কমলনয়নকে আজো পেখলোঁ মাই
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
।। ৰাগঃ গৌৰী।।
ধ্ৰুং।। কমলনয়নকে আজু পেখলোঁ মাই
গোৱিন্দ পেখিতে নয়ন জুৰাই।
শ্যামল অঙ্গে পিশঙ্গ পিছোৰা
ময়ূৰ মুকুট বনায়।।
পদ।। মৃগমদ মলয়জ মিলিত বহু-ভাজিত
চন্দন অঙ্গে চৰায়।
হেমজড়িত বহু ৰতন বিভূষণ
হৰষে চলয়ে যদুৰায়।।