কৰু হৰি বিৰিন্দা বিপিন বিহাৰা

ৱিকিউৎসৰ পৰা

<poem>

                                   ।।ৰাগঃ বসন্তঃ ৰক্ততাল।।
                         ধ্ৰুং|| কৰু হৰি বিৰিন্দা বিপিন বিহাৰা| সকল সুৰাসুৰ,
                                মুনিগন চাৰণ, চৰণ ধিয়াৱত যাৰা||
                        পদ।। আভীৰ বালক মেলে        গোসাঞী খেলান খেলে
                                        কালিন্দী পুলিন নিকুঞ্জে|
                                শ্যামল সুন্দৰ তনু        ৰঞ্জিত কৰে বেণু
                                        কৰ্ণ বিভূষিত গুঞ্জে||
                                কুন্দ কুমুদ কেলি        কদম্ব কুসুম লতী
                                        মালতী অঙ্গ পৰি মালা|
                                কৰু অঙ্গ বিভূষিত        চুম্বিত মধুকৰ
                                        সুন্দৰ মদন গোপালা||
                                গোধূৰী ধূসৰ কায়        কঞ্জ নয়নে চায়
                                        চান্দ বয়নে বেণু বায়||
                                উৰে হীৰ হেম হাৰ        ৰঞ্জিত বনমালা
                                        লহু লহু পঞ্চম গায়||
                                মৃদু পদে মঞ্জীৰ        জুৰয় ত্ৰী গম্ভীৰ
                                        ধীৰ গমন গতি ধাই|
                               গোপী কুচ কুঙ্কুম        ৰঞ্জিত পদ যুগ
                                        ৰাজীৱ অধিক সুহাই|
                                সকল কলা ৰস        নাগৰ সাগৰ
                                        সুৰ শেখৰ যদুৰায়|
                               তযু পদ পঙ্কজ        মধুকৰ মতিহীন
                                       দীন মাধৱে গুণ গায়||