আমাৰ চিনাকি তচদ্দুক/প্ৰচ্ছদৰ আলোকচিত্ৰৰ কথাৰে

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]
 

প্ৰচ্ছদৰ আলোকচিত্ৰৰ কথাৰে……

 

কেইবছৰমানৰ আগৰ কথা।

তচদ্দুক ইউছুফৰ ফটো কেইখনমান তুলিছিলোঁ। তাৰে একোটিকৈ কপি তেখেতক দিওঁ বুলি গৈ থাকোঁতে বাটতে পালোঁ প্ৰবীণ সংগীতজ্ঞ শ্ৰীযুত বিবেকানন্দ ভট্টাচাৰ্য্যদেৱক। শ্ৰীযুত ভট্টাচাৰ্য্য বাপুদা মানে তচদ্দুক ইউছুফৰ ভাল বন্ধু। তেখেতে ফটোকেইথন চালে। এই কিতাপখনৰ প্ৰচ্ছদত ব্যৱহাৰ কৰা ফটোখন চাই তেখেতে মন্তব্য দিছিল: এই ফটোখন মই বেয়া পাইছোঁ। বাপুক বৰ ৰাফ্ যেন দেখা হৈছে। বাপু আচলতে বৰ কোমলহে। বাপুদাই কিন্তু আকৌ সেই ফটোখনহে বৰ ভাল পাইছিল। কৈছিল: ফটোখনত মোৰ চৰিত্ৰটি আছে। I am not what I am. ছেক্সপিয়েৰৰ এই সংলাপটি তুমি জানা? মই বাহিৰত যি আচলতে ভিতৰত তেনে নহয়।

তাৰ পিছত বাপুদাই মোৰ লগত কেইবা ঘণ্টাও একেৰাহে কথা পাতিছিল। সঁচা কথাত কথা পতা নাছিল, বাপুদাই কেৱল কৈ গৈছিল। তেখেতৰ মনৰ গহীন কোঠাৰ দুৱাৰবোৰ এখন এখনকৈ খোল খাই গৈছিল।
[  ] I am not what I am.

ছেক্সপিয়েৰৰ অত্যন্ত নিষ্ঠুৰ অথচ বাহিৰত অতি ভদ্ৰ মানুহ হিচাপে থকা ইয়াগো চৰিত্ৰটিয়ে এই সংলাটি যিটো অৰ্থত কৈছিল— কোৱা বাহুল্য বাপুদাৰ ক্ষেত্ৰত এই সংলাপটিৰ অৰ্থ আছিল সম্পূৰ্ণ বিপৰীত মেৰুৰ। অথচ দুয়োজন মানুহৰ মাজত কি এক ‘বৈসাদৃশ্যৰ মাজৰ সাদৃশ্য’!

সোণালীখিনি মচি নিদিবা,
বুকুজুৰি বৈ থাকক…

হীৰেন ভট্টাচাৰ্য্যৰ এই কবিতাটি আবৃত্তি বাপুদাৰ (যিটো বাপুদাৰ খুব প্ৰিয় আছিল) বহুবাৰ শুনিছোঁ— কেতিয়াবা বন্ধ কোঠাৰ খিৰিকীৰ মাজেৰে বৈ অহা জোনাকত, কেতিয়াবা জোনাকি ধবল নিশা। কলঙৰ দলঙত থিয় হৈ হৈ।

বাপুদাৰ জীৱনৰ ‘সোণালীখিনি’ তেওঁৰ গুণমুগ্ধ সকলৰ মনৰ পৰা কোনেও মচি দিব নোৱাৰে; ই বুকুজুৰি বৈয়েই থাকিব আৰু তাৰেই এক অকিঞ্চনমূৰ্ত প্ৰকাশ ‘আমাৰ চিনাকি তচদ্দুক।’ শিক্ষাৰ পূৰ্ণতাত বিশ্বাসী, বহু প্ৰতিভাৰ অভিজাত গৰাকী তচদ্দুক ইউছুফৰ গুণমুগ্ধ ‘বিস্ময়’ আৰু ‘ৰংঘৰ’ৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে বাপুদাৰ প্ৰতি সম্মান জনোৱাৰ এক নম্ৰ প্ৰয়াস এই [  ] সামান্য পুথিখন। বাপুদাৰ জীৱন, হৃদয় আৰু প্ৰতিভাৰ এটি সাধাৰণ ধাৰণা আংশিকভাৱে হলেও এই পুথিখনে দিব পাৰিলেই আমাৰ আটাইৰে শ্ৰম সাৰ্থক হোৱা বুলি আমি ভাবিম।

তিনিটা প্ৰৱন্ধ সংগ্ৰহৰ ক্ষেত্ৰত সহায় কৰি দিয়া বাবে হেমন্তকুমাৰ দাস, কুমাৰ ৰাঘবেন্দ্ৰনাৰায়ণ দেৱ আৰু ব্ৰহ্মপুত্ৰ নিউজ এণ্ড ফিচাৰছ্ ছাৰ্ভিছৰ ওচৰত আমি কৃতজ্ঞ। ‘মানুহৰ জীৱনটো ভগৱানে সোণালী আঙুলিৰে লিখা সাধুকথা মাথোন।’ বাপুদাৰ অকাল বিয়োগত আমি সিক্ত হৃদয় আৰু শুকান চকুৰে এই বুলিয়েই সান্ত্বনা লভিছোঁ।

উৎপল দত্ত ॥ ১০ অক্টোবৰ ’৮২ ॥

 
[  ]
 

ৰূপালী ৰং চুলিত লাগিছে
বেয়া নেদেখি লাগক;
সোণালীখিনি মচি নিদিবা
বুকুজুৰি বৈ থাকক।

— হীৰেন ভট্টাচাৰ্য্য

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।