৰ কাৰণ শংকৰদেৱৰ ঐতিহ্য, হয়তো ইয়াৰ কাৰণ আমাৰ জলবায়ু আৰু ‘ইক’লজী’— আৰু যেতিয়া ভাৰতীয় শাসকসকলে আমাক কয় যে আমি “ভাৰতীয় ঘাই সুঁতি”ৰ লগত মিলি যাব লাগে, তেতিয়া আমি আহ্বান মাত্ৰ, কিয়নো আমি “ভাৰতীয়’ হৈ থাকিলে ভাৰতীয় শাসক আৰু শোষকগোষ্ঠীৰ আধিপত্য বাহাল ৰখাৰ চিৰস্থায়ী সুবিধা ( আমাৰ সকলো সা-সম্পদ লুট, আমাৰ সকলো অধিকাৰ খৰ্ব )। আমাৰ সৰু সুঁতিৰ পাৰে পাৰেই আমাৰ জীৱনধাৰা আৰু আমাৰ সংস্কৃতিৰ বিকাশ, আমাৰ সুঁতি সৰু কিন্তু পৰিষ্কাৰ আৰু প্ৰাণদায়িনী, ভাৰতীয় ঘাইসুঁতিৰ [ ৪৯ ] দুৰ্গন্ধ ঘোলা পানীৰ লগত আমি যেন তাক মিলাই নিদিওঁ।

 যিসকলে এতিয়াও ভাবি আছে যে আমাৰ সমস্যাবোৰৰ সমাধান আহিব ভাৰতীয় সংবিধানৰ তলত আৰু “ভাৰতীয় সংবিধানৰ পবিত্ৰতা” বস্তুটো আমাৰ কাৰণেও পবিত্ৰ কিবা এটা, সেইসকল “গান্ধীবাদী”ৰ বাবে আমি গান্ধীৰেই কথা উদ্ধৃত কৰিব পাৰোঁ আমি কিছুদিন আগেয়ে লিখা নিবন্ধ এটাৰ পৰা :

 ১৯৪৬ চনত যেতিয়া ব্ৰিটিছে ‘গ্ৰুপিং’ ব্যৱস্থাৰে অসমক বংগদেশৰ বাগিত চামিল কৰি পূব-পাকিস্তানত ভৰাই দিবলৈ চেষ্টা কৰিছিল, তেতিয়া গান্ধীয়ে অসম কংগ্ৰেছৰ প্ৰতিনিধিক কৈছিল ( ডঃ হেৰম্ব বৰপূজাৰীৰ “এ পলিটিকেল হিষ্টৰী অফ এচাম” ) : অসমে নিজৰ আত্মা ( আত্মচেতনা ) প্ৰতিষ্ঠিত কৰিব লাগিব। অন্যথা মই ক'ম যে অসমত মানুহ নাই, আছে মাথোঁ বাওনা। আজি এনেকি এতিয়াও অসম বহুলাংশে সাৰ্বভৌম.... যদি অসমে নিজৰ ব্যৱস্থা নিজে লয়, ভাৰতবৰ্ষৰ বাকী অংশয়ো নিজৰ ব্যৱস্থা নিজে ল’ব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ সংবিধানৰ লগত আপোনালোকৰ কি দায় ( লেঠা ) আছে? আপোনালোকে নিজে নিজৰ সংবিধান ৰচনা কৰক, সেয়ে যথেষ্ট ( হ’ব )। আপোনালোকৰ এখন নিজস্ব সংবিধানৰ ভিত্তিতো এতিয়াই আছে…... ৰাইজক কওক যে যদি এনেকি গান্ধীয়েও আমাক নিৰস্ত কৰিব খোজে, আমি তেওঁৰ কথা নুশুনো”.....

 “দেখা যায় অসম যে স্বাধীন হোৱা দৰ্কাৰ সেই কথা গান্ধীয়ে ১৯৪৬ চনতেই আমাক কৈ গৈছে ৷ কাৰণ ‘সৰ্বভাৰতীয়’ নেতাৰ মনোবৃত্তি আৰু গ্ৰুপিং-চক্ৰান্ত আদি দেখি হয়তো গান্ধীয়ে তেতিয়াই বুজি পাইছিল যে অসমক স্বাধীন ভাৰতৰ অংগ হিচাপে গণ্য কৰা নহয়, কিয়নো ভাৰতবৰ্ষৰ অন্যান্য অংশৰ লগত অসমৰ (আৰু উত্তৰ-পূব অঞ্চলৰ কোনো মিল নাই, অসমীয়া এটা স্বতন্ত্ৰ, অ-ভাৰতীয় জাতি, গতিকে অসমে ভাৰতৰ পৰা ন্যায়-আচৰণ আৰু সুবিচাৰ পাব নোৱাৰে— সেয়ে অসম [ ৫০ ] আগৰ দৰে স্বাধীন আৰু স্বতন্ত্ৰ হোৱাটোৱেই হয়তো উত্তম। আজি আমি প্ৰকটভাৱে দেখিছো যে সেই আশংকা সম্পূৰ্ণ সঁচা— স্বাধীন ভাৰতত অসমীয়াৰ জীৱন কুকুৰ-মেকুৰীতকৈয়ো অধম, আৰু অসমত কেন্দ্ৰীয় চৰকাৰৰ শাসন মানে নিৰ্ভেজাল গুণ্ডাৰাজ (ইয়াৰ আগৰজন ৰাষ্ট্ৰপতিক সংসদৰ মজিয়াত এম. পি. অধ্যাপক অজিত কুমাৰ শৰ্মাই ‘সাংবিধানিক নৰহন্তা’ আখ্যা দিবলৈ বাধ্য হৈছে)। আৰু দেখা যায় যে যদিও আজিহে আমি বুজিছোঁ যে ‘ইয়াণ্ডাবু চুক্তি’ৰ নামত প্ৰতাৰিত হৈ আমি ইমানদিনে পৰাধীন হৈ আছোঁ, যে মান-ৰজা আৰু ব্ৰিটিছ প্ৰতিনিধিৰ মাজত হোৱা এই চুক্তিৰ জোৰত আমি তৃতীয় পক্ষ অসম ব্ৰিটিছৰ তললৈ যাব নোৱাৰোঁ (চুক্তিৰ পাঠ অনুযায়ীও নোৱাৰোঁ), যে আমি ভাৰতবৰ্ষৰ অংশ হ’ব নোৱাৰোঁ, অসম ভাৰতবৰ্ষৰ অধীনত থকাৰ কোনো যুক্তি নাই (সুৰক্ষাৰ যুক্তিতো নায়েই— অসমক ১৯৪৬ চনত ভাৰতবৰ্ষই পূব পাকিস্তানক এৰি দিবৰ চেষ্টা কৰিছে, ১৯৬২ চনত নেহৰুৱে অসমক চীনৰ হাতত এৰি দি বিদায় দিছে, আজি ভাৰত চৰকাৰে অসমক বাংলাদেশীৰ হাতত সপি দিছে), কাৰণ অসম কোনোদিনে ভাৰতবৰ্ষৰ অংগৰাজ্য নাছিল আৰু এতিয়াও এখন ধৰ্ষিত উপনিৱেশৰ বাহিৰে অইন একো নহয়, ভাৰতীয় সৈন্যবাহিনী আৰু আৰক্ষী-ফৌজ অসমৰ বাবে মাত্ৰ দখলদাৰী বাহিনী, আৰু “ভাৰতীয় নাগৰিক” হোৱাৰ সোৱাদ আমি হাড়ে হাড়ে পাইছোঁ : নিজৰ দেশত অসমীয়া মানুহ বিতাড়িত পশুৰ দৰে পাহাৰে-পথাৰে খালে-বিলে লুকাই-পলাই ফুৰিছে, হিটলাৰৰ আমোলত ইহুদীৰ যেনেকুৱা অৱস্থা, মাথোঁ ‘গেছ চেম্বাৰ’কেইটা অসমীয়াকেইটাৰ বাবে বনাবলৈ বাকী— তাৰ ঘাই কাৰণ, আমি আমাৰ আত্মৰক্ষাৰ মৌলিক অধিকাৰৰ কথা সম্পূৰ্ণ বিস্মৃত হৈছোঁ, যেন আত্মৰক্ষা এটা পাপ, এটা অন্যায়, এটা অহিংসা-বিৰোধী কাম, আমাৰ ন্যূনতম মানৱীয় অধিকাৰ সাব্যক্ত কৰাটো সংকীৰ্ণমনা, দোষণীয় কথা বুলি আমাক ভাৰতীয় শাসকে শিকাই আহিছে আৰু আমি তাকে মানি লৈছোঁ— অৰ্থাৎ অসমৰ স্বাধীনতাৰ দাবী অকল [ ৫১ ] অলংঘ্যনীয়ই নহয়, অপৰিহাৰ্যও, যদি আমি মানুহৰ দৰে জীয়াই থাকিব খুজিছোঁ তেন্তে স্বাধীন হোৱাৰ বাহিৰে আমাৰ উপায় নাই, আৰু দেখা যায় যে যদিও প্ৰয়াত জ্ঞাননাথ বৰাই ১৯৩৯ চনতে “অসম দেশ ভাৰতবৰ্ষৰ ভিতৰত থাকিব কিয়” প্ৰবন্ধ লিখিছে, তাৰ প্ৰায় লগে লগেই (১৯৪৬ চনত) গান্ধীয়ে নিজৰ বিবেচনাৰ পৰা অসমৰ স্বাধীনতাৰ কথা কৈছে— আমি সেই কথাত গুৰুত্ব দিয়া নাই, সেই ইংগিত লোৱা নাই, সেইটো আমাৰ দোষ আৰু আমাৰ ভীৰুতা, সেইটো আমাৰ নীচাত্মিকা আৰু আমাৰ আত্মাভিমানৰ অভাৱ, আমাৰ নৈতিক সাহসৰ ব্যৰ্থতা, ‘ভাৰতীয়’ হোৱাৰ এটা অন্ধ লালসা, সেইটো গান্ধীৰ দোষ নহয়, কিয়নো যদিও গান্ধীয়ে কৈ পঠিয়াইছে...”ইত্যাদি।

 ১৯৪৫ চনৰ ২১-২৩ মাৰ্চ তাৰিখে শ্বিলঙৰ খাচী দৰবাৰ হলত নগা, খাচী, আহোম আদি অসমৰ সমূহ খিলঞ্জীয়া অধিবাসীৰ এখন অভিৱৰ্তন বহিছিল, তাত গৃহীত ৪নং প্ৰস্তাৱৰ (ইংৰাজী) পাঠ এই :

  “যিহেতু ঐতিহাসিক তত্ত্বমতে অসমৰ খাচ ভূ-ভাগ আৰু তাৰ পাহাৰসমূহ কেতিয়াও ভাৰতবৰ্ষৰ অংশ বা প্ৰদেশ নাছিল, আৰু যিহেতু ইয়াৰ অধিবাসী, বিশেষকৈ এই অঞ্চলত বসবাস কৰা ফৈদ আৰু জাতিসমূহ গোষ্ঠীগতভাৱে আৰু সাংস্কৃতিকভাৱে ভাৰতবৰ্ষৰ বাকী অংশত বসবাস কৰা জনসাধাৰণতকৈ বেলেগ, সেয়ে এই অভিৱৰ্তনে ভাৰতবৰ্ষৰ প্ৰস্তাৱিত বিভাজনজনিত পাকিস্তান বা হিন্দুস্তান কোনোখণ্ডৰে লগত খাচ অসম ভূ-ভাগ আৰু তাৰ পাহাৰ অঞ্চলৰ অন্তৰ্ভুক্তিৰ দৃঢ়ভাৱে বিৰোধিতা কৰে, আৰু দাবী জনায় যে ইয়াকে (এই অঞ্চলক) এখন স্বতন্ত্ৰ স্বাধীন ৰাষ্ট্ৰৰূপে স্থাপিত কৰা হওক, য’ত অসমৰ সীমান্তৰ পাহাৰী জিলাকেইখন অন্তৰ্ভুক্ত থাকিব।

—প্ৰস্তাৱক : অধ্যাপক পি. গগৈ
সমৰ্থক : এ. এছ. খাংফাই।”

 আমি যদি আজিও মণিৰাম দেৱান আৰু গোমধৰ কোঁৱৰক [ ৫২ ] সোঁৱৰো, তেনেহ'লে আমি তেওঁলোকৰ স্বাধীন অসমৰ প্ৰয়াসক স্বপ্নবিলাস বা ‘ইউট’পিয়ান’ বুলি নিশ্চয় ভাবিব নোৱাৰোঁ৷ ‘স্বাধীন অসম’ এটা আকাশকুসুম নহয়— স্বাধীন হৈ থাকিবলৈ বিৰাট মাটিকালি নালাগে (শ্ৰীলংকা), বিৰাট সৈন্যবাহিনী নালাগে (ভূটান), বিশাল সা-সম্পদ নালাগে (নেপাল, জাপান.... যদিও অৱশ্যে সা-সম্পদ আমাৰ প্ৰচুৰেই আছে) লাগে মাথোঁ স্বাধীনতাৰ স্পৃহা, বাকীবোৰ আহিব। (ভাৰতীয় শাসকে ক’ব, এইটো অসম্ভৱ। যুদ্ধ কৰি তুমি স্বাধীন হ’ব নোৱৰা, গতিকে ভাৰতৰ তলত থাকা। আপাতদৃষ্টিত, নোৱাৰোঁ— কিন্তু আচলতে, পাৰোঁ, কিন্তু সেই কথা আলোচনাৰ স্থান এইটো নহয়। কিন্তু স্বাধীনচিতীয়া আৰু স্বাৱলম্বী সকলো অৰ্থত হ'লে সকলো সম্ভৱ। স্বাধীন হোৱাটো অসম্ভৱ? বাৰু, ইতিহাসে দেখুৱাব)

 (৪) এই মুহূৰ্তত কি কৰা উচিত হ’ব সেই প্ৰসংগত আমি আগেয়েও প্ৰয়াত জ্ঞাননাথ বৰাৰ ওপৰোক্ত প্ৰবন্ধৰ পৰা উদ্ধৃত কৰিছোঁ : “নিজৰ দেশ নিজৰ জাতিৰ এনে দুৰৱস্থা হ’লে সেই জাতি থাকে কেনেকৈ? সেই জাতিক ৰক্ষা কৰিবলৈ কোনো নাই। নিজে নিজক ৰক্ষা কৰিব নোৱাৰিলে আন কোনো উপায় নাই। আত্মৰক্ষাই যেতিয়া ঘাই কাম হৈ পৰে। অসমীয়া জাতিৰ আজি আত্মৰক্ষাৰ বাদে আন কোনো কাম নাই”; লগতে আমি এই অভিমত দাঙি ধৰিছিলোঁ যে “সেই সাৱধান বাণী আজিও জৰুৰী”। এই “আত্মৰক্ষা” কথাটো আমি ব্যাপক অৰ্থত ল’ব পাৰোঁ, অৰ্থাৎ আত্মৰক্ষা মানে অকল দৈহিক আত্মৰক্ষাই নহয়, লগতে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক আত্মৰক্ষা, কিয়নো এই সকলোবোৰ দিশতে আমাৰ ওপৰত নিৰৱচ্ছিন্ন আক্ৰমণ চলি আছে। ৰাজনৈতিক আত্মৰক্ষাৰ প্ৰসংগটো আমি ওপৰত আলোচনা কৰিছোঁ, আৰু বাকীবোৰো পৰস্পৰ বিজড়িত। আত্মৰক্ষা কৰিবলৈ সেই প্ৰবৃত্তি লাগিব, বুদ্ধি লাগিব, সাহস লাগিব, শক্তি লাগিব, জোৰ লাগিব। অনশন কৰি (পুৱাই এককোট খাই আহি ৰভা তৰি বহি যোৱাৰ নাম অনশন?) দেহ-মন নিশকতীয়া কৰি বা [ ৫৩ ] বেলুন ফুকাইবা ঘৰ-দুৱাৰ আন্ধাৰ কৰি জুপুকা মাৰি বহি থাকিলে আত্মৰক্ষা নহ’ব, বৰং আৰু কেইটামান কোব খাম (যিটো ঘটি আছে)। ছা. স. ই মাজতে “আত্মৰক্ষা আমাৰ কৰ্তব্য” বুলি বেজ বাহিৰ কৰিছিল, আমি সকলোৱে স্বাগত জনাইছিলো— সেই বেজবোৰ ক'লৈ গ'ল, আৰু সেই কৰ্তব্য ক’ত পালন কৰা হৈছে? (আত্মৰক্ষাৰ এটা মাত্ৰও উদাহৰণ ছা.স.ই আমাক দিয়ক)। তথাকথিত “স্বেচ্ছাসেৱকবাহিনী”বোৰৰ কাম কি, সেইবোৰে কি কৰিছে? সেইবোৰ ক'লৈ গ'ল? এই সকলো ভুৱা? শ্বহীদ বেদীবোৰৰ পবিত্ৰতা কোনে ৰক্ষা কৰিছে? যদি শ্বহীদ বেদী ধ্বংসৰ প্ৰতিৰোধ দিব নোৱাৰোঁ, সেইবোৰ সাজি শ্বহীদক অপমান কৰাৰ আমাৰ কি অধিকাৰ আছে? এজনো ল’ৰা আজিলৈকে কিয় নোলাল যিজনে ক'ৰবাত বিন্দুমাত্ৰও প্ৰতিৰোধ দিছে? গুৱাহাটীৰ মাজমজিয়াৰ স্কুল এখনত এটামাত্ৰ কাবুলি সোমাই গৈ শিক্ষকজনক ঘুচিয়াই ঘুচিয়াই একেবাৰে মাৰি পেলালে, স্কুল গিজগিজাই টেটু ফালি শ্ল'গান চিঞৰি থকা “লাচিত” ল’ৰাৰ জাক পলাই-পত্ৰং দিলে (অৱশেষত কাবুলিক ধৰি বন্দী কৰিলে বয়সীয়া প্ৰধান শিক্ষকজনে!) এইবোৰ ডেকা ল'ৰাৰ ডেকা তেজৰ উদাহৰণ? এইবোৰে নেদেখুৱাইনে, আমাৰ যুৱক শক্তিৰ নৈতিক সাহস আজি কোন বিন্দুত? কিমানখিনি আন্তৰিকতা (কথাই-কামে) আজি আমি আমাৰ মানুহৰ মাজত দেখো? গাঁৱৰ সৰল ৰাইজ আৰু ল’ৰা-ছোৱালীৰ আন্তৰিকতা পৃথিৱীয়ে দেখিছে, তেওঁলোকে সৰল বিশ্বাসত উদ্বুদ্ধ হৈ নিৰ্ভয়ে প্ৰতিদিন গুলি খাবলৈ আগুৱাই গৈছে, কিন্তু সেই একে সময়তে চহৰৰ ল’ৰাই কাণত ট্ৰেঞ্জিষ্টৰ চেপি ধৰি ভাৰতীয় ক্ৰিকেট দলৰ কেইজন আউট হ’ল সেই লৈ ব্যতিব্যস্ত। নিজৰ দেশক ভালপোৱাৰ, নিজৰ দেশৰ মানুহৰ দুৰৱস্থাত উদ্বিগ্ন হোৱা অনুভূতিৰ কোনো অংকুৰ এই ধ্বনিসৰ্বস্ব ‘আন্দোলনে’ যুৱক শক্তিৰ চেতনালৈ আনি দিছেনে?

 এইবোৰ কথাৰ উল্লেখ পীড়াদায়ক, কিন্তু প্ৰবল অনিচ্ছা সত্ত্বেও এইবোৰ আমি আঙুলিয়াই দিব লগা হৈছে, নহ’লে ভুল প্ৰচাৰ আৰু [ ৫৪ ] আত্মপ্ৰবঞ্চনাত মজি থাকি আমি শীঘ্ৰেই এনেকুৱা অৱস্থালৈ নামিম, য'ৰ পৰা আৰু উঠি অহাৰ উপায় নাথাকিব। পঢ়ুৱৈয়ে যেন আমাক ভুল নুবুজে আমি কাকো উপলুঙা কৰিব খোজা নাই আৰু কাকো গৰিহণা দিব খোজা নাই। অনুৰূপ অৱস্থাত আমি নিজেও যে নপলাম, বা খুব কিবা এটা বীৰপুৰুষৰ দৰে আচৰণ কৰিম, সেই কথা আমি ক’ব নোৱাৰোঁ — কিন্তু আমাৰ কথা হ’ল : সেইখিনি সৎ সাহস আৰু আত্মপ্ৰত্যয় ইমানদিনে আমাৰ আহিব লাগিছিল। “আত্মৰক্ষা (যদি) আমাৰ কৰ্তব্য” তেনেহ'লে অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে আত্মৰক্ষাৰ এটা সুসংগঠিত প্ৰণালী ইমানদিনে চালু হ’ব লাগিছিল। নহয়, আমি ব্যক্তিগতভাৱে কাকো গৰিহণা দিয়াৰ ধৃষ্টতা নাৰাখোঁ, আমি গৰিহণা দিছো অসমত বিয়পি পৰা গান্ধীবাদী অহিংসাৰ ভ্ৰান্তিৰ শ্বাসৰুদ্ধকাৰী বিষাক্ত বতাহক, যিয়ে পংগু আৰু পক্ষাঘাতগ্ৰস্ত কৰি পেলাইছে, আমাৰ ঘৰৰ তিৰোতা মানুহক ধৰ্ষণ কৰি থৈ গ’লেও আমি ‘অহিংসা মহাপাপ’ বুলি পৰম অহিংস হৈ পেঁপুৱা লাগি বহি আছোঁ। জাতীয় আত্মৰক্ষাৰ এনেকুৱা এটা আন্দোলনত ইমান বছৰে আমাৰ বিন্দুমাত্ৰও যদি নৈতিক আৰু দৈহিক সাহস আহিলহেঁতেন! আমি গৰিহণা দিছোঁ এই কথাক যে অহিংসা’ৰ এটা সম্পূৰ্ণ ভুল আৰু ক্লীব ধাৰণা আন্দোলনৰ নেতা আৰু আমাৰ চিন্তাভীৰু খবৰ কাগজকেইখনে ব্যাপ্ত কৰি দিছে, ফলত নৈৰাশ, নিষ্ক্ৰিয়তা আৰু নৈতিক অসাধুতাই ( যেনেঃ ‘বন্ধ’ৰ দিনত ছা. স.ৰ ভয়ত কামলৈ নোযোৱা কিন্তু দৰমহা-বিলত উপস্থিতি দেখুৱাই চাকৰি বজায় ৰখা ) দেশছানি পেলাইছে— এই ধাৰণাই আমাৰ মনত শিপাইবহিছে যে আমি আৰু একো কৰিব নোৱাৰোঁ। আমাৰ আৰু একো কৰিবলগীয়া নাই, মাথোঁ মাজে মাজে শ্ল'গান দিম আৰু ‘গৰিহণা’ দিম আৰু লাইট নুমাম, আমাৰ এইবোৰ কুচ–কাৱাজ দেখি চৰকাৰে বিদেশী খেদি দিব। অৰ্থাৎ, আমি সকলো পাবৰ চেষ্টা কৰিছোঁ ভুৱাৰ মাজেদি আৰু দুৰ্বলতাৰ স্থিতিৰ পৰা। সেইটো কেতিয়াও নহ’ব। ভুৱা সকলোৱে বুজি পায় ( অমুক তাৰিখৰ পৰা ছা. স. ই নিজেই বিদেশী চিনাক্তকৰণ আৰম্ভ কৰিব বুলি চৰকাৰক ভুৱা ভাবুকি দিয়াৰ কথা কি চৰকাৰৰ মনত নাই? ), [ ৫৫ ] আৰু দুৰ্বলক কোনেও গ্ৰাহ্য নকৰে, অইন সকলো জাতিয়ে সেই কথা জানে ( ব্ৰিটিছ পৰিচালকে গান্ধীক মহামানৱ সাজি তেওঁৰ ‘অহিংসা’ দেখুৱাই ছবি কৰিছে, কিন্তু তেওঁ নিজে ব্ৰিটিছৰ হৈ যুদ্ধলৈ গৈছে, “গান্ধী” ছবি চাই কোনো জাতিয়ে আত্মৰক্ষাৰ সকলো অস্ত্ৰ-শস্ত্ৰ পেলাই দি ৰামধুন গাবলৈ বহি যোৱা নাই— আৰু, প্ৰসংগতঃ, এইছবিত আমি কথা নাপাওঁ যে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গান্ধীয়ে ভাৰতবাসীক বাধা দিছে, কিন্তু ইপিনে ব্ৰিটিছক যুদ্ধ কৰিবলৈ টকা-পইচা আৰু সৈন্য-সামন্ত যোগাৰ কৰি দিছে! ) কিবা কৰিব খুজিলে কৰিব লাগিব সবলতাৰ স্থিৰি পৰা। এই সবলতা, জোৰ, শক্তি, বহু দিশৰ পৰা আহিব পাৰে, তাৰ ভিতৰত অন্যতম হ’ল অৰ্থনৈতিক শক্তি—এটা জাতিৰ পাৰ্মাণৱিক শক্তিতকৈ অৰ্থনৈতিক শক্তি বহুগুণে প্ৰবল ( আৰু আত্মৰক্ষাৰ এটা ঘাই আহিলা৷ পৰাক্ৰমী জাতি ব্ৰিটিছ হ’ল মূলতঃ বেপাৰী জাতি, আৰু তেওঁলোকৰ শ্ল’গান হ’ল “ব্ৰিটিছ বস্তু কিনক ( Buy British )”. সেয়ে আমি সকলোৱে স্বাধীনতা আন্দোলনক স্বাগত জনাইছিলোঁ আৰু লগতে সমবায় আন্দোলনৰ গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়াইছিলো, কিয়নো ই—“অসমকবৃহৎ শিল্পগোষ্ঠীৰ ঔপনিৱেশিক শোষণৰ পৰা ৰক্ষা কৰাৰ অন্যতম ( হয়তো একমাত্ৰ? ) উপায়”। পুনৰাবৃত্তি বিৰক্তিকৰ, কিন্তু তথাপি আকৌ এই সন্দৰ্ভত পুৰণি প্ৰবন্ধৰ উদ্ধৃতি টানিবলৈ পঢ়ুৱৈয়ে আমাক অনুমতি দিয়ক :

 .........অকল ব্যৱসায়-বাণিজ্যৰ কথাকেই যদি ধৰোঁ, বন্ধ আৰু সত্যাগ্ৰহ, বিক্ষোভ, ১৪৪ ধাৰা, কাৰ্ফিউ, ধৰ-পাকড় আদিৰ ফলত কিমান খিলঞ্জীয়া ক্ষুদ্ৰায়তন উদ্যোগ আৰু বেপাৰী যে ক্ষতিগ্ৰস্ত বা একেবাৰে ধ্বংস হৈ গৈছে তাৰ হিচাব কৰা টান। গুৱাহাটীৰ কিছুমান ৰাস্তাত কেইবাখনো সৰু সৰু স্থানীয় মানুহৰ দোকান লোকচান ভৰি ভৰি উঠি যোৱা আমি নিজে দেখিছোঁ, আৰু সেইবোৰৰ ঠাইত বাংলাদেশী বেপাৰী ভৰি পৰিছে। অৰ্থাৎ, অন্তহীন আৰু উদ্দেশ্যহীন বন্ধৰ ফলত খিলঞ্জীয়া উদ্যোগৰ ক্ষতিতো হৈছেই, ওলোটাই বিদেশীৰ প্ৰাধান্য বাঢ়ি গৈছে ( আৰু [ ৫৬ ] বাঢ়ি গৈ আছে )। “বন্ধ” মানে হ’ল স্থানীয় উদ্যোগৰ মৃত্যু আৰু গাঁৱে-ভূঞে অত্যাচাৰ, ধৰ্ষণ, গুলি, কুমলীয়া ল’ৰা হত্যা.... (এইবোৰৰ) ফলত ইমানদিনে যি ঘটিছে সেয়া আন্দোলনৰ লক্ষ্যৰ ঠিক বিপৰীত— বাংলাদেশী এটাও কমা নাই, বাঢ়ি গৈছে.... সেয়ে, ‘আছু’ আৰু অ.স.প.লৈ আমাৰ অনুৰোধ, তেওঁলোকে এইবোৰ নিষ্ফল কাৰ্যপন্থা আৰু দমন-দুৰ্গতিৰ মাজলৈ ৰাইজক ঠেলি নিদি তেওঁলোকেই হাতত লোৱা গঠনমূলক কাৰ্যাৱলীৰে আন্দোলন চলাই নিয়ক, যেনে— ( আশু প্ৰয়োজনীয়ৰ ভিতৰত )ঃ ( ক ) অসমীয়া বিৰোধী/বাংলাদেশী দোকান-পোহাৰ বৰ্জন ( নিতান্ত এৰাব নোৱৰা অৱস্থাত বাদে ) ( খ ) বাংলাদেশী বনুৱাক (ঘৰৰ কামত, খেতিৰ মাটিত, দিন হাজিৰা আদিত ) বৰ্জন ( গ ) বিদেশীক মাটি বিক্ৰী কৰা/লীজ দিয়া বন্ধ/বিদেশীৰ হাতলৈ যোৱা মাটি যথাসম্ভৱ পুনৰুদ্ধাৰ (ঘ) অসমবিৰোধী কাকত/আলোচনী বৰ্জন, ইত্যাদি ( এইবোৰ ..... সৰ্বজনস্বীকৃত পৰামৰ্শ )। অন্ততঃ এইখিনি কৰিব পাৰিলেই ছমাহৰ ভিতৰত আমি দেখিম যে বুজন পৰিমাণৰ বিদেশী কমি গৈছে— আৰু ৰাইজে এইবোৰ কৰিব, যদি ছাত্ৰ সন্থা আৰু গ.স. পৰিষদে ৰাইজক আহ্বান দিয়ে, কিয়নো তেওঁলোকৰ ওপৰত ৰাইজৰ আস্থা এতিয়াও অটুট আছে.....”

 আজি অৱশ্যে সেই আস্থা— অন্ততঃ আমাৰ নিজৰ— তেনেদৰে আৰু অটুট নাই, ‘স্বাৱলম্বী আন্দোলনো অন্যান্য ‘চাৰ্কাছ’ৰ দৰে ফাক্কা আৱাজত লীন গৈছে, কিন্তু সঁচাকৈয়ে কিবা কৰাৰ আন্তৰিকতা থাকিলে তেওঁলোকৰ এতিয়াও ৰাইজৰ আস্থা পুনৰুদ্ধাৰ কৰাৰ সময় আছে। কথাই-অকথাই পঢ়া-শুনা, ব্যৱসায়-বাণিজ্য, যানবাহন সকলো ‘বন্ধ’ কৰি শ’গান দি থাকিলে বিদেশী বহিষ্কৃত নহয়, এই কথা আমি কেতিয়া উপলব্ধি কৰিম? কেতিয়া উপলব্ধি কৰিম যে বিদেশীৰ আগমন আৰু আধিপত্য বন্ধ কৰিবলৈ হ'লে আমি নিজে কাম কৰিব লাগিব, ব্যৱসায়-বাণিজ্য আমাৰ নিজৰ হাতলৈ আনিব লাগিব, আমাৰ খেতি আৰু মাটি আমাৰ নিজৰ হাতত ৰাখিবই লাগিব, বিশেষকৈ আমাৰ আপুৰুগীয়া মাটি?