কানু সাজে কানু সাজে
।।ৰাগঃ সিন্ধুৰা।। তালঃ পৰি।।
ধ্ৰুং।। কানু সাজে, কানু সাজে।
শিঙ্গাৰ নিস্বান বাজে।।
পদ।। নিশি অৱসানে বংশীৰ নিস্বানে
ডাকয় শ্ৰীগোপালে।
ভোজন সম্ভাৰ লৈয়া বাইসৱ
সাজিয়া আইস সকলে।।
আজু বন-মহ কৰব ভোজন
জানিয়া শিশুসকলে।
কৰিয়া যতন সাজি দধি অন্ন
আইল সৱে কুতূহলে।।
গাৱে গাৱে বত্স অনেক সহস্ৰ
চলাৱে গোৱালগণে।
কৃষ্ণৰ অসংখ্য বত্স বাণ্টি লৈয়া
চলি গৈলা বৃন্দাবনে।।
শিঙ্গা-বাঁশী-বেত পীত ধড়া নেত
গুঞ্জা গেৰু মৈৰা-পাখি।
নটবৰ জিনি সাজে যদুমণি
চলে বনে বত্স ৰাখি।।
হাসিয়া মোহন বাঁশীটি বাজাৱে
গোপাল বালক সঙ্গে।
ৰূপে কোটি কাম জিনি বহু ৰসে
খেলান খেলায় ৰঙ্গে।।
যাক ব্ৰহ্মজ্ঞানী ব্ৰহ্ম বোলে দাস
বোলয় পৰম দেৱ।
মায়া বিমোহিত বোলে নন্দসুত
ব্ৰহ্মা কৰে যাক সেৱ।।
অনেক জনমে যোগেশ্বৰৰো যাৰ
নপাৱে পদ-ধলাক।
কহয় মাধৱ আঁখিৰ গোচৰে
ব্ৰজবাসী দেখে তাক।।