কৰত গোপাল ভোজন ব্যৱহাৰ
অৱয়ব
<poem>
।।ৰাগঃ বসন্তঃ তালযতি।।
ধ্ৰূং|| কৰত গোপাল ভোজন ব্যৱহাৰ| গোপ বালক সৱ, চৌভিতি বৈঠল, পঙ্কজ পত্ৰ আকাৰ||
পদ।। তাসু মাঝে নন্দসুত বিৰাজিত পঙ্কজ কেশৰ সমান| কুসুম পাষাণ পাত্ৰ ফল পল্লৱ কৰু বহু পাত্ৰ বিধানা|| তাসু উৱৰে থাপি অন্ন ব্যঞ্জন বহু ৰস চাৰু সুগন্ধি| দধি দুধ লৱণু চোৰ চাতুৰি ৰসে ভোজন কৰত আনন্দী|| বাম কাখে শিঙ্গা বেত বেৰটিমহ মোহন বাংশী বিৰাজে| বাম পাণি তলে থাপি আন্ন ব্যঞ্জনে ভোজন কৰত যদুৰাজে|| সুহৃদ সৱক হৰি বহু ৰসে আনন্দে ৰঞ্জত হাস পৰিহাসে| কতিহো কৰতালি বাৱত গাৱত কতিহো নাচত লয়লাসে|| সকল যজ্ঞৰ ভাগ ভোজন কৰত যোহি তাসু কাত ফল দানা| সোহি মহেশ্বৰ ভোজন কৰত বনে ওহি নিগম পৰমাণা|| গগনে দেৱতাগণে ৰঙ্গ দেখত শিৰে বৰিষত কুসুম অপাৰা| মাধৱ মুৰুখ মতি জনমে জনমে গতি হৰি পদ পঙ্কজ হামাৰা||