কানু ভাল মুৰতি মাধুৰী
।।ৰাগঃ শ্ৰী।। একতাল।।
ধ্ৰুং।। কানু ভাল মূৰুতি মাধুৰী।
এক সঙ্গে চুড় কৰে বিধিৰ চাতুৰী।।
পদ।। শ্যামতনু শোহে চাৰু কাচ ঢল ঢল।
দেখিয়া মুদ্ৰিত ভয়ো নীল উতপল।।
গগনে অথিৰ চান্দ কানু মুখ দেখি।
পঙ্কজ ৰহিল জলে নয়ন নিৰেখি।।
পীত বসন শ্যাম শৰীৰে বিৰাজে।
বিজুলী চঞ্চল ভয়ো নীল মেঘ-সাজে।।
সুৱলিত ভুজযুগ দেখি লাজ পায়া।
পাতাল ভিতৰে ৰৈল বাসুকী লুকায়া।।
ৰূপেৰ মাধুৰী ত্ৰিভুৱন শান্ত কৰে।
অমৃত লুকাইয়া ৰৈল দুৰ্গম সাগৰে।।
কানুৰ উপমা দিতে পাৰে কেবা জন।
কহয় মাধৱ গতি নন্দেৰ নন্দন।।