কদম্ব তলে সই শ্যামল সাজ
অৱয়ব
<poem>
।।ৰাগঃ তুড় ।। ভাটিয়ালীঃ তালযতি।।
ধ্ৰূং|| কদম্ব তলে সই শ্যামল সাজে| বয়ন হৰি চান্দ সূৰুয লাজে||
পদ।। নীল কুন্তলে বান্ধিছে জুড়া| চৌভিতি লুলে ময়ুৰ পুচ্ছ চুড়া|| মালতী মালা চাৰু শোভিত মাথে| গেণ্ডুৱা লুম্ফি লুম্ফি ধৰয় হাতে|| বলাইৰ হাতেৰ খসি গেণ্ডুৱা পড়ে| হাসিৰ খলখলি অধিকে চড়ে|| পানীৰে যাইতে সই দেখিলোঁ গিয়া| কৌতুকে হিন্দোল পাড়ে হামাৰ হিয়া|| অমিয়া ঝুৰে ধাৰে কানাইৰ ভাৱে| কতনা মাধুৰী আছে কালিয়া গাৱে|| হামাৰ কৰম ফলে মিলাইছে বিধি| কহয় মাধৱ হৰি প্ৰেমেৰ নিধি||