আলো সোই দেখ সোই বিহাৰে চলিয়া কানু
।।ৰাগঃ মল্লাৰঃ ৰক্ততাল।।
ধ্ৰুং|| আলো সোই, দেখো সোই বিহাৰে চলিয়া আছে কানু|
শ্যাম তনু শোহে জিনি কোটি কোটি ভানু||
পদ।। আভীৰ বালক পাছে আগে চলে ধেনু|
সুচান্দ বয়নে বায় সুমধুৰ বেণু||
অৰুণ অপাঙ্গে চায় মধুৰ হাসিয়া|
বাংশীৰ স্বৰে ঝুৰে ধাৰে সুৰস অমিয়া||
কোটি গজৰাজ জিনি চলে ধীৰে ধীৰে|
কতনা মাধুৰী আছে কলিয়া শৰীৰে||
চৌভিতি বালক চলে জয় জয় ৰোলে|
কানাইৰ কৌতুক ৰঙ্গে হৃদয় হিন্দোলে||
শ্যাম সুমধুৰ কোন বিধি নিৰমিল|
দেখি লাজে হৃদি মাজে কাম লুকি দিল||
কহয় মাধৱ শুন গোৱালৰ জীৱ|
ওই শ্যাম গুণনিধি জগতৰ জীৱ||